কাচি-দঁৰীয়াৰ বাতৰি মই কৰা

 আজি ইং ০৫/০৯/২০২৩ অসমীয়া বিভাগৰ বিভাগীয় চ'ৰা আৰু গৱেষক চ'ৰাৰ উদ্যোগত ইন্দিৰা মিৰি সভাগৃহত শিক্ষক দিৱস উদযাপন কৰা হয়৷ বিভাগীয় প্ৰধান ড° সুবাসনা মহন্তই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে৷ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ড° কৰবী ডেকা হাজৰিকা, ড° ভীমকান্ত বৰুৱা, ড° নৱ কুমাৰ সন্দিকৈ অনুষ্ঠানটোত উপস্থিত থাকে৷ অনুষ্ঠানটোৰ আদৰণী ভাষণ প্ৰদান কৰে সহকাৰী অধ্যাপক ড০ জিতু বড়াই৷ অসমীয়া বিভাগীয় চ'ৰা আৰু গৱেষক চ'ৰাৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু সকলক একোখনকৈ গামোচা, গ্ৰন্থৰ টোপোলা আৰু সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰা হয়৷ ড° কৰবী ডেকা হাজৰিকা, ড° ভীমকান্ত বৰুৱা, ড° নৱকুমাৰ সন্দিকৈয়ে নিজৰ বহুমূলীয়া বক্তব্য আগবঢ়োৱাৰ লগতে বিভাগৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে৷ অধ্যাপক নগেন শইকীয়া ছাৰে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাটি পাঠ কৰে যদুমণি গগৈয়ে৷ অসমীয়া বিভাগৰ শিক্ষক দিৱসৰ অনুষ্ঠানটিৰ লগতে সংগতি ৰাখি বিভাগৰ গৱেষক ৰাজেন দাসে ৰচনা কৰি উলিওৱা “কাঁচি-দৰীয়া" উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই৷ উক্ত গ্ৰন্থ খন অসমৰ এটি অন্যতম প্ৰকাশন গোষ্ঠী আভা প্ৰকাশনৰ পৰা প্ৰকাশিত হৈছে। উন্মোচনী বক্তব্য প্ৰদান কৰি তেখেতে নতুন ঔপন্যাসিক গৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে৷ কাচি-দঁৰীয়া শব্দটোৰ সম্পৰ্কে কৈ উপন্যাস খন জীৱনৰ ঘাট-প্ৰতিঘাট,ক'লা-বমা এই দিশখিনি স্পষ্ট হোৱাৰ দিশ থাকিব বুলি উল্লেখ কৰে। গুৰুত্বপূৰ্ণ দিশ এটি হৈছে উন্মোচকগৰাকীয়ে পূৰ্বে বিভাগত এনে গ্ৰন্থ উন্মোচন কৰা মনত নপৰে যদিও কবিতাপুথি উন্মোচন কৰাৰ দিশ উল্লেখ কৰে। নতুন লেখকজনে সাহিত্য চৰ্চা কৰা মন এটা, সাহিত্য চৰ্চা কৰি থাকে বুলি ও জানিবলৈ দি অদূৰ ভৱিষ্যতলৈ কলম চলাই থাকক বুলি উল্লেখ কৰে। তাৎপৰ্যপূৰ্ণ কথা যে স্বনামধন্য সাহিত্যিক ড °নগেন শইকীয়া আৰু ড° বসন্ত কুমাৰ শৰ্মা ই কাচি-দঁৰীয়া উপন্যাসৰ‌ প্ৰকাশিত হোৱা বুলি জানিব পাৰি ৰাজেন দাসলৈ শুভকামনা ভইছ অডিঅ' যোগেদি প্ৰেৰণ কৰে। আৰু এই অনুষ্ঠানতে বিভাগীয় প্ৰধান ড° সুবাসনা মহন্ত চৌধুৰী বাইদেৱে গৱেষণাৰ সমান্তৰালকৈ এনে গ্ৰন্থ ৰচনা কৰিছে বাবে উৎসাহিত কৰে। এই অনুষ্ঠানতে ৫০টা ভাষাত গীত গাই এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰা অসমীয়া ছাত্ৰী ডিকি সোণোৱালক সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানটিৰ আঁত ধৰে চিলমিল সপোন হাজৰিকা আৰু প্ৰিয়ংকা কলিতাই৷ সদৌশেষত বিভাগীয় চ'ৰা আৰু গৱেষক চ'ৰাৰ হৈ শলাগৰ জ্ঞাপন কৰে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা