গল্প,২০২৪
অকণমানি কনমানি
(শ্ৰদ্ধাৰে তোমাৰ দেউতালৈ উৎসৰ্গিত গল্প)
ক)
তাইৰ মন ডাৱৰ। ডাৱৰ মানে বৰষুণবিহীন। চিৰসত্যৰ কাষ চপা। পিৰালিতে থোৱা দখৰীখন লৈ বহি আছে । আমন জিমনো ঠিক নহয়। ৰ'দ ছাটি খিৰিকীয়েদি বাগৰি বাগৰি আহিছে। আধা পকী ঘৰখনৰ পৰা ছাঁটোত তাইৰ ছাঁ। সেই ছাঁটো তাইৰ চিনাকি। ঘৰৰ মুখখনতে দেউতাক বহি থাকে। ঘৰখনৰ মূল মানুহ। ঘৰখন গহীন হৈ পৰে। সাহস এটা হয়। পুৱাই লাকী-গোপী স্কুল যায়। ককাকক মাতষাৰ দি যায়। মই আৰু নবৌ মাও ইটো সিটো কামলৈ যাওঁ। দেউতাক জনাই থৈ যাওঁ। তেওঁৰ খোৱা-বোৱা দিহা কৰি দি যাওঁ। ঘৰখনলৈ কিবা একো এটা আহিবলৈ সাহ নহয়। ঘৰখনৰ দেউতা মানে পৃথিৱীৰ শ্ৰেষ্ঠ যুদ্ধা। কথাখিনি তাই ফোনত কৈ আছে। সোণে একান্ত মনে শুনি গৈছে। হ'ব চোনা। মোৰ দায়িত্ব বাঢ়িল।সকলো সুন্দৰ হ'ব। কাৰণ আমি সুন্দৰ হ'বলৈকে কষ্ট কৰি আছোঁ। আমি বুজা-বুজিৰে আগবাঢ়ি যাম। মাত্ৰ মোক মোৰ লক্ষ্যলৈ লৈ গৈ থাকা। মনবোৰ সুন্দৰ কৰা। মোকো সুন্দৰ কৰা। দেখিবা আমি যেতিয়া তেতিয়া সুন্দৰ পৃথিৱীখনো বৰ সুন্দৰ দেখিম।
খ)
তুমি মোৰ গালৈ লাগি নাহিবা আৰু। মোৰ যে বৰ দোষ। বৰ ভয় লাগি আছে। মুখতে থাকে মানুহজন। ওলাওঁতে সোমাওঁতে দেখি থাকোঁ। মাতষাৰ দি থাকে। মোৰ কাষৰৰ বিচনাখন তেওঁৰ। মই তাত আৰু শুব নোৱাৰোঁ। টোপনি নাহে। মোক বহুত ওচৰৰ পৰা পালে। বহুত মই কষ্ট কৰি দিছোঁ। কাৰণ মোৰ জন্মদাতা। লাজৰ কথা নহয় । মই নিজে পেন্ট খুলি প্ৰস্বাস কৰোঁৱাই দিওঁ। গো-মূত ধুৱাও। মাহঁতেও কৰে। মাহঁত মুখৰখনত শোৱে বাবে দেউতাৰ যি হয় গম পাওঁ। ধমকৈ এদিন বিচনাৰ পৰা পৰিলে। গ'লেই বুলি ভাবিলোঁ। ভৰিকেইটা মালিছ কৰি দিছোঁ। কুহুমীয়া পানী খুৱাই দিছোঁ। গা-টো অলপ পিটিকি দিছোঁ। তাৰ পিছত ধুনীয়াকৈ শুৱাই দিছোঁ। তাৰ পিছত আমনি নাই। প্ৰায় সাতবছৰ পেৰেলাইছিজ ৰোগী। বহুত ইমান দীঘলীয়াকৈ জীয়াই নাথাকে হেনো। কিন্তু দেউতা আছিল। ঘৰখনত মতামানুহ নাই। দেউতাই উঠা বহা কৰিবলৈ পৰা নাই। দিনক দিনে কষ্ট বেছি পাইছে। দীপকক দেখুৱাই দিলোঁ। দৰৱ লিখিলে প্ৰেছক্ৰিপছনত। মইনো ক'ৰ পইচা পাওঁ। বৰ কষ্ট কৰি ঘৰখনত দিওঁ। তেল নিমখ বা গেছত দিওঁ, খোৱা-বোৱাত দিওঁ। আলহী আহিলে দিওঁ, পিন্ধিবলৈ কাপোৰ কানি কোনে দিব? তেল চাবুন অকণো নাপাওঁ। কিমান কষ্টত আছোঁ। মইহে জানো। তুমি ক'লে নহয়। এখন ঘৰত কিমান খৰচ হয়।
Comments
Post a Comment