প্ৰেম, মাজুলী

 এহাল প্ৰেমিকা আহিছে। মানে মাজুলীৰ গৰমূৰৰ পৰা ঢকূৱাখানালৈ আহিছে। বয়স ইমান নহয়। খুব বেছি ১৬ ছোৱালী আৰু ল'ৰাৰ ১৯ মান হ'ব। মই প্ৰথমে ভায়েক ভনীয়েক বুলি ভাবিছোঁ। তেওঁলোকে ফোনত মিছিং ভাষাত কথা পাতোতে ধৰিব পাৰিলোঁ। দুয়োৰে ইটো সিটো ক চোৱা চাৱনি বৰ ৰোমান্টিক আছিল। নিজৰ প্ৰেমিকালৈ মনত পৰি যাব। মাজে মাজে ছোৱালীজনীয়ে ল'ৰাটোক চুমা খাব বিচাৰে। সুবিধা পোৱা নাই। গোটেই গা টো ল'ৰাটোৰ গা ত দি দিয়া যেন কৰে। মাজে মাজে ঘৰৰ পৰা ফোন আহে। যেন আমনি কৰে। অৱশ্যে দুয়োজন ৰাস চাই ভাগৰ লগা যেন অনুমান হৈছিল। কিন্তু চকু কুতৰলৈকে সোমোৱাৰ চিন পোৱা নাই। ল'ৰাটোৱে পেকেট খাই খাই বাৰে বাৰে পিক পেলোৱা দি পেলাই আহিছে। মোৰ আমনি লাগি গৈছে। লোকৰ ঠাই তাতেই উদঙঈয়আ ল'ৰা ছোৱালী ক একো নোকোৱাকৈ থকাই মংগল। ওলোটাই পাঠ পঢ়াব। পঢ়া-শুনা কৰি থকা যেনো লাগে। মোৰ মুখখন সিহঁতৰ ফালে। বহাৰ চিটেই তেনে। মোৰ যেনিবা ডাঙৰ বেগে এই দিশত সহায় কৰি দিছে। ছোৱালীজনীয়ে ল'ৰাটোক শুৱাই লৈ গৈছিল। তাই ল'ৰাটোক বাৰে বাৰে আমনি দিছিল। কাণৰ ফুপত কিবাকিবি কয়। মাগুৰবৰণীয়া দুয়ো এসময়ত ফোনটোত কিবাকিবি চাই হাঁহি থাকে। ইটোৱে সিটোক টানি নিয়াৰ দৰে কৰে।ল'ৰা ই চুলিত হাতফুৰাই যেন সান্তনা দি গৈছিল। ইফালে গাড়ীত মানুহ। মিছিং ভাষাত কথা পাতি গৈছে বাবে মোৰ অসুবিধা হৈছে। আন অসুবিধা নহয়। সিহঁতে ইটো সিটোৰ গালৈ ইমান চাপি আহিছে। ল'ৰাই বুজনি দি গৈছে। তাই এসময়ত তাক বহুত সময় চাই থাকে। গালত ফুচফুচকৈ কিবা কিবা কয়। ল'ৰা ই কথা কম কয়। তাইক যেন পৃথিৱীৰ সকলো নিৰাপত্তা দি গৈছে। মাত্ৰ সৰু ছোৱালী বাবে তাইক কট্ৰোল কৰা টান হৈ গৈছে। উপায় নাই। যৌৱনৰ ভৰপক সময় কিছুমানৰ সোনকালেই হ'ব। তাতনো কোনে বাধা দিব। এসময়ত তাই ল'ৰাটোৰ গাতে শুই পৰিল। মিছিং ভাষাত অলপ-অচৰপ জানিব পাৰিছোঁ। উইঙ্গআৰৰ ড্ৰাইভাৰো মিছিং সম্প্ৰদায়ৰ লোক। বৰ ভাল কথা বতৰা। আমাৰ বেগ আৰু ট্ৰলী লৈ সহায় কৰি দিছে। বহুতো কনডাক্তৰেই এই কাম নকৰে। সুবিধা মিলাই মিছিং ভাষাত দুই এষাৰ কথা পাতি হাঁহি খিকিন্দালী কৰিলোঁ। 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা