মই লিখা বাতৰি৪

 আজি ইংৰাজী ২-০২-২০২৪ তাৰিখে ড° নগেন শইকীয়াৰ পুথিভঁৰাল‌"বৰ্ণমালা" ত উদীয়মান লেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ৰাজেন দাস জীৱনৰ প্ৰথম খন প্ৰবন্ধ সংকলন " সাহিত্য অন্বেষণ" উন্মোচন কৰা হয় । অসমৰ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া ছাৰে উন্মোচন কৰে। উন্মোচন কৰি লেখকক অন্তৰৰ পৰা অভিনন্দন জনাই এইদৰে কয়-কিতাপখন সুন্দৰ হৈছে। জে.এছ পাব্লিকেচনলৈ ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰী সকলে পঢ়িব পাৰিব। লেখাবোৰ মূলৰ বহুত খা-খবৰ পাব আৰু পঢ়ূৱৈক মূল লেখাৰ ওচৰলৈ যাবলৈ সুবিধা হোৱাকৈ লেখকে বহু টোকা সংযোগ কৰি দিছে। অসমৰ বিভিন্ন কবি সাহিত্যিকৰ ৰচনাৰ দিশ আছে। পত্ৰ বিশেষ বিলাকৰ বিষয়ে আছে। লোক সংস্কৃতি,পুৰাকথা দিশ আছে। গতিকে এই কিতাপখনে কেইবাটাও দিশ ধৰি ৰাখিছে। আমাৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰেৰণা যোগাব। জে.এছ পাব্লিকেচন ৰ এই কিতাপখন সুন্দৰ হৈছে, কিতাপখন লিড হৈছে  । লেখকে বিশিষ্ট সাহিত্যিকগৰাকীলৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী জে.এছ. পাব্লিকেচনৰ সমূহ কৰ্ম-কৰ্তা, বিভিন্ন প্ৰকাৰে কিতাপখনৰ বাবে সহায় -সহযোগ তথা দিহা-পৰামৰ্শৰে আগবঢ়ায় নিয়া সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনায় । আৰু কিতাপখনত অনেক ভুল ৰৈ যাব পাৰে সুধি সমাজে সেইসমূহ দেখুৱাই আগবঢ়ায় নিব বুলি লেখকে আন্তৰিকতাৰে আশা কৰে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা