বিশ্বব্ৰহ্মাণ্ড

 বটবৃক্ষ 


গছজোপা বিচাৰি আছোঁ পোৱা নাই 
বতৰ বৰ ৰ'দে পোৰা নাছিল 
আছিল বিশালকায় কাউৰীৰ জাক 

মই গছ এজোপাৰ কাষ চাপিলো
চৰাই চুবুৰীও দেখোন 
ইয়াতেই সিহঁতৰ জীৱন নিৰ্বাহ
সুৰংগত কোনো হিংসা বিদ্বেষ নেদেখিলোঁ

মই আকৌ নদীখনলৈ গৈ থাকিলোঁ
নদীখন মোৰ কাষলৈকে আহি থাকে 
কিয়
এতিয়াহে বুজিলোঁ
নৈপৰীয়া আকাশখন যে দেউতাৰ 
কৌটিকলীয়া জীৱন আছিল 

মোৰ‌ খোজ খৰকৈ চলিব লাগিলে
বেলি লহিয়াবই এতিয়া 
গামোচাখনত কিবা এমুঠি বান্ধি আনিছোঁ 
এই‌ খাওঁ নে মৰমলগা চৰাই পোৱালীকেইটিকে দিওঁ 

এসময়ত মই খালোঁ নাখালোঁ নাজানিলোঁ
বিশ্বব্ৰহ্মাণ্ডৰ নিস্তেজ শিতল ঠাইৰ 
আমেজটো উদযাপন নকৰি নোৱাৰিলোঁ...



ৰাজেন দাস 
ডিব্ৰুগড় 
ফোন নং -9101221436

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা