বাজে নয়নে দিবানিশি (উপন্যাস)
ডিব্ৰুগড় ইউনিভাৰ্ছিটি
(উপন্যাস)
(১)
"বেজী সিওঁ সিওঁ
নিসিবা নিসিবা
এইপিনে যাওঁ
নেযাবা নেযাবা"
কলেজ এৰো এৰো সময়। কাৰণ ষষ্ঠ সান্মাষিক। ছেপ্তাৰো শেষেই। ষষ্ঠ ক্লাছ আৰম্ভ হৈ গৈছে। মনত বিষাদ এটাই হেঁচা দি আছে। কি এই হেঁচা। পঞ্চম সান্মাষিক শ্ৰেণী শেষ হ'লে আৰু বেছি দিন নাই। ষষ্ঠ সান্মাষিকৰ শ্ৰেণী পাম। তাৰ পিছত শেষেই হ'ব। চূড়ান্ত পৰীক্ষাত অলপ সকলোৱে জোৰ দিয়ে। ময়ো দিব লাগে। বহুত নম্বৰ কম। ভৱিষ্যতে কি হ'ব নাজানো। গৈ থাকো। চিলনী সাঁতোৰ দি। কি এক আৰাম। কিন্তু কৌশলেৰে পানীত প্ৰাণ ৰক্ষা কৰাৰ কথা। কৌশল খেলিমেলি হ'লে জীৱন শেষ। মোৰো প্ৰথম অনুশীলনত ভয় আছিল। বিশ্বাস আৰু আগ্ৰহক নুই কৰিব নোৱাৰে। দেউতা মা ৰ দৰেই। কিমান কষ্টত আমাক আগবঢ়ায় দিছে। মাত্ৰ মাছ মাৰি আৰু মা ই কষ্ট কৰিবলগীয়া হৈছিল। একমাত্ৰ প্ৰভূ ভগৱন্তইহে জানিব। মোৰো এই কথাই বহুত শক্তি জমা হয়। মনটোক শক্তিশালী ৰূপত গঢ় দিবলৈ শিকি পেলাইছোঁ। মনটোৱে আমনি কৰে কিবা নহয় কিবা এটা কৰিবলৈ। বৰ ডাঙৰকৈ কৰিবলৈ। উদ্দেশ্য সৎ। সফল হ'ম নিশ্চয়। ইয়াক লৈ উচ্চাৰণ কৰিব নালাগে। কামত প্ৰয়োগ কৰা ভাল হ'ব।
(২)
পৰিৱেশ কেনে পাব। তাই ভাবুক লাগি থাকে। যদিও নিজক বুজাই থাকে। হে হেই সি সেই পৰিৱেশ পাইছে। পুৱা সূৰ্য উদয় আৰু সন্ধিয়া বেলি মাৰ যোৱাৰ সাক্ষী। দুটা বছৰ। মই ছোৱালী মানুহ। মা ৰ মুখত আখৈ ফুটাদি ফুটে। অকণমানি ছোৱালী। মোৰো বৰ ভাল লাগে। ছোৱালীৰ ভিতৰত সৰু বাবে অকণমানি ছোৱালী। অ কি হ'ল। কি হোৱা দেখিলি। মন মৰা পপীয়া তৰাৰ দৰে যে। মা ক কি উত্তৰ দিম। ভাবিবই বা কি ধৰণে। মনে মনে ভাবোঁ---তই কি বুজিবি। মোৰ বুকুৰ মণি সোণ। কিমান ভালপাও। কোনো নুবুজিব। সচাঁ ভালপোৱাজনে বুজিব। কোনোবাক আঁকোৱালি ল'ব নেকি। মোৰ দৰে টিক টিক চিটপখিলীক সোণ খেলিমেলি নকৰেটো। কোনোবা সুন্দৰীয়ে মুহি পেলালে কি হ'ব। সোণেও তেনেকৈ ভাবে নে অকণমানিক এৰি থৈ আহিছোঁ। মা-দেউতাই কাৰোবাৰ হাতত গতাই দিব নেকি। ভাল চাকৰিয়াল পালেটো কথাই নাই। নাই নাই কি ভাবোঁ অ। অকণমানিৰ ওপৰত বহুত ভৰষা আছে। সেই ভৰষাই মোক শক্তিশালী কৰে। মনটোক বুজাই বঢ়াই লৈ গৈ থাকে। কঠিনৰ পৰা কঠিন পথটো নেওচি। যিমান ধুমুহা আহক আমি দুয়ো শক্তিশালী আৰু দৃঢ় বিশ্বাসেৰে তেৰাৰ আশীৰ্বাদ লৈ গৈ আছোঁ। গৈ থকাটো বাট। বিচাৰি থকা বাট। হৃদয় মিলনৰ ইয়েই মসৃণ বাট। মই একো দিব পৰা নাই। কিন্তু মৰমৰ হাতখন সদায় আছে। তাই সেই কথা জানে। ইমান সুন্দৰ মনৰ মানুহ। সেই দিশটো ভাললগা। নিজৰ মানুহটোক পাগলৰ দৰে ভালপায়। যতন লয়। ময়ো জানো দুখৰ দিনৰ লগৰী। তাইক কি অন্যায় কৰিম। হৃদয় বুকুচা বান্ধি লৈ আছোঁ। যিয়ে মোক কিবা এটা কৰিবলৈ যোৱাৰ আগেয়ে এশবাৰ ভাবিবলৈ দিয়ে। ধনাত্মক নে ঋণাত্মক চিন্তাৰ অৱকাশ দিয়ে। ময়ো জানো সোণ পঢ়াত পাগল। সপোনৰ পিছত পাগল। মোক পাবলৈ ব্যাকুল। সংস্থাপন লাগে। পৰি মৰি কষ্ট কৰে। মহাদেৱকে চিন্তা কৰি প্ৰতি সোমবাৰ মোৰ উপবাস। কৰ্মত বিশ্বাস। কৰ্মই ধৰ্ম। ভগৱান হৃদয়ৰ বাসিন্দা। সকলোৱে দুখত বিচাৰিলে নহ'ব। সুখতো বিচাৰিব লাগিব। মানে পুৱা-গধূলি আত্মসমৰ্পন। হৃদয়ত কি এক পবিত্ৰতাৰ জোৱাৰ তোলে। ঢৌ খেলি খেলি যেন নামি আহিছে কাহ্নাৰ বাঁহীৰ সুৰ। জল,স্থল তৰংগত উত্তাল কৰি পৃথিৱীত শান্তি দিব। যোগ্য ভোগ্য বসুন্ধৰা। পৰিচালনা কৰি আছে। কি এক অদ্ভূত। মোৰ মনটো ৰহস্য হৈ উঠে। নোপোৱা প্ৰশ্নৰ উত্তৰ বিচাৰি। হাহাকাৰ কৰি উঠে। কিয় । মোক উত্তৰ লাগে। এই সত্যটো কেতিয়া। জোনাক ৰাতি আইতালৈ মনত পৰিব।ছাৰে কাপোৰ আনিবলৈ বুলি যাব, গোটেই সোপা কিতাপ কিনি আনিব-ছাৰৰ বাইদেউ
(৩)
গাঁৱত বা দেৰগাঁৱত থাকিলে বুকুৰ ভিতৰত থকা যেন লাগে। এতিয়া দূৰলৈ যাব। ডিব্ৰুগড়। একো নাই। প্ৰেমত দূৰত্ব সদায় চুটি। ই তোমাক পৃথিৱীৰ সিমূৰলৈ সংযোগত ৰাখিব পাৰে। সেয়ে মোৰ চিন্তা। তেওঁ কামখিনি কৰি যাওক। সতত থাকক। জীৱন এটা। তাকে কষ্ট কৰি কৰি ক্ষয় নিয়াই। নিবটো লাগিব। ভৱিষ্যতে এমুঠি সুখে -সন্তোষে খাবলৈ এই আয়োজন। সচাঁ আয়োজন। যুধিষ্ঠিৰক বকে মানে বগলী য়ে সুধিছিল পৃথিৱীত সুখী কোন। তেওঁ প্ৰত্যুত্তৰত কৈছিল সুখে-শান্তিৰে এমুঠি খাব পাৰিলেই সুখী মানুহ বুলি ক'ব পাৰি। এইবুলি কৈছিল।
(৪)
