গৰুগাড়ী আৰু আমি

 *গৰুগাড়ী আৰু আমি*

    ৰাজেন দাস 


খটখট ৰাজঘোঁৰা দৌৰিছে

মেলিলে ফাট বসুমতী

ৰজাইয়ো নেৰো অভিশাপৰ জ্বালামুখী


ককাই কৈছিল পঢ়া শুনা কৰিবি তেতিয়াহে গৰুগাড়ীত উঠিব পাৰিবি


ককাৰ গৰুও নাই

মানে গৰুও মৰিল পোকো সৰিল

গৰুগাড়ীও নাই

মানে হাবিত ফুলবাৰী হ'ল যে ---!

সঁচা---!


এজন গৰুগাড়ী চলোৱা মানুহ

আৰু এঘৰ গৰুগাড়ী থকা মানুহ

বিচাৰি চলাথ কৰিলোঁ 

গাঁওখনত ---


ক'বি নে ডিজিটেল যুগৰ পেট্ৰল ডিজেল ভৰাবি


যা যা পতাত পিহি থাক এবেগেতীয়া কপাল

জপনা মাৰি ভলৌ পেহালৈ বাট  চা ---!!!***

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা