সপোনৰ বাট

 সপোনৰ বাট


 এটা বাটেদি গৈ থাকোঁতে লগ পালোঁ সপোনক

লগ পাই ভাল লাগিল বহু কথা সুধি পেলালোঁ

সপোনে ক'লে মোৰ পিচে পিচে আহা আৰু সপোন দেখিবা

গ'লো বহুত সপোন দেখা মানুহৰ শাৰী দেখিলোঁ 


আকৌ সপোনক আমনি কৰিলোঁ 

মোৰ শাৰী কোনটো‌

ক'লে তুমি দেখা শাৰীটো 

ক'তা মইচোন দেখা নাই 

দেখা নাই নে বুজা নাই

সপোনকো বুজিব লাগে 

অ'

বুজিলেহে বুজাব পাৰিবা 

সপোন দেখা বুলি উৎসাহী কৰিব পাৰিবা

ময়ো তাকে কৰিলোঁ 

সফল নহ'লো

আকৌ সপোনটো বোকোচাতে ঘৰলৈ আহিলোঁ 

তেতিয়ালৈ‌ সপোনটো শুই পৰিল 

দিনটো শাৰী পাতি ভাগৰ লাগিল

ময়ো লাহে লাহে সপোনক আৰু বেছিকৈ আমনি কৰিবলৈ আৰম্ভ কৰিলোঁ.....



ৰাজেন দাস

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা