গল্প ২০২৬
১০ টাকা
(১)
আমাৰ টিকট বুকিং বাছখন ৰাখিছে। প্ৰিয়াংশু ৰেষ্টুৰেন্ট ৰ কাষৰৰ হোটেল খনত। দৰং এইবাৰ ধৰি সখা মোৰ দ্বিতীয় যাত্ৰা। সাক্ষাৎকাৰ আৰু মোৰ পিএইচডি গবেষণাৰ তথ্য সংগ্ৰহ কৰিবলৈ অহা-যোৱা। তেতিয়া দৰঙৰ ভূষণছাৰৰ ঘৰৰ মানুহৰ আতিথ্যই মুগ্ধ কৰিছিল। তাতোকৈ মুগ্ধ কৰিছিল-'তুমি আহা সকলো যা-যোগাৰ মই কৰি দিম। লগত গৈ দিম। মানুহৰ সৈতে যোগসূত্ৰ স্থাপন কৰি দিম '। কোনোদিনে চিনি নোপোৱা দেখি নোপোৱা মানুহৰ বাবে ই বুকুত লৈ ফুৰিবলগীয়া কথা ।২৭ ডিচেম্বৰ,২০২৩। নতুন বছৰ পিৰালিত। গাড়ীখন ৰখোৱাৰ লগে লগে চানা বাদাম কমলা বুলি চিঞৰি উঠা শুনা নাযায়। নহ'লে কেঁচা চানা,বাদাম, লগত নেমু ৰস,কেঁচা জলকীয়া, কেচাঁ নিমখো দিয়ে। পানী দিবলৈ কেইবাজনো আহি যায়। ঘৰখন তেনেকৈ কৰি চলাই আছে। চোৰ,দগাবাজ কৰা নাই নহয়। কৰ্ম কৰি খাইছে। কামত কি সৰু বৰ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংটনেই এনে দিশটো গুৰুত্বপূৰ্ণকৈ কৈ দেখুওৱাই গৈছে।
কিয়নো সন্ধিয়াৰ লগে লগে এইখন বজাৰ সামৰে। ইয়াতেই আকৌ তৃতীয় লিংগৰ বা বোৰ আহি ১০ টাকা দি এনেকৈ কয়। টাকাটো পাই যোৱাৰ লগে লগে মূৰত হাতখন ৰাখি আশীৰ্বাদ এজোলোকা দি দিয়া দেখা যায়। বহুতে পইচা বিচৰাৰ লগে লগে নাপালে কাজিয়া কৰা দেখিছোঁ। আজি কথাটো অলপ ওলোটা। বাছখন ৰখাই দিছে। চাহ-ভাত খাই লওক। বাহিৰ কৰি লওক। এইবুলি কোৱাৰ লগে লগে মানুহখিনি উঠি যায়। শৌচ প্ৰস্বাৱ কৰি লয়। আমি চৰকাৰী শৌচাগাৰ ৫,১০ টকা দি হলকা হৈ লৈছোঁ। এবাৰ কি দুবাৰ পেট্ৰল পাম্মত মুখ ধুইছো। ব্ৰাছ কৰিছোঁ। প্ৰস্বাৱ কৰিলোঁ। শৌচ কৰিছোঁ। তেতিয়া মনটো বিৰাট শান্তি লাগে। ঠাণ্ডাৰ সময়ত প্ৰস্বাৱ বেছিকৈ লাগে বাবে সেই কামটো ৰুচিপূৰ্ণকৈ কৰোঁ। মানে কেনেকৈ? দুচকু মুদি নিজে কল্পনা কৰক। শেষত যেনিবা কয়-হগা ডাঙৰ নে ৰজা ডাঙৰ শৌচৰ বিজ্ঞাপনৰ দিশত। আকৌ প্ৰস্বাৱৰ দিশত আহ: পৃথিৱীৰ সুখ এই এয়াই। নহ'লে পেটটো বিষাই গৈছিল। প্ৰস্বাৱবোৰ কিমি পেলুৰ দৰে ওলাই আহিব ধৰে। এতিয়া ৰক্ষা প্ৰভূ। কৃষ্ণই কিংকৰ...
