গ্ৰাহক
তেওঁ আহিছে। লংপেণ্ট আৰু সেউজীয়া টি চাৰ্ট পিন্ধি আহিছে। সদায় মানুহ অনা-নিয়া কৰে। পুৱাই কিবা এটা খায়েই যাত্ৰা আৰম্ভ কৰে। পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব আছে। গা-পা ধুই আজৰি হৈ আহিছে। মুখত সৌন্দৰ্য। এমোকোৰা হাঁহি। মই লক্ষ্য কৰিছোঁ মানুহে কিমান কষ্টকৰ দিন পাৰ কৰে। তথাপি মনত আনন্দ। বৰ কষ্টসাধ্য কাম কৰিলেও মুখৰ পৰা বিলুপ্ত হোৱা নাই - আমি যামেই যাম মামৰ গাঁৱলৈ .... আমি যামেই যাম মামৰ গাঁৱলৈ... আজি অলপ দিন গৈছে। মই সেইখন অ'টত উঠিয়েই বৰ্ণমালালৈ যাওঁ। মই -দাদা,আপোনাৰ চালকৰ কাম কিমান দিন হৈছে। দাদা -ভালেকিবছৰ হৈছে। মই -পঢ়া-শুনা? দাদা-কি ক'বা অলপ কৰিলোঁ। এতিয়া লাজেই লাগে সংসাৰৰ মায়া-মোহ,জালা -যন্ত্ৰণাৰ পৰা আৰু বন্দি জীৱন মই -অ দাদা-কিন্তু সুখী আমি। আজি আকৌ গগৈ দাদা হোটেলত তেওঁক লগ পালোঁ। আঁতৰৰ পৰাই মাত দিলে - দাদা -ভাইটি কি খবৰ মই -ভাল, ভাল দাদা -সিদিনা প্ৰশ্ন ধেৰ শুনিছিলা। মই -হা হা,অ দাদা -পিছে মনত ৰ'ল নে নাই। মই -অলপ অচৰপ দাদাই ৰুটি ভাজি ,কিমা খাবলৈ আহিছে। দাম কিমান মিলাই-৪৫ টকা দাদা -খুৰী, পুৰি দিয়ক খুৰী-অ,বহাচোন,দি আছোঁ। দাদাই বহি ল'লে মই ভা...





Comments
Post a Comment