মনৰ কথা
মনৰ কথা-০১
মোৰ কিয় হৈ থাকে নাজানো। কেতিয়াবা মন বেয়া। কেতিয়াবা ভাল। কেতিয়াবা নতুন বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰ হ'বলৈ মন গৈ থাকে। যোগ্যতা আছে নে? নম্বৰ এগালো নাই। চাকৰি পাবলৈ বৰ কষ্টৰে পিএইছডি কৰিবলৈ আহিছোঁ। মাজে মাজে দুই এখন কিতাপৰ কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। কিমান দূৰ সফল হও নাজানো। তেৰাৰ ওপৰত। ঘৰৰ সাহস চোনাৰ সাহস মূলধন। চোনাক কেতিয়া যে সুন্দৰ খবৰটো দিবগৈ পাৰোঁ। মহাচিন্তা। কোনে বুজিব।
পাখি অনুসাৰে পখী উৰিব লাগে বুলি কথাষাৰ ককাহঁতে কথাৰ মাজত পাতি থাকোঁতে মনত ৰৈ গৈছিল। কি ৰৈছিল নাজানো। তাৰ মৰ্মাৰ্থও বিচাৰি হাবাথুৰি খোৱা নাই।
মনৰ কথা-০২
মোৰ বিয়া কৰোৱাৰ বয়স হৈছে আৰু। ঘৰৰ মানুহে নভবা নহয়। ছোৱালী মানে অকমান ছোৱালী। কিবা এটা চাকৰি যোগাৰ কৰিব পৰা নাই বাবে আগবাঢ়িব পৰা নাই। তায়ো জানে। ময়ো জানো। এটা দশক পাৰ হৈ গৈছে। কষ্ট কৰিয়েই আছোঁ। তায়ো কষ্ট কৰিবলগীয়া হৈছে। মই ভৱিষ্যতেৰ বাবে চিন্তাত আছোঁ। বৰ কষ্ট কৰি এইখিনি পাইছোহি। তাই জানে। সেইবাবে আগবঢ়ায় নি আছে। ঈশ্বৰে আমাক চকু মেলি চাব। মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে। নিৰূপায় নকৰে। কেনেবাকৈ পথ দেখুৱায় নিব। সেই আশাতে বন্দী। ভালপোৱা ছোৱালী ৰাখিবলৈ বৰ কষ্ট। প্ৰেমিকৰ কম কষ্ট নে? লাইফ বনাবলৈ। তাইক ঘৰখনক বুজাই বঢ়াই থাকিবলৈ কিমান কষ্টকৰ। হে প্ৰভু সহায় কৰক। মিনতি কৰিছোঁ।
Comments
Post a Comment