(২)
কিছুৱে মুখ -হাত ধুই লয়। কোনোবা চাহ-ভাত খাই। কোনোবা ল'ৰা -তিৰোতা লগত আহে। সেয়েহে মানুহজনে দুই এপদ বস্তু আনি সহায় কৰে। তাৰ পিছত মানুহজনীক শৌচালয় বা শৌচাগাৰ বা অলপ ওলাই প্ৰয়োজনীয় বস্তুকেইপদ যা-যোগাৰ কৰি ল'বলৈ আগবঢ়ায় দিয়ে। বাই জনী লাহে লাহে উঠি আহিছে। গাড়ীখনৰ পৰা মানুহবোৰ নামি আছিল যে তেওঁ খৰকৈ বা লৰালৰিকৈ উঠিব বিচৰা নাছিল। ধীৰৈ স্থিৰে উঠি আহিল। মুখত আনন্দ। গাত গৰমৰ পৰা ৰক্ষা পাবলৈ কাপোৰ পিন্ধিছে। খোপাত ৰঙা কাপোৰেৰে বন্ধা আছে। ৰঙা ডাক দিয়া কুকুৰাৰ ৰঙৰ দৰে। ভব্য সাজ-পোছাক। আহিয়ে দাদা - দে ১০ টাকা। লাহে লাহে যাত্ৰীসকলে পইচা পকেটৰ পৰা উলিয়াই দিছে। যাত্ৰীসকলৰ কোনটো পকেট মানি বেগৰ পৰা টকাটো দিবলৈ চেষ্টা কৰি আছে তন্ন তন্নকৈ চাইছে। কোনোবা আমনি লাগি আছে। গতিকে মোবাইলকে চাই আহিছে। প্ৰিয় গায়কৰ গান শুনি আছে। কোনোবাই কমেডি ভিডিঅ'চাই আছে। কোনেও হেডফোন ব্যৱহাৰ কৰে আন কিছুমানে নকৰে। সৰু ল'ৰা-ছোৱালীৰ কান্দোনৰ ৰোল আছে। মাকে গাখীৰ খুৱাই,দেউতাকে নিচুকাই,একোলা দুকোলা লৈ মাজে মাজে সৰুকৈ নিচুকণি গাই ওমলাই গৈ আছে। আজিকালি কন কন ল'ৰা ছোৱালীৰ আমনিৰ পৰা হাত সাৰিবলৈ ফোনটো দি দিয়ে। গেম, কাৰ্টুন,ফ্ৰি ফ্ৰাই খেলি বহুত সময় নিয়াই। চকুও বেয়া হয়। নিচা লগাবই নালাগে। নহ'লে নোহোৱা নোপোজা কাণ্ড কৰিবলৈ ৮-১৩ বছৰীয়াই কেৰেপ নকৰে। হায়! কলিকাল----
কোনোবাই টোপনিত লাল-কাল। কোনোবাই প্ৰিয়বান্ধৱী বান্ধৱী,প্ৰেয়সীৰ লগত কথা পাতিছে। আন কোনেও ভিডিঅ'কল কৰি বাৰ্তালাপ কৰিছে। নিজা ৰুচি অনুযায়ী উপভোগ কৰি আহিছে। তাতে গাড়ীখনৰ শব্দ,আন গাড়ীৰ শব্দ,হৰ্ণ,ব্ৰেকমৰা শব্দ,ৰখাই দিয়া মুহূৰ্ত আছেই। এই দিশত বাওসী জোকাৰি দি পইচা লাগে তাৰ ইংগিত দি দিছে। কাৰোবাক মূৰত লাহেকৈ চুই দি জাননী দিছে। সকলোৰে সহযোগিতা আগবঢ়াইছিল। তেওঁ মাত্ৰ সৰু ল'ৰা ছোৱালী ক ফ'ৰ্চ কৰা নেদেখিলোঁ। তেওঁ ও জানিছিল যে কন কন মইনা -মইনীহঁতে ক'ত টাকা পাব। মা-দেউতাই দিব লাগিব। মইটো মা-দেউতাকৰ পৰা ইতিমধ্যেই লৈ লৈছোঁ। মা-দেউতা লগত নহাসকলৰ পৰা কদাপি নলও। এনে ভাৱৰ বুৰবুৰণি মোৰ আহি থাকে।
