ৱিকিপিডিয়াৰ কৰ্মশালা লৈ
মাজুলীলৈ যাত্ৰা
উইকিপিডিয়াৰ কৰ্মশালা লৈ। জোনাক আৰু মই। ২৫-১১-২০২৩। স্থান মাজুলী গড়মূৰ। কালিয়েই বিভাগৰ গৱেষক পূৰবী বা ৰ পৰা মাজুলীলৈ
যাত্ৰা কৰিবলৈ চালকৰ নংটো লৈছিলোঁ। বায়ে কৈছিল -আমআৰ ঘৰত সোমাবা আকৌ। মৰমিয়াল বা। আমাক এনেকৈ কোৱা বাবে ভাল লাগিল। ফোন কৰি কোৱা হ'ল। ১০ বজাৰ আগে আগে ইউনিভাৰ্ছিটি ৰ বাছষ্টপত ৰৈ থাকিবলৈ দিলে। ৰাতিটো এস্কাইটমেন্ট। মোৰ লেপটপ বেয়া হৈছিল,মানে অসমীয়া খিনি ইন্টাৰনেটত নুঠে। কাম কৰিব পৰা নাই। সমাধান পাম। প্ৰবন্ধ লিখন আৰু ফটো ইডিটিং ৰ প্ৰক্ষিশন লম। বাছষ্টপত ৰৈ আছোঁ। নাই অহা। বাছখনৰ নাম বিপুল নে কিবা। ফোন কৰিছে জোনাকে লগা নাই। উপায় নাই। সি ডিব্ৰুগড় মেডিকেল গৈ থকা এখনকে ৰাখিলে। সেইখন ৰিটাৰ্ন মাজুলীলৈ যাব। ধুন জোন নামৰ বাছ ত উঠিলোঁ। বহুত ধুনীয়া। আচলতে এইখন নতুন। কনডাক্তৰৰ ব্যৱহাৰ ভাল।আমাক আগুৱাই আনিছে। বেগ ধৰি দিছে। যদুৰ ট্ৰলী দাঙি দিছে। মোৰ বেগটো কৈছিল মই বোলে লেপটপ আছে নিদিওঁ। ঠিক আছে বুলি সুন্দৰ সঁহাৰি। গৈ আছোঁ। ডিব্ৰুগড় অধিবক্তা মানে নালিয়াপুল পাৰ হৈ ৰখাই আকৌ উভটনি যাত্ৰা। ছাৰজাৰ হেডফোন লাগে। মোৰ দৰকাৰ। যদু লও। এশটকা দিয়া। গুগুলপে কৰি দিম। ৰব দাদা। এশটকাত হ'ব। দিয়া। ডেৰশ কৈছিল হালধীয়া ৰঙৰ ৰিয়েলমি লিখা হেডফোন ডাল। ভৰি চোচৰাই মানুহ এজন আহিছে। বাছতে মোৰ পইচা নাই। সখাই যেনিবা দহটকা দিলে। আন মানুহেও দুই এপইচা দি গৈছোঁ। আগতে মানুহক দিওঁ। আজি নোৱাৰি দুখ পাইছোঁ। চানা,বাদাম লাগে। নালাগে বুলি জানিব দিছোঁ। মানুহ জন খীনকায়ী। ঘৰখনৰ ভালৰ বাবেই কামখিনি কৰি আছে। বজাৰ ভাল হওক। আমি দিম,মাংস বইল দাইল খাই আহিছোঁ। খাব মন নাই। মুখত ইটোৰ পিছত সিটো শিলিখা খাই আছোঁ। ইমান মসৃণ বতাহে লগতে খিৰিকীয়েদি অহা সৌন্দৰ্য সুগন্ধি সঁচাই ভাললগা। আমি গ্ৰুপত জনাই দিছোঁ ৰাইজ আমি গৈ আছোঁ দেই। লভ ৰিয়েক্ট পাইছোঁ। এজনে ঢকুৱাখানাত পালে ফোন কৰিবা কৈছে। লগৰ ভাস্কৰো গৈ আছে।
আহি আহি আমি বগীবিল দলঙ। আমি বাছখনৰ সোঁফালে। দুই নংত। ইমান ধুনীয়া বগীবিল। প্ৰাকৃতিক সৌন্দৰ্য। ঈৰ্ষান্বিত হ'ব। মন ভৰি গৈছে। পুলকিত হৈছোঁ। বগা আৰু উজ্জ্বল আকাশ। মিহি বতাহ। ট টকৈ আহি আছে ৰশ্মি। পানী কমিছে। বগীবিলৰ গৰ্ভ দেখিছোঁ। এই নৱেম্বৰ মাহত বগীবিল চিকচিকীয়া। বগীমতী ছোৱালী যেন। মূৰত বগা চিকমিক কাপোৰ। মৰম লগা শুকান বগা বালি। পিছলৈ যদুলৈ বিপুল বাছৰ মানু্হে ফোন কৰোঁতে কথাতো বজাই দিলে। চোনা ই কাম কৰি আছে। মই গাইনদী পাইছোঁ। চোনাক মাজে মাজে কৈ চিচিবৰ গাঁও পালোঁহি। ধেমাজি পাৰ হৈ। এনেকৈ কৈ গৈ উৎপল ছাৰলৈ মেচেজ কৰিলো। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। কাচি-দঁৰীয়া উপন্যাস খন দিম। ছাৰ পিছবেলা যোৰহাটলৈ যাব। ফোন কৰিবা ক'লে। ঠিক আছে ছাৰ ছাৰ,আজি মাজুলীলৈ গৈ আছোঁ। আপোনাক লগ পাম, মই ফোন কৰিম ছাৰ। জেকমাৰ ভাষণ শুনি গৈ আছোঁ। জাষ্টিন বিবাৰৰ গান। পুনটোন কিদছৰ মৰেল ষ্টৰী,ইলি গুলডিঙৰ গান,ষ্টেজ প্ৰগ্ৰেম,পিল্কি শৰ্মাৰ ফাষ্টপোষ্ট ৰ বাতৰি শুনি গৈ আছোঁ। ইংৰাজী শিকিবলৈ পাগল হৈ আছোঁ।
ধেমাজি মৰিধল পাৰ হলো। প্ৰিয়শিক্ষাগুৰু উৎপল ছাৰলৈ ফোন কৰিলোঁ। বহুত ভাল লাগিল। এসময়ত ছাৰে ডিকেডিত ক্লাছ কৰিছিল। তাৰে ছাত্ৰ। আমাৰ বিশেষকৈ আলোচনা পত্ৰ সমূহ শিকাইছিল। বহুত ভাল লাগিছিল। মোৰ ভাল হোৱা বাবে কেইবাটাও ষ্ট্ৰিকফাইল পাইছিলোঁ। মনত পৰিল। প্ৰতিভাৱান ছাৰৰ শ্ৰেণীসমূহলৈ। ছাৰৰ অসমীয়া লোকসাহিত্য, সত্ৰ, সত্ৰীয়া নৃত্য ইত্যাদি দিশত দখল আছে। ছাৰে নাটক উপন্যাস ৰচনা কৰি আহিছে। মাজালী দ্য আইলেণ্ড ছাৰৰ উপন্যাস।
ধেমাজি বাষ্টষ্টেণ্ড। দোকান, পোহাৰ, হোটেল,পাণদোকান ভৰি আছে। প্ৰস্বাৱগাৰ আছে। দুয়ো পাঁচটকাকৈ দি হালকা হৈ ল লো। ৰুটি খাই ল লো। মজা লাগিলে। চোনাকো সবিশেষ জনালোঁ। তাইৰ নাম সলনি কৰিলো অকণমানি ছোৱালী। তাইৰ মাকে দিয়া নাম। মই শুনি মনত ৰখাই জোকাৰিবলৈ থৈ দিছোঁ। মাকৰ বৰ আলাসৰ। মোক সাহস দিয়া ছোৱালী। তাইক লৈ বহুত সুখী। তাইৰ তাঁতশালত প্ৰতিভা বিকাশৰ বাবে চেষ্টা কৰিবলৈ কৈ থাকোঁ। সচাঁ ভালপোৱাজনে সকলো জানে। কাজিয়া লাগিলো। এই কাজিয়া ভাগিলো। থাকিবও নোৱাৰোঁ। মোক বহুত মৰম কৰে। সেইটোৱেই মোৰ আটাইতকৈ বেছি ভাললগা। আৰু একো নালাগে।
চিন্নমস্তাৰ থান পাৰ হৈ আহিলোঁ। তাৰ আগলৈ গৈ এঘৰ মানুহৰ গেটত লিখা আছে কুকুৰৰ পৰা সাৱধান।
আমি যোৱা বাছখন ভাল। পানজপাদি মানুহ জাপে।বাছখনত আমি বহা ঠিক সন্মুখভাগৰ গ্লাছখন আই লাভ ভিউ বুলি ষ্টিকাৰ মৰা আছে। আখৰকেইটা বগা ৰঙৰ। কাঁড়পাত বগা আৰু মিহি হালধীয়া লগতে উজ্জ্বল ৰঙৰ। গাড়ীৰ গ্লাছ খুলি ধূলি মাকতিৰ পৰা ৰক্ষা পাবলৈ যাত্ৰী সচেতন হ'ব লাগিব। বাছখনৰ ভিতৰত চানা,ছিপছ,পাণৰ ঠাৰি,বমি কৰি ,ছীখৰ পেকেটত পেলাই, পানী পেলাই নষ্ট কৰিব নালাগে।
