মোক...
মোক বিদায় নিদিবা
মোক বিদায় নিদিবা
কবিতাৰ পৰা অকবিতা কৰি
হাইঠাৰ পৰা কুলি-কেতেকী এৰি
মোক অৱহেলা নকৰিবা
দাষ্টবীনৰ জাৱৰ বুলি
মোৰ মৃত্যুত শোকস্তব্ধও হ'ব নালাগে
নালাগে বগা কাপোৰ খুলি
মই'টোক চাব
মাঁথো তুমি তোমাৰ হৈ থাকা
জুখি জুখি নিজৰ চেলাউৰি
লেখি লেখি ঘৰিয়ালৰ উচুপনি
মই লুইতেদি আহিলেও
তোমাক খবৰ নিদিও
নিদিও তোমাক চিনাকি মোৰে তেজী বুলি
তুমি মিত্যবিয়য়ীতাত থাকা
মুঠতে মই পিন্ধা কামিজলৈও
ৰ' লাগি নাচাবা
কাৰণ কি জানা,তোমাৰ জীৱনৰ
পৰা ৰ'দ-বৰষুণে বিদায় ল'ব
জ্বলি পুৰি ছাঁই হ'ব সেইদিনাৰ দৰেই স্বৰ্ণলংকা...
সঁচাকৈ কৈছোঁ
কিন্তু...
মোক বিদায় নিদিবা
শ্ৰী ৰাজেন দাস
ডিব্ৰুগড়
ফোনঃ ৯৯৫৪৯০০২১৪
Comments
Post a Comment