কৰ্ণ

 *কৰ্ণ* 


মোক উটাই দিলা 

কোনো কথা নাই 

কাৰ আশ্বাস সদিচ্ছা আছিল 


তুমি কিয় ইমান ভয় কৰিলা 

যদি ভয়েই আছিল 

প্ৰাৰ্থনা কি কৰিছিলা 

মোক মাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলা যে 

তেনেকৈ নাটক ৰচিছিলাই যদি যৱনিকা নেপেলালা কিয় 


নহয় তুমি বুজিব লাগিব 

কি

ধৈৰ্য ধৰা 

এতিয়া আৰু নধৰোঁ 

জীৱনে প্ৰতি সময়তে মোৰ স্থান নাথাকে কিয় 

কিয় মই বঞ্চিত 

কিয় মই প্ৰতাৰিত 

এই বঞ্চিত আৰু প্ৰতাৰিত ভাৰ তুমিও অলপ লৈ লোৱা 

কিন্তু নাভাবিবা মই দাঙিব শিল নোৱৰা শিল নাদাঙো বুলি 


ময়ো তোমাৰ দৰে অদ্ভূত শিল এটা জানো দাঙি থকা নাই 

দাঙিব লাগিব 

নহ'লে ভুগিব লাগিব 

ভুগিও আছোঁ অহৰ্নিশ


তুমি তোমাক পৰীক্ষা দি থাকা 

তেনে ভয় নকৰিবা 

ভিৰু নহয় 

নহ'লে চকুত ৰচি মাৰি 

চকুৰে নেদেখাকৈ সিদ্ধান্ত নলওঁ

নাপাহৰো বন্ধুৱে দিয়া মুকুট


বাৰু এতিয়া গুৰুৰ শিক্ষা লোৱা 

আৰু কামত লগোৱা 

মোৰ আশীৰ্বাদৰ হাতখন তোমাৰ কপালৰ কপালী হৈ থাকিব

সেয়া তোমাৰ মাতৃ তন্ত্ৰৰ 

এচপৰা জোনাক

গৈ আছোঁ 

যিমান পাৰোঁ 

ইমানবোৰৰ মাজত 

তোমাৰ অভাৱে কিয় কোঙা কৰে অন্তৰৰ নিৰ্দেশ 

নদীৰ পাৰৰ জুৰোৱা বতাহে যিমান শীতলি বতাহ দিয়ক 

তোমাৰ হৃদয়ৰ মমতাই 

তোমাৰ হৃদয়ৰ অপত্য স্নেহে

মোক কিয় বলিয়াখন কৰে 

কিয় কিয়


সূৰ্য চন্দ্ৰ তৰা সদায় আছে 

সহিছে নে মচিছে নাম 

মোকো গুৰুজীয়ে

গঢ়ে বটে

কাটি কুটি

তেজ মঙহ 

বায়ু পানী 

পলস দি দিছে 

তথাপি মই কিয়

কিবা এটা হেৰুৱালোঁ

হেৰুৱাই ৰাখিলোঁ 

স্বৰ্গ মত্ত্য পাতাল 

সাক্ষী হৈ থাকিল...


ৰাজেন দাস 

২২-১১-২০২৪

লেখাৰ স্থান -ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা