নাটক আৰু পৰিৱেশন কলা কিতাপ অহা আগমুহুৰ্তৰ অনুভৱ
প্ৰত্যেকখন নতুন কিতাপ জীৱনৰ যেন একোটা অবিস্মৰণীয় মুহূৰ্ত্ত। এই অনাবিল সুখ একান্তই নিজৰ। নিজৰ মাজেদিয়েই ইতিবাচক সন্মোহনী শক্তিৰ দৰে আগন্তুক সময়ত প্ৰেৰণা জুকিয়াই ল'ব পাৰি। বহু কষ্ট হ'লেও গ্ৰন্থ সম্বন্ধীয় কিছুমান কাম কৰি থাকিব লাগিব। কামতেই যে অন্য এক বুজাব নোৱৰা আনন্দ। পাঠকসকলে এই আনন্দ আদৰি ল'লেই আমি পাম মহানন্দ। নাটক আৰু পৰিৱেশন কলাৰ দৰে পৰিৱেশ্যধৰ্মী গ্ৰন্থৰ পৰা গীত-নৃত্য-বাদ্যৰ সুষম সমাহাৰে যেন হৃদয়তন্ত্ৰত ঝংকাৰিত কৰে। তেনে বিষয়-বস্তুৰ সংপৃক্তৰে আমাৰ এই নিবেদন।
ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি অসমৰ বিশিষ্ট ব্যক্তি, গৱেষকৰ পৰা লেখা সংগ্ৰহ কৰিছিলোঁ। লেখাখিনি গ্ৰন্থাকাৰে প্ৰকাশ কৰাৰ বাবে আগবাঢ়ি আহিল অসমৰ অন্যতম প্ৰকাশনগোষ্ঠী অসম বুক ট্ৰাষ্টৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ নিতুল নেওগ ডাঙৰীয়া। গ্ৰন্থখনৰ বেটুপাত অংকন কৰিলে অন্যতম শিল্পী পংকজ পৰাণদেৱে। গ্ৰন্থখনৰ সৈতে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত হৈ আমাক সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শ দি আগবঢ়াই বাধিত কৰা সকলোলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ ড° মমতা ঠাকুৰীয়া বাইদেউ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক হিমাক্ষী ডেকালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁ গ্ৰন্থখনৰ সকলো লেখা পঢ়ি দি বৰ্ণাশুদ্ধিত সহায় কৰিছিল। গ্ৰন্থখন পাঠকলৈ সজাই-পৰাই উলিয়াই দিবলৈ বৰ চেষ্টা কৰিলে। উদ্যমী মনৰ দিশটোৱে পুনৰ গ্ৰন্থৰ কাম কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিলে। মনৰ ধুনীয়া মানুহবোৰেই কাম এটা শেষ নোহোৱা পৰ্যন্ত লাগি থাকিব পাৰে সেয়েহে কয়-'লাগি থাকিলে মাগি নাখায়' কথাষাৰ যেন আকৌ প্ৰমাণিত হৈ পৰিল। মই এইটো ইতিবাচক দিশ বৰ প্ৰেৰণাদায়ক হিচাপে গ্ৰন্থসম্পাদক জীৱনত পালোঁ।
গ্ৰন্থখনৰ ক'ৰবাত ভুল বা অন্যান্য কাৰিকৰী দিশ ৰৈ যাব পাৰে সেইখিনি যোগাত্মক দৃষ্টিভংগীৰে সুধী সমাজে দেখুৱাই আমাক পৰৱৰ্তী সময়ত অধিক উৎসাহেৰে কাম কৰিবলৈ সাহস আৰু প্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ।
ৰাজেন দাস
গৱেষক ছাত্ৰ
অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
১৫-০৫-২০২৫
বৃহস্পতি বাৰ
https://www.facebook.com/100039475718404/posts/pfbid02rsZ6jvLncTVxBH5np3D4JvQpYvJz7mhDTSHUaHUoom4k4MLsqzskTuW7PBqr3EUGl/
Comments
Post a Comment