আভা

 আভা প্ৰকাশন -আমাৰ বাবে বিশেষ দিন। কাৰণ বিশ্বনাথ চাৰিআলিৰ আভা প্ৰকাশনৰ সৈতে কাম কিতাপৰ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। বন্ধুত্বসুলভ দিশটো মোৰ খুব ভাল লগা। খুব সুসংহত আৰু সুন্দৰকৈ গ্ৰন্থ পাঠকৰ মাজলৈ উলিয়াই দি আছে। অসমৰ স্বনামধন্য ব্যক্তিৰ পদধূলাই আভা প্ৰকাশন প্ৰগাঢ় ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থ আৰু পাঠক দুয়োটা দৃষ্টিকোণক আগত ৰাখি পঠন-পাঠনক গুৰুত্ব দিয়া হৈ আহিছে। 


এতিয়া আহোঁ বিশ্বনাথ(গুপ্ত কাশী)ঘাটলৈ-

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিশ্বনাথ ঘাট। এক মনোমোহা পৰিৱেশ। চকুৰ পলক জপাবলৈ মন নাযাব পাৰে। 

খুব এটি সুন্দৰ চৌপাশ।‌ ইয়াত থকা দৌলসমূহ আহোম ৰাজত্ব কালৰ। চাণ্ডি মন্দিৰ,গনেশ মন্দিৰ,শিৱ মন্দিৰ আদি দেখিলোঁহি। বিশ্বনাথ পৰ্যটন ঘাট, বৈ যোৱা নৈখনে অনেক কাহিনী কৈ যাব। অতীতলৈ মন কৰিবলগীয়া হ'ব। বীৰভদ্ৰ বা বৰলা শিল,জোঙা শিল,নৈখনৰ দলৈকে পোত খাই যোৱা, পাণ্ডৱসকলৰ পাশা খেলৰ প্ৰসংগ, ব্ৰিটিছ বাহিনীৰ ব্যৱসায়িক স্থান ইত্যাদি। এক বৃহত্তৰ এলেকাৰে আৱৰি থকা নৈখন ইয়াৰ চৌপাশৰ পৰিৱেশৰ মাজতে নৈখনত শেৱালী জালেৰে মাছ ধৰা,নৈখনৰ মিহিকৈ বৈ যোৱা সোঁত।‌ বান্ধি থোৱা নাওকেইখন, প্ৰকাণ্ড চপৰা চপৰা বৰলা শিল আদি দিশ খিনি জানি ভাল লাগিল।

বিশ্বনাথ ঘাটৰ সৈতে মণিৰাম দেৱান আৰু শংকৰদেৱৰ প্ৰসংগ জড়িত হৈ আছে। অসমীয়া ৱিকিপিডিয়া(জয়ন্তীয়া বুৰঞ্জী আৰু মহেশ্বৰ নেওগছাৰৰ পৱিত্ৰ অসমৰ পৰা সংগ্ৰহ কৰা)ৰ সহায় ত সেইখিনি তুলি ধৰিলোঁ---


বিশ্বনাথ অঞ্চলত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবাস:- "কছাৰী সকলৰ লগত বাৰভুঞাৰ সংঘৰ্ষ হোৱাত শংকৰদেৱে বৰদোৱা অঞ্চল এৰি বিশ্বনাথ অঞ্চলত কিছুদিন থাকি তাৰপৰা উজাই কেইবা ঠাইতো ৰৈ শেষত মাজুলীৰ পশ্চিম অঞ্চলত ধুঁৱাহাট বা বেলগুৰিত বাৰ-চৈধ্য বছৰ সত্ৰ পাতি থাকে।" 

মণিৰাম দেৱানৰ লগত বিশ্বনাথৰ সৰ্ম্পক:-

মণিৰাম দেৱানৰ আঠ ঠাইত আঠখন স্থায়ী ঘৰ-বাৰী আছিল। তাৰে এখন আছিল বিশ্বনাথত। মণিৰাম দেৱানৰ সৰু মাজু গৰাকী নগাঁৱৰ কঢ়ালৰ বৰুৱাৰ ঘৰৰ; লক্ষ্মীৰাম বৰুৱাৰ কন্যা চানা বা চম্পাৱতীৰ সৈতে পতা বিয়াখন বিশ্বনাথৰ পৰা পতা হৈছিল।" 



আন্তৰিক ধন্যবাদ আভা প্ৰকাশ।‌ জীৱন জিন্দাবাদ।

গুৰুত্বপূৰ্ণ উপহাৰৰ বাবে আভা প্ৰকাশনলৈ আন্তৰিক ধন্যবা




দ জনাইছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা