দ্বিতীয় কাশী
দ্বিতীয় কাশী
মই খহি খহি সামৰি আছোঁ
নৈখন আৰু মই একেডাল নাড়ী
খৰালি আহিব
বগে ঢগ ঢগ বালিঅঁহিয়া
এফুট দুফুট উৰি উৰি যাব
ঘাটোৱৈ আহিব ঘাট চপাব
বগা চাহাবে বাণিজ্য মেলালৈ ৰাস্তা ল'ব
শুকনিৰ মন্ত্ৰণা
পাণ্ডৱে খেলিব পাশা
কৌৰৱ পাণ্ডৱ দুটা পক্ষ হ'ব
মোৰ নৈত ডুবি ডুবি আছে
কত শত মঠ মন্দিৰ
কাষৰ পাৰৰ চাণ্ডি,শিৱ গনেশে অতীত ধ্বজা জিলিকাই ৰাখিছে
কছাৰী আৰু বাৰভূঞাসকলে লাগি গ'ল যুদ্ধ
শংকৰ মহাপুৰুষ গুৰুজনাৰ প্ৰবাস বিশ্বনাথ
উজাই আহি আহি আছিলেহি এই বিশ্বনাথত
লাহেকৈ নদীদ্বীপ মাজুলীৰ বেলগুৰিত বাৰ-চৌধ্য বছৰ সত্ৰত কটালে
সোণৰ ধোৱাঁখোৱাত খালি ঐ মণিৰাম
ৰূপৰ ধোৱাঁখোৱাত খালি
কিনো ৰজাঘৰত দোৰোহ আচৰিলি
ডিঙিত চিপেজৰী ল'লি
মণিৰামে সাজিলে আঠ ঠাইত আঠোটা ঘৰ
তাৰে এখন বিশ্বনাথত পাতে
দেৱান দেৱৰ সৰুমাজু নগঞানী
Comments
Post a Comment