মই লিখা বাতৰি
আজি ইংৰাজী ২৯-১১-২০২৪ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰত বিদূষী মহিলা তথা ইংৰাজী বিভাগৰ প্ৰাধ্যাপক ড° অপৰ্ণা মহন্তৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা দুখনকৈ গ্ৰন্থ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকা, বিশিষ্ট সাহিত্যিক কৰবী ডেকা হাজৰিকা আৰু ডি ডি আৰ কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক জুনু মহন্তই উন্মোচন কৰে।
অসমৰ স্বনামধন্য সাহিত্যিক কৰবী ডেকা হাজৰিকা ই উন্মোচন কৰি অপৰ্ণা মহন্তৰ স্মৃতি সুঁৱৰি গ্ৰন্থদুখনৰ সম্পাদকদ্বয়ক আন্তৰিক অভিনন্দন জনায়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহ-প্ৰাধ্যাপক ড° স্বাতী কিৰণ আৰু তেওঁৰ মাতৃ তথা সু-লেখিকা,অনুবাদক মামণি গগৈ বৰগোহাঞিয়ে সম্পাদনা কৰা গ্ৰন্থ দুখন
অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী বনলতা ই প্ৰকাশ কৰি উলিয়ায় । গ্ৰন্থ দুখনৰ এখনত অপৰ্ণা মহন্তৰ সাহিত্য কৃতি আৰু আনখনত সমালোচকৰ দৃষ্টিৰে অপৰ্ণা মহন্তৰ সাহিত্যত অসমৰ বিদ্বান সমাজৰ ব্যক্তিৰ লেখাই প্ৰকাশ কৰি অসমৰ সমগ্ৰ নাৰী সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদন হৈছে বুলি উন্মোচকসকলৰ একাষাৰত উল্লেখ কৰিছে।
অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ সঞ্চালকসহ কেন্দ্ৰৰ শিক্ষক, গৱেষক আৰু অসমীয়া বিভাগৰ গৱেষক আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
Comments
Post a Comment