অসমীয়া বিভাগ। ঐতিহ্যমণ্ডিত বিভাগ। বিভাগৰ কাষৰতে কৰ্দৈ আছে। নৱেম্বৰ মাহত পকিছে। সৰি সৰি আছে। খোৱা মানুহ নাই। তাৰ কাষত চাইকেল ৰাখোঁ। ভৰিতে কৰ্দৈ লাগি যায়। উভতি দেখো কি হ'ব। এইবোৰ বৰ লোকচান হৈছে। বিশেষ ব্যৱস্থাৰে চিজিল লগাব নোৱাৰি নে। পাৰি নিশ্চয় কাক কম কোনে শুনিব। ইমান ব্যস্ততাৰ মাজত কাৰো কাকো চাবলৈ সময়ত নাই। সেউজীয়া আৰু নীলা । অলপ সেউজীয়া খিনি ৰঙা ৰঙৰ। সেইবোৰ পকিবলৈ আৰম্ভ কৰিছে। পকি মাটিয়ে -বালিয়ে শুই আছে। গছজোপাৰ গুৰিত ওচৰৰ ঠাইখিনি কৰ্দৈৰ গোন্ধ।
(৫)
মোৰ বেয়া লাগিল। দাদা-অলপ এইফালে আহিব নেকি। মই -নিশ্চয়, মই মধুৰ কাষলৈ আহিলোঁ। টেম্পুটত। মানুহ -মোৰ-২০১৮ তে ঘটনা হৈছিল। ভৰিৰ। ডিচি অফিছত কাম কৰে। বিশ্বনাথত ঘৰ। প্ৰসংগ আমাৰ বেটছৰ ভাগ্যৰ কথা কলোঁ। তাইৰ ১ বছৰ হৈছে বিশ্বনাথ কলেজত চাকৰি কৰা। তোমাৰ ঘৰ-দেৰগাঁও। বন্ধুৰ শিৱসাগৰ। ভৰিখন অটোত মেলি দিছে। ওখও। জন্মগত হ'লে ভাল-জোনাক। অকস্মাতে হেৰাই গ'লে বা দুৰ্ঘটনা হ'লে অসহ্যকৰ। ভৰি দুপিয়াই ওলাই গৈছে। টেম্পুটখনৰ পৰা। বৰ মনটো বেয়া লাগিল। হে প্ৰভু এই অচিনাকি বা যি নহওক তেওঁক সোনকালেই ভাল কৰি দিয়ক। এইদৰে মনে মনে প্ৰাৰ্থনা কৰিলোঁ। তেওঁ উঠি যোৱাৰ পৰা মনটো ভাল লগা নাই। কাৰণ তেওঁ বৰ অসহ্য, কষ্টত আছে। ইমান হুষ্ট পুষ্ট মানুহ। অমায়িক। ডেকা বয়স তথা ভৰপক সময়। কিয় এনে হয়। পৃথিৱীৰ প্ৰায় এনে মানুহ আছে। সকলোৰে হৈ মোৰ প্ৰাৰ্থনা।
(৬)
ভীমকান্ত বৰুৱা ছাৰৰ সান্নিধ্য,৯-১০-২০২৩
ভীমকান্ত বৰুৱা ছাৰৰ ঘৰ বিচাৰি আছোঁ। সখা আৰু মই উলিয়াব পৰা নাই। ভৰিৰ বিষ
চৌকীডিঙীৰ পৰা খোজকাঢ়ি আহিছোঁ। ডিব্ৰুগড় জিলাৰ মিলন নগৰ। পূৱ নামঘৰ বুলি শচীনে ক'লে। কিন্তু গলি কোনটো উলিয়াব পৰা নাই। কিন্তু এমেৰিটাছ প্ৰফেছাৰ ভীমকান্ত বৰুৱা ছাৰৰ সান্নিধ্যই পাহৰালে। বীৰেন বৰুৱা ছাৰলৈ ফোন কৰিলোঁ ওপৰৰ মহল পকা কাম চলাই আছে আৰছিছি বিল্ডিং
ছাৰে এছাৰ প্ৰেট্ৰলপাম্পৰ বিপৰীত পথটো সুন্দৰ পুৰ নামঘৰৰ বিপৰীত ঘৰটো ছাৰৰ বুলি কনফ্ৰাম হলো। হেমন্ত কোঁচ দাদালৈ ফোন কৰোঁতে নিপু দাদাৰ নম্বৰত কল কৰিহে উশাহ, লৈছোঁ। মাজতো ফটো তুলি ৰাখিলোঁ। ভোকো
লাগিল, শইকীয়া ছাৰৰ ঘৰলৈ কাম কৰিবলৈ সময় নহ'ল।
ছাৰ-আমি 400 টকা দৰমহা পাইছিলোঁ।
সখা আৰু মই -অ ছাৰ
ছআৰ-এতইয়আ দৰমহা সৰহ হ'ল কোৱালিটি কমিল।
আমই-অ,ক ছাৰ
ছাৰ-ময়ো পদ্মনাথ গোহাঞিবৰুৱাৰ ছাত্ৰ নিৱাসৰ ছিফ ওৱাৰ্ডেন আছিলোঁ। প্ৰফেছাৰ অফ এমেৰিটাছ। তেতিয়া পৰা এতিয়ালৈকে প্ৰথম।
মনলৈ আহে অমৰেশ দত্ত নামৰ ছাৰ এজনে প্ৰফেছাৰ অফ এমেৰিটাছ পোৱা কথাটো জানিছিলোঁ।
ছাৰ-মই থাকোঁতে নেটৱৰ্ক ষ্টং আছিল। হোষ্টেলৰ প্ৰতিটো খবৰ পাই থাকোঁ। সেই মতে চিকিউৰিটি পঠাই দিও। তুমি যোৱাচোন অমুক নং ল'ৰাৰ কোঠাত চকীদাৰৰ লগত ছাত্ৰ ই মদ খাই আছে নে নাই চাই আহিবা। সেই মতে গৈ দেখে হয় খাই আছে। সেই বাৰ মই দিল্লী ত আছিলোঁ।
আনএবাৰৰ কথা মই হোষ্টেলৰ ল'ৰা এটা মাৰি মেডিকেল ত আছে,সেইৰাতিয়ে খবৰ পাইছোঁ। সেই কথা জানি কাম কৰি গৈছোঁ। মানে পেৰেলেল গতিত কাম কৰি থাকোঁ।
এবাৰ আকৌ ছোৱালী হোষ্টেলত ছোৱালী এজনীয়ে কান্দি আছে। মই গম পালোৱেই নহয়। তৎকালীন ভাৱে কলো চকীদাৰক যোৱাচোন, ছোৱালী হোষ্টেলত অমুক নম্বৰৰ কোঠাৰ ছোৱালী জনীয়ে কান্দি আছে নে নাই, কথামতেই কাম হয়টো কান্দি আছে। চকীদাৰ চিকিউৰিটি য়ে বহুবাৰ পানীখাই যায়।
আকৌ এবাৰ কি হ'ল নতুন ছোৱালী এজনীয়ে ল'ৰাটোৱে ৰংঘৰৰ কাষেদি গৈ আছিল। চিকিউৰিটি য়ে দেখি ল'ৰা টোক বান্ধি খুব পিটিলে। মই গম পাই লগালগ গৈ খুলি দিবলৈ কোৱাতহে খুলিলে। তেতিয়া সোধ-পোচ কৰি গম পালোঁ। সিহঁতৰ কোনো প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা নাই। নতুনকৈ অহা ছোৱালীজনীক ল'ৰাটোৱে চৰ্টকাটটোহে দেখুওৱা দিবলৈ আহিছিল। আমি প্ৰতি সময়ত এলাৰ্ট থাকিব লাগিব।
এয়া দুটি এমেৰিটাছ প্ৰফেছাৰ ভীমকান্ত বৰুৱা ছাৰৰ সান্নিধ্য মানহে। আৰু আছে।
মই বাহিৰৰৰ SIKKIM MONIPAL UNIVERSITY ৰ
(৭)
ইউনিভাৰ্ছিটি ৰ দায়িত্ব ত আছোঁ। তাত 11 বছৰেই আছোঁ। একো ৰেগিং শুনা নাই। পদ্মনাথ গোহাঞিবৰুৱাৰ ছাত্ৰ নিৱাসৰ সেই কথাখিনিয়ে দুখ দিলে। দিল্লী থাকোঁতে টি.ভি.টো চাবই নোৱাৰি। খুব বেয়া লাগিল। মই ভিছিলৈ ফোন কৰিছোঁ -এইবোৰ কিয় হৈছে। লোকেল ষ্টং কমিতি গঠন কৰি দিয়া। কৰি থকা হৈছে বুলি জানিব দিলে।
এবাৰ এটা ল'ৰা ই চুইচাইড কৰিবলৈ লৈছে মই গম পালোৱেই নহয়। তৎকালীন ভাৱে মই তাৰ কোঠাৰ সন্মুখত চিকিউৰিটি ৰাখিলোঁ। সেয়া ল'ৰা এতিয়াও জীয়াই আছে। আমি পঢ়োৱা বহুত ল'ৰা ছোৱালী প্ৰফেছাৰ হৈছে। প্ৰিঞ্চিপাল হৈছে। উদাহৰণ স্বৰূপে -ধ্ৰূৱজ্যোতি নাথ, শ্বহীদ পিয়লি ফুকন কলেজ।
তোমালোকৰ খনামুখলৈ গৈছোঁ। মিটং নৈ ৰ কথা। তালৈ ৰাতি মৃত্যু হোৱা মানুহৰ ঘৰলৈ যোৱা কথাখিনি সুন্দৰকৈ সজাই পৰাই কৈ গৈছে। ডিকেডিলৈ গৈছেছো। ৰাজেন -সেইদিনা সত্যকাম ছাৰৰ সৈতে যে গৈছিল মোৰ মনত সুন্দৰ কৈ আছে।
আমি শুনি গৈছোঁ।
তোমালোকৰ গৰুমৰা নে কি সেইফালে গৈছোঁ। ল'ৰা জনৰ নাম মনত পৰা নাই। সি মোক ছবি দিছিল, খুব সুন্দৰকৈ আতিথ্য প্ৰদান কৰিছিল।
এতিয়া আহোঁ গৱেষণা ৰ কথালৈ।
তুমি কি বিষয় লৈছা
সখা-আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আৱাহন আলোচনীৰ ভূমিকা।
ছাৰ-ঠিক আছে। আৱাহন খিনি পাইছা
সখা-পাইছো ছাৰ,নন্দ তালুকদাৰ ৰ লাইব্ৰেৰী লৈ গৈ চাই আহিছোঁ। পৰমানন্দ মজুমদাৰে সম্পাদনা কৰি উলিয়ায় আছে।ছাৰ সংগ্ৰহ কৰিছোঁ।
ছাৰ-অ, নন্দ তালুকদাৰ ক লগ পাইছা,পুতেকক লগ পাইছা।
সখা,ৰাজেন -পাইছো ছাৰ।
ছাৰ-প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰেও আৱাহন ৰ কাম কৰিছিল। খবৰ কৰিবা।
সখআ-ঠিক আছে ছাৰ।
ৰাজেন দাস,অ ৰা , কাচি-দঁৰীয়া ইয়েই লিখিছে। লিখি থাকা। কাচি-দঁৰীয়া মানে এবিধ বন,ঢাৰ থকা,লিখি থাকা,নাটক লিখা মানুহৰ সংখ্যা কমিছে,প্ৰদীপে আগতে কৰিছিল, এতিয়া প্ৰাঞ্জলে কৰি আছে।
তুমি কি লৈছা
ছাৰ-অসমীয়া বেলাডত প্ৰতিফলিত সমাজ -ৰাজনৈতিক ইতিহাসৰ প্ৰসংগ।
ছাৰ,অ,মৃদং,বাৰমাহী এইবোৰ আনিবা, কোনখিনি আনিবা
ছাৰ-বুৰঞ্জীমূলক মালিতা সৰহকৈ আনিম ছাৰ, আৰু তিনিওটা প্ৰধান বিভাগৰ বাদেও বিবিধ মালিতাকো আনিম। ইন্টাৰভিউত সুধিবলৈ সুবিধা পাব। বাকীবোৰ মালিতা কিয় নললা। ষ্টং কৈ উত্তৰ দিবলৈ পঢ়িবা। যোৰহাট কেন্দ্ৰীয় পুথিভঁৰালত তথ্য পাবা। মই কুশল চন্দ্ৰ পূজাৰী ছাৰৰ কথা কলোঁ। তেওঁৰ তত্ত্বাবধানত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিছিল সেই কথাও কৈছোঁ। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহোঁতে প্ৰথম ছাৰক লগ কৰি খবৰ লোৱাৰ কথা মনত পেলাই দিলোঁ। তোমালোকে মোৰ ক্লাছ পোৱা নাই।
দুয়ো সখা-ছাৰ,পোৱা নাই, আপুনি তেতিয়া ভাষা অধ্যয়ন কেন্দ্ৰ ৰ দায়িত্বত আছিল খুব সম্ভৱ।
ছাৰ-অ
বেলাডৰ সমাজ জীৱনৰ কথাত বহুৱা কথা চাব পাৰা। কাৰণ বহুৱাই ঘোষকৰ দায়িত্ব পালন কৰিছিল। গোটেই গাঁৱত ৰজাই আগতে কিবা বিশেষ আয়োজন বা গুৰুত্বপূৰ্ণ কামৰ জাননী দিবলৈ ঢোল কোবাই জনাই দিয়ে ঠিক তেনেদৰে বহুৱাই গাঁৱত সকলোকে জনাই দিয়ে। মূল পাঠ চাবা। কি কি গ্ৰন্থ পাইছা
মই -ভৱপ্ৰসাদ চলিহাৰ অসমীয়া আখ্যান গীত-সংগ্ৰহ, নবীন চন্দ্ৰ শৰ্মা ছাৰৰ কিতাপ ইত্যাদি।
ছাৰ-ঠিক আছে।
মই -যাম,ছাৰ
আমি সম্প্ৰীতি অসম নামৰ এন জি অ এটা চলাই আছোঁ। তোমালোকৰ ফালৰ সেই ল'ৰা জনে কাম কৰিবলৈ আগবাঢ়ি আহিছিল।
(৮)
ছাৰৰ পৰা বহুত খিনি কথা জানিব পাৰি উপকৃত হলো। চৌকিডিঙীৰ পৰা খোজকাঢ়ি ভুলপথেৰে গৈ আছোঁ। একেখিনি তে ইটোক সুধিছোঁ চিনি নাপাওঁ বুলি কৈছে। কোনোবাই বতাই দিছে যদিও আমি গলি খেলিমেলি কৰিছোঁ। সক্ষম নামৰ হস্পিটেল হ'ব সেইফালেও গৈছোঁ। আকৌ ঘূৰি আহিছোঁ। নিপু(আমাৰ অসমীয়া বিভাগত কাম কৰিছিল, এতিয়া ইঞ্জিনিয়াৰিং ৰ ফালে ট্ৰানফাৰ হৈছে) দাদাই শেষ সমাধান। পূৱ মিলন নগৰ, সুন্দৰ পুৰ। ভাগৰ ভোক সমানে আগবাঢ়িব লৈছিল। ছাৰক লগ পায় সকলো পলাই পত্ৰং দিলে।
কোৱা শুনিছোঁ লীলা গগৈ ছাৰ, ভীমকান্ত বৰুৱা ছাৰ, নগেন শইকীয়া ছাৰ তিনিও চৌকিডিঙীলৈ খোজকাঢ়ি আহি বাছত উঠি ইউনিভাৰ্ছিটি লৈ আহে। ছাৰক শিক্ষক দিৱসৰ সম্বৰ্ধনা জ্ঞাপন কৰা পত্ৰ খন দিবলৈ গৈ মুঠতে এটা সুন্দৰ দিন পাৰ কৰিলোঁ।
(৯)
লক্ষ্য মই যদু ধেমাজি লৈ যাত্ৰা। লক্ষ্য গোহাঁই গাঁও। দীপশিখা বাৰ বিয়া দৰ্পণ ছাৰৰ সৈতে। ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাৰ। শ্ৰদ্ধাৰ অৰ্পণা বাইদেউৰ স্ক'ৰাৰ আছিল। তিনিও কথা পাতিলোঁ। সখা শচীনেও কন্ট্ৰিবিউট কৰে। এটা হটকেছ আৰু কাপৰ দৰে 500 টকাৰ মিলালো। ডিয়ু হাটৰ যদুমণি চেতিয়া ককাইদেউৰ পৰা। মই -দাদা আপোনাৰ নামৰ সৈতে একে,
দাদা-অ
মই -বন্ধু পাতিবলৈ পাৰে।
দাদা,বৌ একেলগে -হা,হা
বস্তুকেইপদ কিনি আগবাঢ়ি আহিছোঁ জ্যোতিবাটচৰালৈ। লক্ষ্যক আকৌ জোনাকী কাৰেঙৰ পৰা ওলাই আহিছে। ডিয়ু হাটলৈ সোমাই অহা ঠিক দুৱাৰমুখত লগ হৈ তিনিও জ্যোতিবাটচৰালৈ আহিলোঁ। বাছ,ট্ৰেভেলাৰ পোৱা নাই। মাত্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ লৈ যোৱাহে পাই আছোঁ। ৰ'দ ইফালে,গৰমো হৈছে প্ৰখৰ। তিনিও আলচ কৰিলোঁ চুকাফালৈকে যাওগৈ,তাত ৰৈ থাকে ন, লক্ষ্যই কৈছে,আমিও হয়ভৰ দিছোঁ। তথাপি আকৌ অপেক্ষা। চুকাফালৈ যোৱা মেজিক ভৰ্তি।আজি চিএম, শিক্ষামন্ত্ৰী আহিব ডিয়ুলৈ। চেক কৰিবলৈ গাড়ীয়ে পুলিচ আৰু দায়িত্ব তথা মানুহ খিনি জ্যোতিবাটচৰায়েদি সোমাই গৈ আছে। এছিষ্টেন্ট পৰীক্ষাত বহিব লাগে নে নালাগে এই লৈ স্মাৰক দুৰছাই দিবও পাৰে,মিটিংখন ছয় বজাত ৰংঘৰত আয়োজন কৰা হৈছে। যোগাত্মক দৃষ্টি ভংগীৰে বিশ্ববিদ্যালয়খন আগুৱাই নিব বুলি আমি আশাবাদী। বাদ দিলোঁ। এসময়ত তাতেই ৰৈ দিলোঁ। এখন বাছ আহিছে,ফুৰ্তিৰে উঠিলোঁ। ইমান ধুনীয়া বতাহ। ফিৰফিৰীয়া। প্ৰকৃতি মসৃণ। মন প্ৰাণ ৰঙীন হৈ পৰিছে। জীৱনৰ জন্ম মৃত্যু আৰু বিবাহ অতি গুৰুত্বপূৰ্ণ সময়। সেয়ে আমিও ছাৰৰ বিবাহৰ শুভকামনা জনাইছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কুশলে ৰাখক।জেকমাৰ ভাষণ পাগল মই,এলেন চৌ, জুবিনৰ গান শুনি গৈ আছোঁ। বতাহ মাৰিছে। হূলস্থূল আৰম্ভ। সুস্থ হূলস্থূল। একো নহয়। কথা শুনি, হূলস্থূল সহ্য কৰিও বহুত কথা শিকিব পাৰিলোঁ।
১৮ বছৰৰ তলৰ ছোৱালী ৰ ক্ৰিকেট খেল আছিল। গোলাঘাট ত এদল ছোৱালী য়ে খেলি আহিছে। বৰ ফুৰ্তিৰে আহিছে। 15 হাজাৰ প্ৰাইজমণি আছিল হেনো, হোটেলত থকা, খোৱা -বোৱা,ভাগ-জোগৰ, কাইলৈৰ পৰা ক্লাছলৈ ইত্যাদি এশএবুৰি কথা পাতি, হাঁহি খিকিন্দালী কৰি গৈ আছে,আমি মনে মনে গৈ আছোঁ। নাইন কি টেনত পঢ়ি থকা ছোৱালী। বহু হেঁপাহ আকাশ চোৱাৰ। লখিমপুৰৰ হাৱাইজান এই ঠাইলৈ গৈ আছে। মাথা বিষ,কাঁহ, মাত ভগা এইসমূহ কথা সুন্দৰকৈ পাতি গৈ আছোঁ। কেইছে হোৱা এই গান গাই ছোৱালী খইনইয়এ কষ্ট পাহৰিবলৈ যত্নপৰ হৈছে। কোমল মনৰ শিশু। সিহঁতৰ কৰাৰ সংলাপখিনি এনেকুৱা আছিল -অই আগত যা, লগৰজনীক কৈছে -ছিৰক ক মাথা ঘূৰিইছে,যিহে নটংকি কৰিছে, মেডিকেলৰ মানুহ উঠি উঠি গৈছে। ছাৰে পাৰ্অটি খাই খাই থাকিব। এই বেটখনে মই দুটা ফৰ মাৰিছো। এইটো কি হ'ল অ। যাবলৈ নাই। অই গোছ, নাই ভাগ, কষ্ট কৰি মেডেল পাইছোঁ। মই য'ত থাকোঁ তয়ো তাত ৰ অ ,যে,অই গা গা, কান্দি দিয়া ভাও ক'ত কি কথাৰ মেল,এসময়ত এজন উঠিছিল। ভন্টি বহালগালগ এজনীয়ে পৰি গৈছে। ধৰি ধৰ,তাই সিদিনা তাই গিৰি গৈছে। মোক একোবত আংকুল ছৰি, জোনাক আৰু মই হাঁহি মাৰিলোঁ। কি যে হ'ব মই আংকল মই এই কথা ভাবিয়েই আচৰিত।
গানটো মনলৈ আহিছে -ধেমাজি লখিমপুৰ নহয় যে বএছইদঊৰ...
