Memory
ড° জ্ঞানদ্বীপ শইকীয়া ছাৰ আৰু ড° অমল চন্দ্ৰ দাস ছাৰলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।
ড° জ্ঞানদ্বীপ শইকীয়া ছাৰে-১নং কথা- ২০১৩ চনৰ কথা । মই ডিকেডি কলেজৰ নৰেন শৰ্মা পুথিভঁৰালৰ পৰা কেইবাখনো গ্ৰন্থ অধ্যয়নৰ বাবে আনিছিলোঁ। দিবলৈ পলম হৈ গৈছিল। কেইবাটকাও ফাইন লাগিছিল। ৭-৯ কিলোমিটাৰ চাইকেল কৰি আহোঁ মাত্ৰ মায়ে মই ক'ব নোৱৰাকৈ ১০টকা লৈ। কেতিয়াবা এই টকা পকেটতে থাকে। তেতিয়া মোক ছাৰে সহায় কৰি দিছিল। দুই নং কথাটো হৈছে আমাৰ কলেজত মই ২০২০ চনমানত অসমীয়া বিভাগত অংশকালীন অধ্যাপক হিচাপে কাম কৰাৰ সুবিধা লাভ কৰিছিলোঁ। সেইখিনি সময়তে ছাৰে মোক কলেজৰ কম্পিউটাৰৰ কোঠাত নেট/শ্লেটৰ প্ৰশ্ন আৰু জ্ঞানৰ আন আন দিশখিনি ডাউনলোড বা পঢ়িবলৈ এক সুবিধা কৰি দিছিল এই সহায় জীৱনত পাহৰিব নোৱাৰিম।
Comments
Post a Comment