ৰ'দমালিতা
ৰ''দমালিতা
আজিও নহ'ল বাটিবলৈ বিচৰা দহি
ৰ'দে খাওঁ খাওঁ কৰে
বতৰেও নিজৰ কাম নেৰে
ঋতু অনুসৰি কাম
বতৰৰ নাই কতো দাম
বীজ অনুসৰি ফল
বাঢ়ে মানুহৰ একলা -দুকলা ৰং
নদাই ভদায়ে কি কৰে
নৰকে সেয়া লৈ মূৰ ঘমোৱা নাই
চিত্ৰগুপ্ত আজি সাজু
ৰ'দে এছাতি আহিব
যদুহঁতৰ চিৰালফটা মাটি জীপ পাব
শুকান মুখে সেউজ সংকেত পাব
বৰষুণৰ জাক এটাৰ আগতেও বিজুলী ঢেৰেকনিয়ে আগজাননী দিব
এদিন লুটি পুতি খোৱা কেইটায়ো বুজিব
মাটিখিনি ম্যাদী
তেজখিনি ৰঙা
প্ৰয়োজন দুহাত এবেগেত
মই এতিয়া যিকোনো কথাতে মন বেয়া কৰা নাই
আগতে যি হৈ আছে
আগলৈ যি হ'ব
এতিয়াৰ পৰা প্ৰস্তুতি দৰকাৰ
এই কথা অন্ততঃ কৰ্মই শিকাই
এতিয়ালৈকে ময়ো অন্ততঃ মোৰ দৰে গৈ থাকিম
ৰাজেন দাস
বেলগুৰি
ফোন -৯১০১২২১৪৩৬
https://axomkabyakanan.blogspot.com/2025/07/blog-post_19.html
প্ৰকাশ পালে
পষেকীয়া কাব্যকাননৰ
অষ্টম বৰ্ষৰ সপ্তম সংখ্যা
অনুগ্ৰহ কৰি লিংকটো ভাগবতৰা কৰি
নিজে পঢ়াৰ লগতে
আনকো পঢ়ুৱাওক🙏
Comments
Post a Comment