মই লিখা বাতৰি৩

 আজি ইংৰাজী ১১-২-২০২৪ তাৰিখে অসমৰ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ ড° নগেন শইকীয়া ছাৰৰ ৮৬ সংখ্যক জন্ম দিনৰ শ্ৰদ্ধাৰ্ঘ্য সংখ্যা হিচাপে 'কিশলয়' উন্মোচন কৰা হয়। প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰি ড° নগেন শইকীয়া ছাৰৰ লগতে ছাৰৰ সহধৰ্মিনী লাৱণ্য শইকীয়া বাইদেৱে এটা ভাল কাম সম্পাদন কৰিলা বুলি জনায়৷ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ এই অভিনৱ প্ৰয়াসৰ শলাগ লয়।  উল্লেখযোগ্য যে অসমৰ কুৰিজন নবীন-প্ৰবীণ কবিৰ কবিতা একেলগ কৰি  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ ৰাজেন দাসে "কিশলয়" সম্পাদনা কৰি উলিয়ায় ৷ 'কিশলয়'ত সন্নিৱিষ্ট কবিতাসমূহৰ ৰূপ  অডিঅ' পাঠ আগবঢ়াইছে গৱেষক ছাত্ৰ যদুমণি গগৈয়ে। গ্ৰাফিক্স ডিজাইন কৰিছে  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ সিদ্ধাৰ্থ গৌতম দত্তই। 'কিশলয়' অনলাইন মাধ্যমত উপলব্ধ কৰা হৈছে ।   পৰৱৰ্তী সময়ত 'কিশলয়' খন তিনিমহীয়া ব্লগ আলোচনী হিচাপে প্ৰকাশ কৰিবলৈ দিহা কৰা হ'ব বুলি কিশলয়ৰ সম্পাদনা সমিতিয়ে জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা