পৰীক্ষা দিউতি দিয়া অভিজ্ঞতা

 পৰীক্ষা দিউতি দিয়া অভিজ্ঞতা -1

চাৰ বাইদেউৱে অৰিয়েন্টশ্যন প্ৰগ্ৰেম কৰিছিল। আমাক শিকাই বুজাই দিছে। প্ৰথম আৰু তৃতীয় সান্মাষিকৰ পৰীক্ষা দিউতি দিওঁতে কিমান সতৰ্ক হ'ব লাগিব। আমি গৱেষক ছাত্ৰ সকল উপকৃত হৈছোঁ। তাৰেই আজি প্ৰতিফলন হিচাপে প্ৰথম পৰীক্ষাৰ দিউতি দি আহিছোঁ। খুব ভাল লাগিল। এটা নিৰ্দিষ্ট সময়ত সকলো উপস্থিত হৈছোঁহি। মই ৰাতিৰ পৰাই ভয়ো খাই আছোঁ। সোনকালেই সাৰ পাই গা ধুই প্ৰাৰ্থনা কৰিছোঁ। চোনা ক কৈ মেলি 11 বজাৰ পৰীক্ষাত মই 10 বজা মানতেই গৈছোঁ। ল'ৰা ছোৱালী খিনিৰ লগতে ময়ো শিকিছো। ৰোলনং উৱাইজ বহিবলৈ দিয়া হৈছিল অৰিয়েন্টশ্যন প্ৰগ্ৰেম ত ছিট মাৰি দিছোঁ যে তাত। খুব স্পষ্ট আৰু শুদ্ধকৈ মাৰি দিয়া হৈছিল। তাতেই সকলো আহিছে আমি সকলোৱে বুজাই দিছো। আমি চাৰিটা ৰ' বনাই প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। তাৰ কাষতে পৰীক্ষাৰ্থী ৰ ৰোলনং,চহী আৰু এক্সট্ৰাৰ চিৰিয়েল নম্বৰ দি দিয়া হৈছিল। বাহিৰলৈ পাঁচমিনিটৰ বাবে যাবলৈ দিয়া হৈছে। মাজতে চাহ খোৱা -বোৱা কাম সম্পন্ন হয়। চহী কৰিছোঁ। তাৰ পিছত বহী দিয়া আৰু নীতি নিৰ্দেশনা সমূহৰ মাজেদি গৈ গৈ এসময়ত পৰীক্ষা শেষ হৈছে  শচীনে জংছাগত খুওৱা ভাতমুঠি খায়েই আৰু কোঠালৈ গমন কৰিছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা