ডিয়ু উপন্যাসৰ এছোৱা
মদৰুৱা
মই তোমাক ভাল পাওঁ বুলি কৈ থাকিবলৈ মন নাই। মই আইলাভিউ ক'লেও তাই নকয়। মানে এইটো নহয় তাই মোক ভালনাপায়। মোৰ হৃদয় ৰ শিৰাই-উপশিৰাই তাইৰ নাম। কি তেলীয়া কথা কোৱা। কি কোৱা। এনেকৈ কৈছোঁ। ইয়াৰ বাবে তোমাৰ পৰা চুমা আদায় নকৰোঁ।
কাটা এইবোৰ। কিয়। কাজিয়া আৰম্ভ। তুমি তোমাৰ কাম কৰি যোৱা। মই আছোঁৱেই । ক'ত যাম। ক'তো নাযাওঁ। ঠিক আছে।
চা, বহু ডাঙৰ মানুহে বানান ভুল কৰে। কোষে কৈ যায়। মন মন দি যাওঁ। শিকিবলৈ মন এটা আছে। যাৰে তাৰে পৰা শিকিম। পুৰষ্কাৰ , আৱিষ্কাৰ, বক্তৃতা আদি শব্দ লিখিব নাজানে। খেলিমেলিকৈ লিখি দিয়ে। ৩১ বছৰীয়া ডেকা ল'ৰাই বুজাই গৈ থাকে। নাম নকওঁ। মাক চাই। সি সেইটো সঘনাই কৈ থাকে। আমাৰ কিছুমানে কেলা শব্দটো প্ৰায়েই কৈ থাকে। কি মিলাই কৈ দিব। সেই শব্দটো নহ'লে যেন নহ'বই। পিটিকাবিহীন ভাতকেইটাৰ দৰে।
মই আকৌ গোটেইখিনি ঠিক কৰোঁ। মই নহয় ছৰি আমি। আমাৰ কেইবাটাও থাকে যে। কষ্ট হয়। লেখা এটা এটা নিৰ্দিষ্ট ফৰমেটত টাইপ কৰা হয়। তাৰ লিপি থাকে। ছাইজ থাকে। টেকনিকেল কথাখিনিত কিছুৱে গুৰুত্ব নিদিয়ে। কিছুৱে দিয়ে।
মা ছোৱালীজনী বৰ ধুনীয়া।চালি নে নাই। ভনীক দিছোঁ। ফোনত চা। হয় নেকি। তই দিনে ৰাতিয়ে মদ খাই বম হৈ থাক। তোক ছোৱালী কোনে দিব। মা সেইবোৰ বাদ দে। বাদ দিয়া হে। কি দাইলগ দিছ। মা, শুন আকৌ, ছোৱালীজনী চা,বৰ ধুনীয়া। হয় বাৰু। কিন্তু কি? তোৰ দৰে ওৰঘোৰ মদৰুৱালৈ কোনে দিব। মা শুন শুন। মই মদ এৰি দিম। এৰি দিম কেলা। মোক জানুৱাৰীত গাড়ী কিনি দিবি নে নাই ক। ইমান টেটেফালিছ যে।দিবি নে? দিম দিম। দেউতাই গোটেই খন চাব লাগে ন। তই ইমান লাখে লাখে পাই কি কৰ। ইমান মদ খাৱ নে? তোৰ দৰে কুলক্ষণীয়া জন্ম কৰি কি মহাপাপ কৰিলোঁ। তোৰ কথা বাদ দে। দিবি নে ওলমিম। দিম ক। কি? তোৰ কথাত আমি নচলোঁ। গোটেই জীৱন বুজাই বুজাব নোৱাৰিলোঁ। পাৰ চৰাই হোৱা হ'লে কেতিয়াবাই পেটত গলি হয়। নিজৰ পো ক ক'ব নাপায়। কিন্তু তোৰ অধিক হৈ গৈছে। শিশুপালৰ দৰে। পাপ সি কৰিছে। তই মাইকী,মদ আৰু মাংস খাই মৰিছ। নৰকী।নমৰ কিয়? এনে কথাখিনি মাকে এপলক ভাবিছেহে। খঙত। ভয়ত। উৎপাতত। কি হ'ল মা। ক। এইবাৰ খেলিমেলি নকৰিবি আকৌ।পাপাক ক'বা। হ'ব। তই ভাল হ।পঢ়া-শুনা কৰ।