লিড'লাম

 চিৰিয়াছ সাহিত্য কৰ্ম প্ৰকৃততে কষ্টসাধ্য। এনে কৰ্ম কষ্টসাধ্য মানুহৰ বাবে ইতিবাচক ৰূপে পৰিগণিত হ'ব পাৰে। সমাজৰ দহোজনক অনুধাৱনৰ‌ পথ মসৃণ কৰে আৰু অতীতানুসন্ধানৰ প্ৰতি ৰসাগ্ৰাহী কৰি তোলে।এসময়ত গম পাইছিলোঁ যে Ernest Hemingway's The Old Man and the Sea ত "man can be destroyed but not defeated." মনত অশেষ কষ্টসহিষ্ণু ভাববোধ মজুত থাকিলে ইতিহাস পুনৰৰ্নিমাণ(Reconstruction) বা নিজৰ দৃষ্টিভংগীৰ পুনৰনিৰ্মাণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিবলৈ আগবাঢ়িব পাৰি। এই কথাকেইষাৰৰেই আঁত লৈ মোৰ ক্ষুদ্ৰতকৈয়ো ক্ষুদ্ৰ দৃষ্টিভংগীৰে লি'ডলাম উপন্যাসখনৰ চমু আলোচনা আগবঢ়াই নিম।

খুব আন্তৰিকতাপূৰ্ণভাৱে জুৰি বৰা বৰগোহাঞি বাইদেউ আৰু ছাৰৰ অশেষ কষ্টৰ ফচল তথা মানসপুত্ৰ সদৃশ লি'ডলাম বৃহৎ কলেবৰৰ গ্ৰন্থখন বন্ধু যদুমণি আৰু মোক সৌ সিদিনা উপহাৰ দিছিল। উপন্যাসখনত তুলি দিয়া একাষাৰত পোৱা যায়- চিংফৌসকলৰ ভাষাত লি'ডলাম অৰ্থাৎ লিডুপথ আৰু লাম মানে পথ। এটা শব্দত ক'ব পাৰি লিডুপথ বুলি।

অসমীয়া ভাষাত

বৰ্তমান সময়ৰ শক্তিশালী কণ্ঠ জুৰি বৰা বৰগোহাঞি। বাইদেৱে অতীত অনুসন্ধান আৰু তাৰ পৰা সমল সংগ্ৰহ কৰি উপন্যাস নিৰ্মিতি কৰিবলৈ আগবঢ়া উপন্যাসখনত দেখা পাইছোঁ। স্বাভাৱিকতে ইতিহাসে পৃথিৱীৰ সকলো জাতিৰ‌ সভ্যতা, ঐতিহ্য, সমাজ-সাংস্কৃতিক তথা ৰাজনৈতিক পৰিমণ্ডলটো ফহিঁয়াই চোৱাত সহায় কৰি দিয়ে। ঐতিহাসিক প্ৰেক্ষাপট, অসমীয়া ইংৰাজী গ্ৰন্থৰ তথ্য সূত্ৰ, ৱেব ছাইট আদিৰ লগতে বিভিন্ন জন ব্যক্তিৰ সৈতে হোৱা সন্মিলিত আলোচনা, দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে জড়িত তথ্য, সেই সম্পৰ্কে তথ্য প্ৰদান কৰা ব্যক্তিৰ সান্নিধ্য, উজনি অসমৰ সেই যুদ্ধৰ স্মৃতি বিজড়িত ঠাই ভ্ৰমণ,

মানসিক চিন্তাক্লিষ্টৰ অৱয়বক কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ ঘটোৱা উপন্যাসখনত দেখিবলৈ পোৱা যায়। উপন্যাসখনৰ প্ৰকাশক(প্ৰথম প্ৰকাশ, ডিচেম্বৰ ২০১২) অসমৰ সম্ভ্ৰান্ত প্ৰকাশন বনলতা প্ৰকাশনে গ্ৰন্থখনত অসমৰ লিডুৰ পৰা কুনমিঙলৈকে থকা ঐতিহাসিক পথটোৰ সম্পৰ্কত লিখিছে-লিড'লাম ‍১৭২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণৰ ইতিহাস। দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত যাক যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল। হাজাৰ প্ৰতিকূলতাৰ বিৰুদ্ধে যুদ্ধ কৰি য'ত ছহিদ হৈছিল হিচাপহীন সৈনিক আৰু বনুৱা। প্ৰতি কিলোমিটাৰত এজনকৈ সৈনিক বা বনুৱাৰ মৃত্যু হোৱাত সেই সময়ত অভিশপ্ত যেন হৈ পৰা পথটো

'মেন এ মাইল' হিচাপে জনাজাত হৈ পৰিছিল। মৃত্যুৰ কিৰিলিয়ে দেওধনি দিয়া এই ঐতিহাসিক পথটোক

 স্থানীয় ভাষাত "লিডলাম "বুলি কোৱা হৈছিল।

আমেৰিকানসকলে নিজৰে ওপৰত আধিপত্য অৰ্থাৎ কৃষ্ণকায় বৰ্ণৰ লোক‍(Folk)ৰ ওপৰত আমেৰিকানসকলৰ আধিপত্য(Hegemony) উপন্যাসখনত পহিলাৰফালে লগ পোৱা চৰিত্ৰ জৰ্জহঁত।এই "জৰ্জহঁতে অনুভৱ কৰিছিল বগা আমেৰিকানসকলৰ আধিপত্য। মুক্ত হোৱা নাছিল বৰ্ণ বৈষম্যৰ পৰা, জৰ্জহঁতলৈ পিঠি দি উচ্চাৰিত হৈছিল জৰ্জহঁতক উদ্দেশ্য কৰি নিগাৰ শব্দটো। যিটো জৰ্জহঁতৰ জীৱনত‌ জন্মাৱধি লাগি আছে। এটা বিশাল অনুষ্ঠান অথচ কি যে প্ৰাচীৰ এখন আছিল জৰ্জহঁত আৰু আমেৰিকানসকলৰ।

জৰ্জহঁতে যি অবিচাৰ আৰু শাসন তথা ত্ৰাসৰ পৰিবেশত উপস্থিত হৈছিল যে নিজৰ জন্মভূমিতে মৰ্মবেদনা অনুভৱ কৰিব লগা হৈছিল। ঔপন্যাসিকে মুকলিকৈ কৈছে-জন্মভূমি যদিও আমেৰিকাই তথাপি জৰ্জহঁতে সুবিচাৰ নাপায় এই দেশত। পাব নোৱাৰে। সিহঁত আমেৰিকাৰ যদিও আফ্ৰিকান বুলিহে গণ্য কৰা হয়। সকলো লোকৰ বাবে মুকলি ৰখা ৱেষ্ট পইণ্ট একাডেমিত নামভৰ্তি কৰাৰ পাছতো অনবৰতে ভয় আৰু শংকাত দুৰু দুৰুকৈ কঁপি থকা ক'লা ছালৰ ছাত্ৰসকলৰ‌ ওপৰত অবিচাৰ চলিছিল। সেই মৰ্মবেদনা জৰ্জহঁতৰ দৰে সাধাৰণ ল'ৰাবোৰেহে অনুভৱ কৰে।"(লি'ডলাম,পৃ.১৯)


আগলৈ....



ৰাজেন দাস 

 ডিব্ৰুগড় 

২১-০৮-২০২৪

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা