যুগমায়া
যুগমায়া
(১)
প্ৰতিদিনে মই পাহাৰ খান্দি আছোঁ
য়েল্লাম্মাৰ পুত্ৰৰ পৰশুৱে ব্ৰহ্মপুত্ৰ বোৱাই দিওঁ নেকি
গচকি ফেনেকি নেফানেফ কৰিছোঁ কাগজৰ বৰ বৰ হৰফ
(২)
আউলি বাউলি থাকক কেশবিনাশী দেৱদাসী
ৰুক্ষ মানৱক সবল কৰিম
জীৱনে মৰণে চৰুক নুসুধি
জাপে জাপে নুৰাই নুৰাই
ভূ-মণ্ডল চিকমিক কৰিম
(৩)
মসৃণ চিকচিকিয়া পথবোৰ ইমান খোলা আছিল কিয়
মোক থাকিবলৈতো ইমান ঠাই নালাগিছিল
মোক যাবলৈতো ইমান সময় নালাগিছিল
মোক চাবলৈতো হেতাওপৰা নালাগিছিল
(৪)
ঘনে ঘনে উশাহ-নিশাহ
মনে প্ৰাণে ছবি অঁকা
নিলাজীক কিয় সুধিবি বেথা
আদা বেপাৰীক জাহাজৰ খবৰ সুধি কোনে লগাই লেথা
(৫)
মোৰ কথা অপৰাজেয়
অসীমত নৌকা মেলো দুগুণ সাহেৰে
তীব্ৰৰ পৰা তীব্ৰতৰ টেলিস্কোপীয় নজৰ ৰাখোঁ সাগৰীয় দুষ্ট ঢৌত
(৬)
যেতিয়াই তেতিয়াই
কথা নুসুধি
নুচুবাবি মোৰ মূৰ
অ' যুগাগ্ৰ যুগমায়া
(কাৰ্টুনিষ্ট নিতুপৰ্ণ দাদালৈ)
ৰাজেন দাস
ডিব্ৰুগড়
৪-০৯-২০২৪
Comments
Post a Comment