ৰব ৰব মানুহ হৈছে। অলপ থেলা হেঁচা হ'ব-আইতা এগৰাকী য়ে কৈছে। ওলাওক ওলাওক। বিশ্ব ছিগনেছাৰ এটা আনিবি-কনডাক্টৰ। নতুন যাত্ৰী -চিট নাইয়েইচোন,চিপ আছে নে নাই পাই। নেপালে বৰ ডাঙৰ কথা হ'ব। এইবোৰৰ ভাৱ শুনিবলৈ পাই থাকোঁ। ফোনত ঘৰৰ খবৰ। কোনে কাক নিবলৈ আগবাঢ়ি আহিব। কোনখন ৰাস চাব। ৰাসৰ বতৰ। বহুত মানুহে চাবলৈ আহে।
এটি উল্লেখযোগ্য দিন, স্থান-মাজুলী, গড়মূৰ,২৬-১১-২০২৩। অসমীয়া ৱিকিমিডিয়াৰ কৰ্মশালাত উপস্থিত হৈ বহুত উপকৃত হৈছোঁ। অসমীয়া ভাষাত প্ৰবন্ধ লিখন,ফটো আপলোড,ৱিকি উৎস,ৱিকি উদ্ধৃতি এইসমূহ প্ৰামাণিকভাৱে বুজাই দিছে। অভিজ্ঞ ব্যাক্তিসকলে ইমান সুন্দৰ আৰু সহজকৈ স্পষ্টকৈ বুজাই দিলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাসমূহত লাভ কৰা বিভিন্ন অভিজ্ঞতাসমূহ ভাগ-বটোৱাৰা,কৰ্মশালাখনত লৈ বহুত শুভকামনা জনোৱা ব্যক্তিসকলৰ উৎসাহমূলক বাৰ্তাসমূহ, অসমীয়া ভাষা -সাহিত্য-সংস্কৃতি সম্বন্ধীয় লেখাসমূহ কিদৰে ডিজিটেল পৃথিৱীত শুদ্ধ আৰু তথ্যসমৃদ্ধকৈ ৰাখিব পাৰি,ইয়াত জড়িত বিভিন্ন প্ৰকল্প, ভগ্নী প্ৰকল্প ইত্যাদি সমূহৰ বিষয়ে চন্দন দাদা,দিব্য দাদা,বাবুল বৈশ্য দাদা,প্ৰণামিকা বাইদেউ,ৰুমী বাইদেউ,জ্যোতি চিৰিং বাইদেউ, নয়ন জ্যোতি নাথ দাদা ,সখা ভাস্কৰ আদিয়ে বহুত সুন্দৰকৈ বুজাই শিকাই উপকৃত কৰিলে। এইসকল অক্লান্ত সেনানীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
মাজুলী ৰ পৰা আহি আছোঁ। বগীবিল পাইছোহি। খবৰ আহিছে কাচি-দঁৰীয়া ৰ তৃতীয় সংস্কৰণ। আনন্দিত হৈছো। সকলোৰে মাজত ভাগ-বটোৱাৰা কৰিছোঁ।
কাচি-দঁৰীয়া ৰ তৃতীয় সংস্কৰণ প্ৰকাশ। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। শব্দ আৰু বাক্যৰ খেলিমেলিখিনি শুদ্ধ কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে। ক'ৰবাত ভুল ৰৈ যাব পাৰে। শুদ্ধ কৰি আগবঢ়ায় নিব বুলি আশা ৰাখিলোঁ।
যিসকলে কাচি-দঁৰীয়া উপন্যাস খন বিচাৰি আছিল তেওঁলোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ -+919101891236-আভা প্ৰকাশন,
9101221436-ৰাজেন দাস
#kachi_doriya
#kachi_doriya_assamese_novel

Comments
Post a Comment