কাচি-দঁৰীয়া উপন্যাসৰ মতামত
ৰাজেন কাচি-দঁৰীয়া, আভা প্ৰকাশনৰ, উপন্যাস খন দ্বিতীয় সংস্কৰণটো প্ৰকাশ পোৱা গম পাই খুব আনন্দ পাইছোঁ -ড° নগেন শইকীয়া ছাৰ,২৭-০৯-২০২৩
কিতাপখনৰ প্ৰডাকস্কন ভাল হৈছে -ড অৰবিন্দ ৰাজখোৱা, নৰ্থ লখিমপুৰ কলেজ
(ফোন কৰি কৈছে) -ৰাজেন কাচি-দঁৰীয়া পঢ়ি শেষ কৰিছোঁ। খুব ভাল লাগিল। বৰ ধুনীয়াকৈ অঞ্চলবোৰৰ ভাষাবোৰ আনিছা। সমাজ, বাস্তৱ লগতে ৰান্ধনী ঘৰটোৰ ইমান ধুনীয়া শব্দ। গাঁৱৰ মানুহৰ মুখৰ পৰা বুটলি আনি বাক্য ব্যৱহাৰ কৰিছা। লগতে চুটি কৰিব পাৰিলাহেঁতেন। নতুন হিচাপে ঠিক আছে। প্লট গোটাই গোটাই আগলৈ লিখি থাকিবা।
কথা প্ৰসংগত চৈয়দ আব্দুল মালিক ছাৰ আৰু নীলমণি ফুকন ছাৰৰ ৰচনাৰাজিৰ প্ৰসংগ টানি আনি সুন্দৰকৈ বুজাই অনুপ্ৰেৰণা দিলে। মন কৰিবলগীয়াকৈ কৈছে আন এটা কথা- বহুতেই গ্ৰন্থ পঢ়ে কিন্তু সমাজখন নপঢ়ে।
কথাখিনি মোক চিৰদিন সাহস হৈ থাকিব। শকতি দি থাকিব।
আনক মটিভেটেড কৰিব পৰা উপন্যাস কাচি-দঁৰীয়া বুলি মত পোষণ কৰা বাইদেৱে কয়-কাচি-দঁৰীয়া সম্পৰ্কে মুখগ্ৰন্থত দিছিলোঁ সেইটো আকৌ বাতৰি কাকতলৈ বিচাৰিছে বাবে মই ধুনীয়াকৈ দি দিম বুলি মুখগ্ৰন্থত কোনোৱে চাব নোৱৰা কৰিলোঁ।
সাংবাদিক-সাহিত্যক ৰত্না ভৰালী তালুকদাৰ,৮-১১-২০২৩
মোৰ দৰে নতুন মানুহৰ বাবে এয়া আশীৰ্বাদ স্বৰূপ।
আভা প্ৰকাশন আৰু মোৰ ফালৰ পৰা বাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
কাচি-দঁৰীয়া উপন্যাস খন প্ৰথম লিখা যেন লগা নাই। অভিজ্ঞতাসম্পন্ন মানুহৰ দৰে লিখা ধাৰণা হৈছে,লিখাৰ ষ্টাইলটোৱে এই কথা স্পষ্ট কৰিছে-পূৰৱী বাইদেউ,ডিব্ৰগড় বিশ্ববিদ্যালয়,২৫-০৯-২০২৩
স্বীকৃতিৰ বেলিকাই হওক বা সমালোচনাৰ বেলিকাই হওক-- এই সময়ে যেন সমাজ-বাস্তৱতা আধাৰিত কবিতা-গল্প-উপন্যাসক নাকচ কৰিছে, পাঠকৰ মৰমেহে তেওঁলোকক উজ্জীৱিত কৰি ৰাখিছে। ৰাজেন দাসৰ উপন্যাস কাচি-দঁৰীয়া পঢ়ি কিছু কথা মনলৈ আহিছিল। সামাজিক মাধ্যমতে কেইশাৰীমান লিখিছিলোঁ। লগে লগেই ‘দৈনিক অসম’ৰ বিতোপন বৰবৰাদেৱে সেইটো কাকতখনৰ বাবে বিচাৰিলে। আজি কথাখিনি প্ৰকাশ হৈছে। শ্ৰদ্ধাৰ পাঠকৰ বাবে আগবঢ়ালোঁ 🙏🙏
কাচি-দঁৰীয়া
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ ৰাজেন দাসে লিখি উলিওৱা “কাচি-দঁৰীয়া” নামৰ উপন্যাসখন পঢ়িলোঁ। এটা নিভাঁজ উজনীয়া আঞ্চলিক ভাষা, মানুহৰ মুখৰপৰা হেৰাই যাব খোজা সুমধুৰ কিছুমান চহা শব্দ সাৱলীলভাৱে বুটলি অনাৰ প্ৰয়াসে উপন্যাসখন পঢ়িবলৈ মনটো ধৰি ৰাখিলে l উপন্যাসখন আত্মজৈৱনিক আৰু একধৰণৰ motivational বুলিও কব পাৰি। উপন্যাসত দুটা বাস্তৱতা আছে— দৰিদ্ৰতা আৰু সামাজিকভাৱে পিচপৰা কৃষিজীৱি সমাজ এখনৰ প্ৰতিবন্ধকতা। সংবেদনশীল শিশু মন এটি জোকাৰি দিবলৈ এই দুটা কাৰকেই যথেষ্ট। অসমৰ বহুতো ঠাইত শিশুৰ বাবে দৰিদ্ৰতা এক অভিশাপ। তাতেই যদি সেই সমাজখন সামাজিকভাৱে পিচপৰা শ্ৰেণীৰ হয়, তেন্তে সেই বেদনা হৈ পৰে দুৰ্বিসহ। উপন্যাসত শিশুৰ সংবেদনশীল মনে দৰিদ্ৰতাৰ সতে যুঁজি যুঁজি শৈশৱৰ কঠোৰ প্ৰেক্ষাৰপৰাই তিল তিলকৈ জীৱন গঢ়িছে, ভাঙি পৰিব খোজাৰ সময়ত মন দৃঢ় কৰি সমাজবাস্তৱতাকো চাবলৈ শিকিছে l সামাজিক সংকীৰ্ণতা এক ব্যাধি। মনৰ দুৰন্ত পোহৰেৰে তাক অতিক্ৰম কৰিব নোৱাৰিলে জীৱনৰ নেওচা-কেওচা খুওৱা অভিজ্ঞতাবোৰৰ মাজতে জীৱনে লেটি লয়। এনে এখন সমাজত কম সংখ্যকেহে সৰুৰপৰাই তীক্ষ্ণভাৱে সমাজবাস্তৱতাক চাবলৈ শিকে আৰু সংকীৰ্ণ ভাৱনাৰ হেঙাৰ পাৰ হৈ জীৱনক মহীয়ান কৰাৰ বাসনাৰে তিল তিলকৈ নিজকে গঢ দিয়ে। এই যাত্ৰা মধুৰ নহয়। সন্তানক শিক্ষালাভৰ বাটত আগবঢ়াই দিবলৈ যাওতে ধাৰ-ধুপাৰ কৰিবলগীয়া হোৱা মাতৃক দুটা টকা দিবলৈ লওতেও দাতাৰ মনত সন্দেহে উঁক দিয়ে—পইচা ওভতাই দিব পাৰিব জানো! মেধাবী সন্তানৰ বাবে তেনে পুতৌজনক চকুৰ চাৱনি শৰীৰত হজম কৰি দিয়াটো কঠিন । অৱশেষত ইস্পিত লক্ষ্যত উপনীত হোৱাৰ সময়ত সেই দুখজৰ্জৰ দিনবোৰলৈ উভতি চাওতে তাহানিৰ নাযায়-নুপুৱায় যেন লগা সময়বোৰেই জীৱনৰ প্ৰেৰণা হৈ উঠেগৈ। এটা কথা সত্য যে, বহুতেই এই দুৰ্বিসহ অভিজ্ঞতাবোৰ সময়ৰ কষটি শিলত নিৰ্মোহভাৱে চাবলৈ সাহস কৰিব নোৱাৰে। কিন্তু "কাঁচি-দৰীয়া"ত ঔপন্যাসিকে কঠিন সামাজিক প্ৰতিবন্ধকতাৰ মাজত থকা সমাজ খনৰ কঠিন সত্যবোৰ অকাতৰে উন্মোচন কৰিছে, জীৱন বাটৰ লগৰী হিচাপে তাক সহজে গ্ৰহণো কৰিছে।
উপন্যাসৰ গদ্যশৈলীত আছে চৈয়দ আব্দুল মালিকৰ উত্তৰাধিকাৰৰ দৰে আৱেশ এটা l কাহিনীকথনত তেওঁ মাজে মাজে উজুটি খাইছে, বাক্য গাঁথনিত বহুত কাম কৰিবলগীয়াও আছে। কিন্তু এয়া আৰম্ভণিহে। বিশেষকৈ নতুন প্ৰজন্মৰ সাহিত্য পঢ়োঁতে আমি মৰমেৰে পঢ়োঁ, কিয়নো তেওঁলোকৰ আগলৈ বহু দূৰ যাবলৈ থাকে।
এইখিনিতে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন ছাৰে আমাক দিয়া ‘টিপচ্’ এটা আগবঢালোঁ--নতুন কবিতা-গল্প-উপন্যাসৰ জঁকাটো লিখি উঠি কিছুদিনলৈ গেৰাই থৈ পাহৰি যাব লাগে l তাৰপিছত এদিন উলিয়াই আনি আকৌ এবাৰ লিখিব পেলাব লাগে। তেতিয়া লেখকে নিজৰ বহুবোৰ ভ্ৰান্তি বা শুধৰণি নিজেই দেখা পায়।
--ৰত্না ভৰালী তালুকদাৰ
https://ratna1971.blogspot.com/
সুমন দাদা-উপন্যাস খন ভাল হৈছে। তুমি পাৰিবা। উপন্যাস লিখিব পাৰিবা, কুৱালিটি অলপ কাম আছে।
২১-০১-২০২৪
কাচি-দঁৰীয়া খন পঢ়িলোঁ। বহুত মানুহ ইন্সপায়াৰ হ'ব পাৰিব। শব্দ আৰু বাক্য খেলিমেলি আছে পৰৱৰ্তী সংস্কৰণত ঠিক কৰি দিবা।" ড° ঋজু ৰেখা বড়ি, অংশকালীন অধ্যাপক, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ,২৯-১-২০২৪
তোৰ কাচি-দঁৰীয়া কিতাপখন শিক্ষক এজনে পঢ়ি ভাল পাই লগ কৰিবলৈ আহিব,-নিৰঞ্জন গগৈ,ডিয়ু,গগৈ হোটেল ৰ মালিক,১৪-০৩-২০২৪
ভয় আৰু সাহস কৰি উলিয়াইছো কাচি-দঁৰীয়া খন, মোৰ কথা শেষ হ'লত বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞি বাইদেৱে ক'লে -একো নাই,ৰাইটাৰখিনিৰ যাত্ৰাটো প্ৰথম এনেকৈয়ে হয়,মোক সমুজ্জ্বল শইকীয়াই কিতাপখন পঢ়িবলৈ ৰিকমেন্ট কৰিছিল।,৭-৫-২০২৪, মঙ্গল বাৰ
কাচি-দঁৰীয়া নামটো খাপখোৱা হৈছে,যোৱা চাৰিটা দশকৰ ঔপন্যাসিকৰ উপন্যাসৰ সৈতে কিবা এটা মিল পাইছোঁ-সুমন দাদাৰ মা,৬-১১-২৪, মঙ্গলবাৰ
Autobiography novel-Dr Basanta kr Sarma, Professor Dibrugarh University
Comments
Post a Comment