বৰ ধুনীয়া গৰম কুৰ্টি পিন্ধি আহিছে। বেয়া লাগিল এই ঠাণ্ডাত ভৰিত জোতা নাই। মুজা আছে। বহুত দিনীয়া সম্ভৱতঃ। কাৰণ তাৰ সামান্য মলিয়ন আৰু আয়ৰণ ৰঙৰ চিমনিয়ে ক্লিয়াৰ কৰি দিয়ে। ভূপেন ককাৰ গানসমূহ প্ৰতি বৰ্ণ হৃদয়ঙ্গম কৰিবলৈ বাকী আছে। মই দহটকা,সখাই দহটাকা দিছোঁ। দিবলৈ মন আছিল আদিও কাষৰৰ বয়সীয়া মানুহ জনৰ চকুৰ আকাৰ -ইংগিতে বাধা দিলে। উপায় নাই। এদিন উপায় ওলাব। যেতিয়া ভোকৰ মূল্য উজ্জ্বল হৈ পৰিব। মুখত কম স্পষ্ট হিন্দী বঙালী মিশ্ৰিত গানৰ কলি গুণগুণাই আছে। হাতৰ আঙুলিৰ প্ৰতি ফাকত ১০ টকা,২০ টকীয়া নোৰা নোটসমূহ চিলাই লৈছে। যেন নানীত পকমৌ চিলাই লৈছে। ১০ টকাহে লয়। বেছি নলয়। কমকৈ দিলেও লয়। আন্তৰিকতা আছে। কোনোবাজন সক্ষম নহয় দহটাকা দিবলৈ কোনো কথা নাই। কোনোৱে বলেৰে শটকা দিয়ে। কাৰণ দহটকাতনো কি খাব। পেট ভৰিব জানো। দিছোঁ যেতিয়া পেট ভৰাকৈ কিবা এটা খাব পৰাকৈ দিওঁ। কিছুমানে ভাবে দহটকাকৈ দহখন বাছত উঠি দিলে বহুত পাব। হৈ যাব কেইবাদিনো। বাছ বন্ধ হ'লে যে সৰহকৈ দিয়াসকলৰ প্ৰতি তেওঁলোকে চিৰকৃতজ্ঞ অনুভৱ কৰি থাকে।
হাতৰ আঙুলিত কেইবাটাও আঙুঠি পিন্ধিছে। পাতল লংপেন্টো পিন্ধিছে। ঠাণ্ডাৰ বাবে পিন্ধিছে। বৰ সাৱধানে পইচাখিনি লৈ লৈছে। এক অনন্য সুখানুভূতি দেখা গৈছে।সকলোকে বৰ মৰমেৰে পইচা বিচাৰিছে। মই তন্নকৈ মন কৰিছোঁ। কি কৈছে সুন্দৰী বাই। দুয়োখন হাত লয় তাল মিলাই বজাই দিছে। আস্তে আস্তে। মৌনতা হানি নোহোৱাকৈ। প্ৰায় ৪০ ৰ ওচৰত চিট আছে। মজবুত চিট। কিন্তু শেষৰফালে বৰ ঠেকেছনি মেকেচনি খোৱা হয়। তাতে মাজে সময়ে ব্ৰেক মাৰে। উফালমাৰি দিয়াৰ দৰে লাগে।
(৩)
কিয় তেওঁলোকৰ প্ৰতি কিছুমান লোকৰ ধাৰণা বেলেগ। মানুহবোৰ পইচা দিছে। কিছুমানে খুচুৰা নাই বুলি দিয়াই নাই। আমি উঠি নাইটচুপাৰ মালক্ষ্মী। খাৰুপেটীয়া বহুত বস্তু বজাৰত বিক্ৰীৰ বাবে ইঠাইৰ পৰা সিঠাইলৈ লৈ যায়। মই বজাৰ সমাৰ কৰোঁ। " খাৰুপেটীয়া ওলাই গ'ল, আমাৰ লোকেল বস্তুৰ দাম কমি গ'ল। আমাৰ বজাৰ পৰিব -এইবুলি
তেতিয়া প্ৰায় শুনো।
ডিকীত ডাঙৰ ডাঙৰ পেকেট দি দিছে। গাড়ীৰ ওপৰৰ বডিত বহুত টোপোলা দি দিছে। মাজে মাজে গাড়ীখন পইকআপ লয়। বস্তু নমোৱা মেলা কৰোঁতে সময় লয়। কাৰণ সঠিক টোপোলা দিয়া,ঠাইতে হিচাপ কৰা,মূল ব্যক্তি লৈ বস্তু খিনি হেণ্ড অভাৰ কৰা। এজনে বাছৰ মাজৰ প্লেখখন দাঙি ধৰা, নহ'লে যে গাতে চেপা,মূৰত হেঁচা,শেষেই পাব নহয়, এজনে পোহৰ দি দিয়া
মৈৰ দৰে ৰখা সেইডালত উঠি সুন্দৰকৈ টোপোলা খিনি ৰখা হৈছে। নাইট চুপাৰ খনৰ বাদেও আৰু বহুত পেকেটত ফেছবীন,আলু,ওলকবি,ফুলকবি,বান্ধাকবি, তামোল, বেঙেনা, ডাংবদি ভৰাই থোৱা দেখিছোঁ। খাৰুপেটীয়া মাল দম দম বস্তাই বস্তাই। অৱশ্যে আমাৰ ঘৰচীয়াক ফেৰ মাৰিব সোনকালেই নোৱাৰে। সচেতন গ্ৰাহকে এই কথা মনত ৰাখে। সেয়ে ঋতু অনুসৰি সামগ্ৰী খাব।
কিছুমান কাৰ্টুনৰ ভিতৰত একো ধৰিব পৰা নাই। কোনো দোকানৰ মালো হ'ব পাৰে। আমি মা কামাখ্যা হোটেলত ভাত খাই আহিছোঁ বাবে খাবলৈ নগলো। মই কথাখিনি চালি-জাৰি চাবলৈ যত্ন কৰিছোঁ।
বাজনীৰ পেটটো গেৰেলা। মেঘালী চুলিতাৰি। পিন্ধনত। সামান্য পাতল ৰঙা ৰঙৰ লিপস্টিক। নখ চাফা। দীঘল নখত এক সৌন্দৰ্য আছে। কাৰণ খুব পৰিস্কাৰকৈ ৰাখে। নখচুকীয়া হোৱাৰ পৰা বচাই ৰাখে। হাত খুব ধুনীয়াকৈ চাবোন দিয়ে। দীঘলকৈ হাত থকা কাপোৰটো পিন্ধিছে যাতে ঠাণ্ডা দেহলৈ পিয়পিব নোৱাৰে। নহ'লে দেহৰ ৰন্ধে ৰন্ধে প্ৰৱেশ কৰিলে যৌৱনদীপ্ত মনে জাগ্ৰত হৈ উঠিব পাৰে। চৌদিশে বতাহ বলা বন্ধ হ'ব পাৰে। শীতল বতাহে ঠেকা শিলে শিলে তচনছ হৈ যাব পাৰে পৃথিৱী।
(৪)
খোজ-কাটলত লয়লাস গতি। এই গতিয়ে কাৰো অপকাৰ নকৰে। চিন্তা নকৰিব। সিহঁতে নিজেই অভ্যাসত পৰিণত হৈছে। বহুত ভাল মানুহৰ ছোৱালী বুলি মোৰ ভুলো হৈছিল। শুদ্ধ কৰি লৈছোঁ। ভাৰতৰ আৰু অসমৰ গৱেষককে লেখকে গৱেষণা, চিন্তা চৰ্চা, অধ্যয়ন, ওচৰৰ পৰা জুমি চোৱাৰ চেষ্টা চলাই আছে। হাত মসৃণ। চুৰিদাৰ।সৰু টেকেলীয়েই আৰু। মন পৰিস্কাৰ। কিবা এটা। লিখিবলৈ এনেকৈ লক্ষ্য কৰিছোঁ। মানুহৰ মনৰ মাজুলীত কথাখিনিয়ে গুমগুমণি তোলক বুলিয়েই তেনেকৈ আলেঙে আলাঙে মন কৰিছোঁ। যাত্ৰীসকলৰ পৰা পইচা লৈ থাকোঁতে মোৰ চকুত তেওঁৰ চকু নপৰাকৈ মানে চকুত ধূলি মাৰি লক্ষ্য কৰিছোঁ। তেওঁলোকৰ পৃথিৱীখন ঈশ্বৰে সুকীয়াকৈটো গঢ়া নাই। তেনেহ'লে পাৰিলে দহ বিশটকা খোলোচা মনে দিব লাগে। গালি নাপাৰিব,দণ্ডনীয় হৈ যাব পাৰে।
ভাত একাহী খায়েই চিধা আহিল বোধহয়। বেছি ওখ নহয়। ডেকাৰ চকুৱে বিজুলী মাৰিবই। দুটা তিনিটা কাপোৰ পিন্ধিছে। ইয়াৰ ফলত গাত কাপোৰৰ অলপীয়া দমৰ দৰেই হৈছে। চকু উজ্জ্বল। শালমইনাবিহীন ।ভাষা সৰল। বিজতৰীয়া কথা পাতিবলৈ সময় নাথাকে। পৃথিৱী এখন তাই বিচাৰি আছে। প্ৰেমৰ সুৰ শুনিবলৈ ব্যাকুল হৈ আছে। ডেকা ল'ৰা ৰ পৰা পইচা লওতে বহুত পৰ চাই থকা মিঠা চাৱনিয়ে এই কথা স্পষ্ট কৰিব।
বাছ ট্ৰেভেলাৰ বা নাইট চুপাৰ ত শ্লীপাৰ চিটো থাকে। যেনিবা মুল দামৰ লগত ১০০ টকামান বেছি দিব লাগে। আমি অহাখনত তেনে সুবিধা নাই। আমি ৩২,৩৩ চিট। স্পীড বেকাৰত মজা লাগে। মজা মানে খট খট ৰাজঘোঁৰা। ঝুলনাত ঝুলি থাকিলেই অলপ ভাল চাগৈ। ইয়াত বৰ কষ্ট। বিশেষকৈ শেষৰ চিট। জাম্পিং পাম্পিং হৈ থাকে। গাড়ীখনৰ প্ৰেট্ৰল ডিজেল যিয়েই নহওক গোন্ধ আছে। সেই গোন্ধ বতাহত আহি নাকত সোফা মাৰেহি। বেয়া গোন্ধ প্ৰথম ভাল লগা লোকো আছে। কিন্তু পিছলৈ সেই দুৰ্গন্ধটো স্বাস্থ্যৰ বাবে হানিকাৰক। হো হোৱাই শব্দ কৰ্ণকোহৰত পৰে। ইফালে গাড়ীখনৰ ঘটলং মটলং। শেষত কেতিয়াও বুকিং কৰিব নালাগে। আমাৰ উপায় নাছিল। এনে শব্দবোৰৰ বাবে সৰ্বশৰীৰ কঁপাই দিয়ে। প্ৰকাণ্ড হাতীৰ পিঠিত উঠি অহা যেন লাগে। আমি অহা বাছখন খাৰুপেটীয়া পৰা ডিব্ৰুগড় হৈ তিনিচুকীয়া লৈ যাব। কোন ক'ত উঠিছে,নামিছে,কোনে নামিব,কোনে কিমান পইচা পাবলৈ আছে সকলো গুৰুত্বপূৰ্ণ দিয়া দিশটো ভাল লাগিল।
(৫)
কথাখিনি ভাবি থাকোঁ। সেইসকল লোকক ৰজাঘৰে দিছেনে সা-সুবিধা। দিছে নিশ্চয়। বহুত স্মাৰ্ট মানুহ আহিলে। গতিকে সকলোৱে সকলোৰে কথা ভাবি আগবাঢ়ি যোৱাত কাৰ কি আহে যায়। আজিকালি পকেতত কোনেও টকা লৈ নাথাকে। এটিএমত লৈ থাকে। মানীবেগত ডকউমএন্ট থাকে। তাকো একেখনৰে ডুবলিকেট বনাই ৰাখে। ইন্টাৰনেট কা জামানা না। এদিন দেখিছোঁ ৰাস্তা বা গাড়ী বাছ, ট্ৰেভেলাৰ পৰা টকা নিবলৈ কিইউ আৰ কড থকা স্কেনাৰৰ দৰকাৰ হ'ব। তেওঁ লোকক এটা এণ্ড্ৰয়দ ফোন লাগিব। ব্যৱহাৰ কৰিবলৈ শিকি। আজিকালি কনমানিবোৰেই কিমান উৎপাতকৈ ফোন চলাব জানে। মোৰ এনেকুৱা লাগে ভৱিষ্যতে ম'বাইল সেৱাৰ বাবে এখন যুদ্ধ হ'ব। কাৰণ জীৱন কটাব লাগিব। নহ'লে পেটত গাঁথি টেকেলিও কাটি।
আমি ডিয়ু পাওঁ পাওঁ। লাহি পাহি ককালৰ অধিকাৰী বাগৰাকী বহুত আগেয়ে হেৰাই গৈছে। কিন্তু মোৰ সহায় কৰিব নোৱৰা দুখে সদায় পীড়া দি থাকিব। কথাখিনি নতুন নতুন ভাবিবই লাগিব। এচেৰেঙা ৰ'দ আহিছে। খিৰিকীয়েদি আহি বহা চিটত পৰিছে। চিটৰ মূৰত পৰিছে বাবে টোপনি থকা মানুহবোৰ দেখা গৈছে উজ্জ্বল। হেঙুল হাইতালেৰে বোলোৱা আছে গাড়ীখনৰ ভিতৰভাগত। বন্ধাকবি, ফলমূল, সুন্দৰ ফুল, লতাৰে সোণত সুৱগা চৰাইছে। চিটৰ মূৰত পৰা ৰ'দ ৰ পোহৰ বৈ যোৱা নদীত যেন জিলিক জালাক হৈ শিহু ভেকুলীৰ ছালচটা জিলিকি থকাৰ দৰে লাগিছে। আইনাএখনে যেন ছিটবোৰক বাৰে বাৰে ৰ'দ দিবলৈ যত্ন কৰিছে। টোপনি জালত ক'ত পালোঁহি ন, দাদা মৰাণহাট, ভাইটি তিনিচুকীয়া পালোঁ নে,দাদা ডিব্ৰুগড় পোৱাহিয়েই নাই। মাজে মাজে পিকাপটো এৰি দিয়ে যে। ৰাস্তাত জীৱ -জন্তুও পাওঁ। সকলোৰে কথা ভাবি থাকোঁ। আমিটো জাগি জাগি আপোনালোকক চহী চলামত ঘৰ পোৱাব লাগিব। এয়া আমাৰ দায়িত্ব।
লাহে লাহে জ্যোতিবাটচৰায়েদি অলপ গৈছোঁ। তিনিচুকীয়া বা গুৱাহাটীমুখী ৰাস্তাৰ মধ্য ভাগৰ ফুডব্ৰিজৰ তলতে আমি নামি ল'লো। অলপ খোকাঢ়ি দিছোঁ। মনলৈ শীতলতা আহিছে। নিজা চহৰ সদায়েই আপোন। তাতোকৈ আপোন বায়ু,পানী, মাটি, মানুহ আৰু চৌপাশ...
ৰাজেন দাস
ডিব্ৰুগড়
ফোন -৯১০১২২১৪৩৬
"মানৱীয় দৃষ্টিভংগী প্ৰকাশ পাইছে। তৃতীয় লিংগৰ মাত্ৰ প্ৰসংগ অলপৰহে প্ৰকাশ ঘটিছে। মোৰ দৃষ্টিত তেওঁলোকৰ প্ৰসংগৰ ৯৫% দিশেই আহিবলৈ বাকী।
বাকী অনুভৱখিনি ঠিকেই আছে।"
-লক্ষ্যজিৎ হাজৰিকা, গৱেষক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ
Comments
Post a Comment