মন কথা Get link Facebook X Pinterest Email Other Apps April 06, 2025 মন কথা-০১ভিতৰৰ থকা এলেহুৱা মানুহটোক বৰ্জন কৰিব লাগিব বিশ্বাভিমুখী দিগন্ত প্ৰসাৰিত দৃষ্টিৰে তৰ্জন গৰ্জন কৰিবলৈ বিচাৰি থকা মানুহ টোক আগববঢ়াই দিবই লাগিব Get link Facebook X Pinterest Email Other Apps Comments
গ্ৰাহক June 05, 2025 তেওঁ আহিছে। লংপেণ্ট আৰু সেউজীয়া টি চাৰ্ট পিন্ধি আহিছে। সদায় মানুহ অনা-নিয়া কৰে। পুৱাই কিবা এটা খায়েই যাত্ৰা আৰম্ভ কৰে। পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব আছে। গা-পা ধুই আজৰি হৈ আহিছে। মুখত সৌন্দৰ্য। এমোকোৰা হাঁহি। মই লক্ষ্য কৰিছোঁ মানুহে কিমান কষ্টকৰ দিন পাৰ কৰে। তথাপি মনত আনন্দ। বৰ কষ্টসাধ্য কাম কৰিলেও মুখৰ পৰা বিলুপ্ত হোৱা নাই - আমি যামেই যাম মামৰ গাঁৱলৈ .... আমি যামেই যাম মামৰ গাঁৱলৈ... আজি অলপ দিন গৈছে। মই সেইখন অ'টত উঠিয়েই বৰ্ণমালালৈ যাওঁ। মই -দাদা,আপোনাৰ চালকৰ কাম কিমান দিন হৈছে। দাদা -ভালেকিবছৰ হৈছে। মই -পঢ়া-শুনা? দাদা-কি ক'বা অলপ কৰিলোঁ। এতিয়া লাজেই লাগে সংসাৰৰ মায়া-মোহ,জালা -যন্ত্ৰণাৰ পৰা আৰু বন্দি জীৱন মই -অ দাদা-কিন্তু সুখী আমি। আজি আকৌ গগৈ দাদা হোটেলত তেওঁক লগ পালোঁ। আঁতৰৰ পৰাই মাত দিলে - দাদা -ভাইটি কি খবৰ মই -ভাল, ভাল দাদা -সিদিনা প্ৰশ্ন ধেৰ শুনিছিলা। মই -হা হা,অ দাদা -পিছে মনত ৰ'ল নে নাই। মই -অলপ অচৰপ দাদাই ৰুটি ভাজি ,কিমা খাবলৈ আহিছে। দাম কিমান মিলাই-৪৫ টকা দাদা -খুৰী, পুৰি দিয়ক খুৰী-অ,বহাচোন,দি আছোঁ। দাদাই বহি ল'লে মই ভা... Read more
Curious October 07, 2023 আপুনি মই আজি কিমান কিউৰিয়াছ, এতিয়া প্ৰকৃতিৰ শান্ত সমাহিত গতিৰ পৰাও গতি ,এই সোণৰ দলিচা সদৃশ শেতেলী বনত তনমন থৈ জিও জিও কৈ জুৰায় ল'ব পাৰি ইহঁতে স্পেছ নাজানো,নাজানো গাফিলতিৰ অংক মাথোঁ ৰিবৰিবিকৈ বলি থাকিব জানে, সেউজ সংকেত হৈ, আৰু এপল দুপলকৈ প্ৰতিপলে অনুপলে নদীৰ গতি চলমান হৈ থাকিব খোজে,ফৰফৰীয়া আকাশে-বতাহে ,হাউলি পৰিব ধৰা গছৰ শিপাই খামোচ মাৰি হ'লেও সংগ দিব তৰু-তৰুণ তোমাক মোক আপোনাক,নাইবা আন কাৰোবাক,মানে বাটৰুৱাক,ঘাটৰুৱাক,নাৱৰীয়াক,খোজনীয়াক... (শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক ৰত্না ভৰালী তালুকদাৰ বাইদেউলৈ) Read more
ভাষা January 22, 2025 গুৰুত্বপূৰ্ণ প্ৰশ্ন বা,বৰ ধুনীয়া লেখা। মই ভাবোঁ যে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিব লাগে। ৰজাঘৰে নিশ্চিতভাৱে সাৰ পাব। আজিকালি নিজৰ ভাষাৰ সৈতে আন ভাষাৰ শব্দ ,বাক্য মিশ্ৰিত কৰি কোৱা প্ৰৱণতাও বৃদ্ধি পাইছে। নিজৰ ভাষাটোক নিজে বচাবলৈ নিজৰ ঘৰৰ পৰাই জানো কঁকালত টঙালি বান্ধিব নালাগিব। এতিয়া চাব দেই অসমীয়া ভাষা(লিপি)ৰ বাবে বহু কীবৰ্ড অসমৰে ব্যক্তিসকলে কষ্ট স্বীকাৰ কৰি নিৰ্মাণ কৰিছে। সেইখিনি শুদ্ধ প্ৰয়োগ কৰি মাতৃভাষাত ভাব বিনিময় কৰাত কি লোকচান। সৰু উদাহৰণ -০১.আপুনি নিজৰ সন্তানক ইংৰাজী ভাষাৰ মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাই শিৰফুলা বক্তৃতা ৰাখিও বৰ বিশেষ আমি উপকৃত হ'ম জানো? উদাহৰণ -০২,এগৰাকী কৈছে ইংৰাজীত টাইপিং কৰিলে ভুল হোৱাৰ সুবিধা কম। তাতোকৈ নিজৰ ভাষাৰ কীবৰ্ড প্ৰয়োগ কৰি ভাষাটোক শ্ৰীবৃদ্ধি নকৰে কিয়? নে এলাহ? এলেহূৱা হৈ কিয় জীৱন ধৰিছা,দহজনে পাৰে যিটো... Read more
Comments
Post a Comment