মই লিখা শ্ৰদ্ধাঞ্জলি

 অসমৰ সাহিত্য জগতৰ এগৰাকী পুৰোধা ব্যক্তি তথা বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহা। শংকৰী সংস্কৃতিৰ অধ্যয়ন,শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য,

মাধৱদেৱ অধ্যয়নৰ ভূমিকা,

মহাপুৰুষীয়া ধৰ্ম ৰুক্মিণী হৰণ নাট ইত্যাদি গ্ৰন্থৰে সাহিত্যজগত সমৃদ্ধ কৰিছে । অসম চৰকাৰৰ 'শ্ৰীমন্ত শঙ্কৰদেৱ বটা' লাভ কৰা তেওঁ অসমীয়া ভাষাৰ উপৰিও ইংৰাজী আৰু সংস্কৃত ভাষাতো সাহিত্য চৰ্চাৰে অৱদান আগবঢ়ায়। অসমীয়া লোকসাহিত্যৰ বিশেষকৈ মৌখিক গীত মাতৰ এক গুৰুত্বপূৰ্ণ সংকলন 'অসমীয়া আখ্যান-গীত ' তেখেতৰ এক উল্লেখযোগ্য কৃতি।

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ'ৰাৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা