ৰ'দেপুৰা

 ৰ'দপুৰা 

খিৰিকীয়েদি এচেৰেঙা কোবাকুবিকৈ মজিয়ালৈ সোমাই আহিছে 

সাতফুটীয়া সেউজীয়া ৰঙৰ পৰ্দাখন উঠাই দি সুশৃংখলীত গাঁথি মাৰি দিছোঁ 

তজবজীয়া বাপুৰামে দাখন লৈ চাইকেলেত পেডেল মাৰি গৈছে 

এমুঠি অন্ন

অলপ বস্ত্ৰ 

অলপ কনপাইৰ পঢ়া-শুনাৰ সামগ্ৰী 

তাৰ বাদে একো নালাগে 

ইয়াই স্বৰ্গ সুখ


পিঠিখন ৰ'দে পুৰিছে 

বনিয়ন নথকা বগা চোলাটোত ঘাম বিৰিঙিছে

দুচোৰা এটা‌ কিনিলে 

কনপাইৰ স্কুলৰ খৰচা কোনে উঠাব

ৰ'দ পুৰক 

মোকে পুৰক 

পুত্ৰক জিলিকাও

নিজে দহি খহি শুনো কানাই বংশীৰ মাত

সাধু যেন লগা হ'লেও কথাবোৰ সঁচা 

ৰজাই বাপুক সুখী দেখে 

অনবৰতে 

অনবৰতে 

ৰহস্য কি

ৰহস্য আন‌ একো নাই 

জীৱনটো চলাবলৈ নূন্যতম প্ৰয়োজনীয়খিনিয়েই যথেষ্ট 

তাতোকৈ যথেষ্ট মনে-প্ৰাণে হোৱা সুখৰ চানেকি 


কনপাইৰ হাঁহিত থকা উজ্জ্বল

কনপাইৰ চকুৰ দিগন্ত

আৰু দূৰ দিগন্তত...

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা