সাৰাংশ
ঊনবিংশ শতিকাৰ নিৰ্বাচিত লোকসংস্কৃতিবিদৰ দৃষ্টিৰে লোক(Folk) ৰ ধাৰণা
সাৰাংশ(Abstract)
লোক শব্দই এক সংক্ষিপ্ত ৰূপৰ ধাৰণা প্ৰকাশ নকৰে। এক বহুল দিশেৰে আহি সাধাৰণ কৃষক, গঞা আৰু গ্ৰাম্য অঞ্চলৰ লোকক সামৰি লয়। অৰ্থাৎ ই এটা সামাজিক গোট গঠনত অৰিহণা যোগায়। এনে গোটত দুজনৰ পৰা আৰম্ভ কৰি ততোধিক বৈশিষ্ট্য থকা ব্যক্তিক সামৰি লয়। ৰীতি-নীতি, পৰম্পৰা, বিশ্বাস আদি দিশ অধ্যয়নৰ আওতালৈ আনোতে মৌখিক জ্ঞান, বস্তুগত জ্ঞান আৰু প্ৰথাগত জ্ঞান আদিক বিস্তৃত দৃষ্টিকোণেৰে লোককথাৰ শিল্পকৰ্ম ৰূপ বিবেচিত হ'ব পাৰে। লোক (Folk)ৰ ধাৰণাৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ বিশ্বৰ বহু লোক সংস্কৃতিবিদৰ চিন্তা চৰ্চাৰ অধ্যয়ন ক্ষেত্ৰলৈ আহিছিল আৰু লোকৰ ধাৰণাৰ গভীৰতা তেওঁবিলাকৰ ৰচনাৰাজিৰ অধ্যয়নৰ জৰিয়তে উপলব্ধি কৰিব পাৰি। আমেৰিকাৰ বিশিষ্ট লোক সংস্কৃতিবিদ এলান ডাণ্ডেজ(); যিজনে লোকৰ ধাৰণাৰ দিশত লোক শব্দৰ পূৰ্ণাংগ প্ৰস্তাৱ দিছিল। এইখিনি সময়তে মেক্সমুলাৰ,(), মাক্স এংগেলছ() উইলিয়াম জন থমচন(), জেকব গ্ৰীম(), উইলহেম গ্ৰীম, ৰুথ বেনেডিক্ট() ,খোজন কোডাল (), ভ্লাডিমিৰ প্ৰপ,()ডান বেন- আমোস (); আদিৰ উপৰি এই সময়ছোৱাৰ শেষৰ ফালে আণ্ডে লাং, এডুইন হাৰ্টলেণ্ড (), জৰ্জ ল'ৰেন্স গোম(), ব্ৰনিসল মলিনৱস্কি()ৰ দৃষ্টিভংগীলৈ আঙুলিয়াব পাৰি। তেওঁবিলাকৰ দৃষ্টি ভংগীত লোকৰ ধাৰণাই এক বহল পৰিসৰ লাভ কৰাই নহয় এক বিশেষ ৰূপত সাধাৰণ ৰায়তৰ পৰা চহৰৰ নাগৰিকলৈ ধাৰণাটো আগবঢ়ায় নিবলৈ সক্ষম হৈছে। আমাৰ আলোচনাত ঊনবিংশ শতিকাৰ নিৰ্বাচিত লোকসংস্কৃতিবিদৰ দৃষ্টিৰে লোকৰ ধাৰণাক কিদৰে উপস্থাপন কৰা হৈছে; সেই ধাৰণাক অসমৰ বৌদ্ধিক ক্ষেত্ৰৰ বিশেষকৈ লোক সংস্কৃতিবিদ চিন্তা-চৰ্চাকাৰীৰ আগ্ৰহান্বিত হোৱা মুষ্টিমেয়ৰ দৃষ্টিকো লক্ষ্য কৰি সেই সম্পৰ্কে গৱেষণা পত্ৰখনত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হ'ব।
Comments
Post a Comment