শেষ কৰ। লগৰবোৰে কি কৰি আছে নেদেখ। চকুৰে। নে কাণৰ সমস্যা আছে। বাপেৰৰ আৰু জেঠাইৰ চাকৰি আছে বাবে চিন্তা নকৰ। কেইদিন খাবি। মা আলবাল নকবি। পাপাক বুজাই মেলি গাড়ীখন লৈ দিবা। হ'ব। মোৰ ফোন আহিছে। ফোনটো কাট খাই। লগে লগে মাকে চিন্তাত পৰে। সি আকৌ নতুন ছোৱালী পতাবলৈ চেষ্টা কৰে। ফোনত মিঠা মিঠা কথা কয়। ছোৱালী বোৰো পকি যায়। ইমান ঐশ্বৰ্য গুণ বসানি যায়। ছোৱালী আগুলা-পাগুলা হৈ যায়। দুদিন নৌহওঁতেই আইলাভিউ বুলি কৈয়ে দিয়ে। কি যে হ'ব।
নাপায়২
কৃষ্ণ বুলি কওক মিংকুৱে কয়। সিপালে ভুলিয়েই যায় নহয়।
মোৰ ৰোমলৈ আহিলে লাজ পাওঁ। মিংকুৱে ফোনত বেয়াকৈ কৈ থাকে। বেয়া লাগে। তাক কৈয়ে থাকোঁ। মদ খোৱা মানুহে পৃথিৱীত কি হৈ আছে ক'ব নোৱাৰে। কি কৰিম। মাথা বিষাই। কিবা এটা ছিৰিয়াছ লেখা লিখি থাকোঁ। পঢ়ি থাকোঁ। তেতেয়াই থাকে। উপন্যাসৰ সমল পাম বুলিয়েই এনে কষ্ট কৰি আছোঁ। তই ৰোম সলা। লেতেৰা মানুহৰ লগত নাথাকিবি। মই মিহিকৈ হাঁহি দিওঁ। ঠিক আছে। কিন্তু কি কৰিম। সি যি কৰি আছে তাৰো মন এটা আছে। এদিন কৈছিল -মোক কোনোৱে সুধিছে। কিয় মদ খাওঁ। গালিহে দিয়ে। তোক গালি নিদি কি কৰিম। তোক আমি বুলিহে ৰোম দিছোঁ। আনে নিদিয়ে। কেইবাবছৰো আছোঁ খুৰী। খুৰাৰ লগত। কৃষ্ণ খুৰা এতিয়া নাই। হ'ব হ'ব। ইমশ্যনেল ব্লেকমেইল নকৰ। মদাহী। হ'ব কওক। কিমান পাৰে। মদৰ বাদে কি চিনি পাৱ। হা কি চিনি পাৱ। পঢ়াৰ নামত কলংক। নিজে ভাল হ'লে ভাল হ'ব। আৰু চিঞৰি নাথাকি। পঢ়া-শুনা মানুহে থাকে। খুৰীয়ে গালি পাৰি পাৰি গৈ থাকে। বুজাই থাকে। সদায় কৈ থাকে। মুখে বিষাই। কি হ'ব। মানুহ জীয়াই থাকে আশা লৈ। সপোন লৈ। সি আকৌ দিন ৰাতি মদ,মাংস আৰু মাইকীৰ চিন্তাত মৰে। মেনাৰ্ছ নাই। কমনছেঞ্চ নাই।খালি মদ ভাং আৰু জোৱা খেলা। ইমান নষ্ট জীৱন কিয় তেৰাই দিলে। তাৰ মনত কিয় এনে কৰে। সি এক্টিং কৰে নেকি?
বাইৰ যদি গোটেই জমনি কথাবোৰ ৰাখিব পাৰিলোঁ হয়,বৈদ্য কৈছোঁং,এখন নভেল লিখি দিলোঁং হয়
পৰশ বা: এইষাৰ কি ক'লা ঔ বাপ
এনেই যি আহে লিখি থাকোং অ'
সঁচা, আপুনি সেইবোৰ মাথা ফালি আমাক ৰস দিয়ে। গতিকে আমি সেইবোৰ ছপাই কোছাই বৃহৎ ৰাইজৰ কোলাত দি দিম। হাঁহি হাঁহি পেটৰ নাড়ী ভুৰু ওলাই যাব বাপে্পকে তিনিসইত খাই বেজবৰুৱা নাতিনী বুলি বেকত কৰিবই(অলপ বেছি হৈ যাব পাৰে বাই নিজ গুণে কৰিবা মৰিষণ)
Comments
Post a Comment