অৰূপা বাইদেউ
গল্পৰ নিৰ্মাণ কৌশল সহজ নহয়।দূৰদৃষ্টিসম্পন্ন আৰু সূক্ষ্ম পৰ্যবেক্ষণ অতি প্ৰয়োজন। অসমীয়া গল্পই এতিয়া বিভিন্ন গতি প্ৰকৃতি আৰু বৈশিষ্ট্যৰে তীব্ৰভাৱে আগবাঢ়ি গৈ আছে। শ্ৰদ্ধাৰ অৰূপা বাইদেৱে নিজে গল্প নিৰ্মাণ কৰিবলৈ বহু কষ্ট স্বীকাৰ কৰিছে। সেইখিনি অভিজ্ঞতা এধাৰি মালাৰ দৰে গাঁথি দিছে। সাহিত্য শিল্প গুণ আৰু সৃজনীমূলক মনোভাৱেৰে কষতি শিলত ঘঁহি ঘঁহি তাক ৰসাগ্ৰাহী পাঠকক তুলি দিছে। ন ন অভিজ্ঞতাৰে ভাষিক দিশ কিদৰে ৰূপ বৈচিত্ৰ্য লাভ কৰিবলৈ সক্ষম হৈছিল সেয়া মন কৰিবলগীয়াকৈ উদাহৰণসহ স্পষ্ট কৰিছে। অসমৰ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি এই মুলুকত ভিন্ন ভাষাৰ ৰুচি অভিৰুচিৰ পাঠক, শ্ৰোতাই ভৰি আছে। গল্পসাহিত্যত বাস্তৱ আৰু কাল্পনিক ব্যঞ্জনাৰে আমালৈ জ্ঞান বিজ্ঞানৰ পৰা প্ৰজ্ঞালৈকে জুমি চোৱাৰ সুবিধা প্ৰদান কৰিছে।

Comments
Post a Comment