ভলৌ

 ভলৌ


দোকানত জুই লাগে 

বজাৰতো লেলিহান 

ভাৰী নহয় ভলৌৰ মোনা


ভলৌপেহাৰ উদৰ নভৰে খুদকণ খাই

ভলৌৱনীয়ে বন কৰিব নোৱাৰে 

বয়সো যে শতবাৰ্ষিকী চুলেহি পাই


দুটি সন্তান যি বা আছিল 

লেবেল নাচাবা কি

নিজৰ ভৰিত নিজে কুঠাৰ মাৰি

মাটি-বাৰী সোপাকে পেলাই থাকে ছন


যেনি তেনি মানুহ চা

পৰুৱাৰ দৰে দল চা

পুত্ৰৰ বিয়া এতিয়া চা

চাম বুলি বুঢ়াই সলাই থাকে 

চশমাৰ গ্লছখন


নাকাম্মাহঁতে ৰাস্তাই ঘাটে চিঞৰত টেঁটুফালি উপায় পোৱা নাই,

 সুৰক্ষিত কৰ্ণৰ দৰে কৱচ ভনীহঁৰ যে কিয় নাই



যধে মধে গছ কাটি বৃক্ষৰোপণ বিজ্ঞাপনহে বঢ়াই

ঘোষণাৰ বাহাদুৰি নাচাবা কি

কিমান‌ কি নাম মূৰহে আচন্দাই 


উত্তৰপুৰুষলৈ ক'ত কি থৈ যায় নে নাযায়

সেয়া ভলৌৱে সীমান্তত পহৰা দিয়া জোৱানক 

সুধি সুধি ধূলিত নাইকীয়া হৈ যায়....


ৰাজেন দাস, বেলগুৰি, যোৰহাট 

২৮-০৮-২০২৪

https://www.facebook.com/groups/903169558515067/permalink/920584933440196/

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা