ওমলা শেৱালীৰ পদ্য

 ওমলা শেৱালীৰ পদ্য


থোপাথোপে ইকাটি সিকাটিকৈ থকা ফুলবোৰ 

বৰ কোমল

মইনাহঁতে ইকোচ সিকোচ লওঁতে কৰোঁতে পাহি ভাগি গ'ল 


মই যে দুহাতেৰে চুই মৰম কৰোঁতে মনত লাগিছে 

নাকে শুঙিছো ইপাহি সিপাহি দেহ মন জুৰাইছে 



পুৱাই উঠি দেখিলোঁ শেৱালী নেৱালীৰ

 লাগিছে চাগৈ বৰ ভাগৰ



তিনিপ্ৰহৰৰ পৰাই জোপাজোপে লগালগিকৈ আছে নিয়ৰকণা

অ ইহঁতে দেখোন জুনুকা পিন্ধিছে

ৰুণ জুন ৰুণ জুন 

জুনুক ঝানাক

জুনুক ঝানাক



ভাইটি ময়ুৰকৃষ্ণ বৰালৈ

(মৰমতে মতা শকুনিলৈ)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা