মহাবীৰ কৰ্ণ

 মহাবীৰ কৰ্ণ

অধীৰথ

আপুনি ধন্য

ৰাধেকৰ্ণ



পৰশুৰাম

আপোনাৰ শিৰ ওখ কৰি ৰাখিবলৈ কুণ্ঠাবোধ নকৰোঁ

লাগিলে মোৰ জীৱন যাওক

এককদম হুহুকি নাহো


বাসুদেৱ কৃষ্ণ

আপুনি কিয় চলনা 

কি চলনা,তোমাৰেইচোন এসময়ত ৰথৰ সাৰথি আছিলোঁ 

অ ময়েই কৰ্ণ

মই শূতপুত্ৰ কৰ্ণ



কুকৰ্ম হ'লেই জ্বলি থাকোঁ

অন্যায় সহ্য নকৰোঁ


যদিও অধৰ্মীৰ কাষৰত

এই অধৰ্মীৰ কাষৰৰ পৰাই ন্যায়যুঁজ দি যাম

বন্ধু দূৰ্যোধন মোৰ বন্ধুআশ্ৰয়

লাগিলে যুঁজি যুঁজি মৰি যাম

বন্ধুকো বচাম অধৰ্মক বচাম


আপোনাক মিছা ক'লো গুৰুদেৱ 

কাৰণ মই ব্ৰাহ্মণ নাছিলোঁ 

যি শিক্ষা ব্ৰাহ্মণহে পায়

এইটো আপোনাক চলনা কৰিলোঁ

কিন্তু নাভাবিব মোৰ কৰ্মত

কিন্তু নাভাবিব মোৰ শ্ৰমত

কিন্তু নাভাবিব মোৰ হৃদয়ত আপোনাৰ প্ৰতি ভক্তি

কোনো চলনা নাই

কোনো প্ৰতাৰণা নাই

কোনো কপটতা নাই

সূৰ্যৰ দৰে উজ্বল

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা