জোনাকৰ বাতৰি প্ৰস্তুত
বক্তৃতানুষ্ঠান
বিষয়ঃ আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ৷
বক্তাঃ প্ৰাধ্যাপক প্ৰাণজিৎ বৰা৷ সঞ্চালক, পদ্মনাথ গোহাঞিবৰুৱা মানৱিকী সত্ৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়৷
তাৰিখঃ ১৭আগষ্ট ২০২৩,বৃহস্পতিবাৰ
সময়ঃ আবেলি ৪.৩০ বজা৷
অসমীয়া বিভাগৰ বিভাগীয় চ'ৰা আৰু গৱেষক চ'ৰাৰ উদ্যোগত আয়োজন কৰা বক্তৃতানুষ্ঠানত 'আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতা বাদ' শীৰ্ষক বিষয়ত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখক-সাহিত্য সমালোচক, কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা মানৱিকী সত্ৰৰ সঞ্চালক তথা প্ৰাধ্যাপক ড° প্ৰাণজিৎ বৰাই৷ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ তেখেতে আধুনিকতাবাদ সম্পৰ্কীয় ধ্যান-ধাৰণা, আধুনিকতাবাদৰ উৎপত্তি সম্পৰ্কীয় কথাখিনি উপস্থাপন কৰে৷ অসমীয়া সাহিত্যলৈ আধুনিকতাবাদৰ আগমন, অসমীয়া সাহিত্যত উত্তৰ-আধুনিকতাবাদৰ অৱস্থিতি সম্পৰ্কেও তেখেতে আলোচনা কৰে৷ এই প্ৰসংগত তেখেতে উল্লেখ কৰে যে অসমীয়া সাহিত্যত উত্তৰ-আধুনিকতাবাদৰ অৱস্থিতি নাই বুলিয়েই ক'ব পাৰি৷ অসমীয়া সাহিত্যত উত্তৰ আধুনিকতাবাদৰ পৰিৱৰ্তে উত্তৰ আধুনিকতাবাদৰ কিছুমান 'টেকনিক' ব্যৱহাৰ কৰিহে সাহিত্য ৰচনা কৰা হৈছে বুলি উল্লেখ কৰে৷ এইক্ষেত্ৰত তেখেতে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ 'সত্যানুসন্ধান' খনক উদাহৰণ হিচাপে দাঙি ধৰে৷
এই মনোজ্ঞ অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া বিভাগৰ গৱেষক চ'ৰাৰ সম্পাদক শচীন শৰ্মাই৷ বিভাগৰ প্ৰাধ্যাপক শ্ৰদ্ধাৰ নীৰাজনা মহন্ত বেজবৰা বাইদেৱে অনুষ্ঠানটিত উপস্থিত থাকি হোৱা নিজৰ অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানটিত বিভাগৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ লগতে গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু আন আন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে৷ সদৌশেষত শলাগৰ শৰাই আগবঢ়ায় শচীন শৰ্মাই৷
Comments
Post a Comment