(১০)
অসমীয়া বেলাডত প্ৰতিফলিত সমাজ ৰাজনৈতিক ইতিহাসৰ প্ৰসংগ গৱেষণা ত থকা মালিতা, বিশেষকৈ চিকন সৰিয়হৰ গীতৰ কথা ওলাল। ভাত খাই থকা পৰতে কৌৰ্টমেৰেজৰ কথাও ওলাল। সিহঁতে সমৰ্থন মই বিৰোধিতা পৰ্টিত আছোঁ। কাৰণ প্ৰকৃত ভালপোৱা ত এনে দিশে প্ৰভাৱ বিস্তাৰ নকৰে। সিহঁতৰ মতে পৰে। কাৰণ এনে দিশে মেইন বিয়ালৈ বা ভৱিষ্যতে নিৰাপত্তা জাতীয় দিশটোৰ স্থিৰতা বাৰুকৈয়ে দেখিবলৈ পোৱা যাব।
লক্ষ্য- কোৱা বাগচু চহৰৰ প্ৰসংগ ত বহুত দিশ পোহৰলৈ অনাত সহায় কৰি দিয়ে।
বিয়া ঘৰত পালোঁ। টমটমত 30 টকাকৈ লৈছে। তাতে বৰ আদয় সাদৰ বৰ ভাল লাগিল। সুন্দৰ আতিথ্য। শ্ৰদ্ধাৰ ড বুলজিৎ ছাৰক লগ পাই খুব ভাল লাগিল। ছাৰৰ সৈতে ফটো উঠিলোঁ। তাৰ আগতে বা লৈ নিয়া উপহাৰ দিছোঁ লগালগ ফটোখন তুলুৱাই লৈছোঁ। আটকধুনীয়া কৈ সজাই পৰাই বহিবলৈ দিয়া হৈছে।
খাই বৈ শুভকামনা দি আকৌ টমটমত 30 বাছ আস্থান লৈকৈ আহিলোঁ। এইবাৰ 20 টকাকৈ গাইপতি লৈছে। আগৰজনে 30 টকাকৈ এইজনে আকৌ 20 টকাকৈ গাইপতি লৈছে। নতুন মানুহৰ বাবে হ'ব পাৰে। উপায় নাই।
ফেবুকাই লৈছোঁ। পুথিভঁৰাল ৰ প্ৰসংগ। অসমত কম। সুৰাৰ দোকান বেছি। জুবিনে কণ্ঠদান কৰা নীলা নীলা দুচকেৱে...কাজল কাজল... এইখিনি শুনি টোপনিত লালকাল হৈ গৈ আছোঁ। মাজতে যেনিবা দলংখন মেৰামতি কৰা বাবেই অলপ (ট্ৰেভেলাৰ না- পুতলী)যাত্ৰীসকল খোজকাঢ়ি আহিছোঁ। ভালেই হৈছে ভাতমুঠি হজম হওক।
এইবাৰ জুবিন দাদাৰ অনুৰাধা গান বাজিছে। আমিও পৰা নোৱৰা কৈ সুৰ মিলাই গৈ আছোঁ।
এইবাৰ বাজিল মৰি যাও2
আকৌ বাজিল-অ...ফেচুচৰাই ধৰিলোং,নদীৰ পাৰৰ ছোৱালী ৰ প্ৰেমত পৰিলোঁং, ,চাপৰিৰে সৰু2 গাওঁ
চকুৱে চকুৱে কিনো হ'ল..গাগৰি গাগৰি ককালৰ মাজত বাজিব ধৰিলে,স্পীড লৈছে মানে পিকাপত গৈ আছে ট্ৰেভেলাৰ.... বগীবিল দলঙৰ ওপৰেৰে গৈ আছোঁ।
নীলা নীলা দুচকেৱে কাজল সানিলে বাজিল
যোৰহাটৰ জোনালী, শিৱসাগৰৰ শেৱালী গানটো বাজি ব ধৰিছে
অক্টোবৰ মাহ। খিৰিকীয়েদি চেঁচা বতাহ। খুলিবই নোৱাৰি। হোৰোখকে মাৰে
তেৰে চাংগে
কৰ গয়া
অ ৰেবা
শুনি গৈ আছোঁ।
তোমাক আগবঢ়ায় নিবলৈ প্ৰয়াস কৰি আছোঁ। তুমি আবোল তাবোল কৈ ইমান সুন্দৰকৈ ফোন ত ইমান দেৰিলৈকে কথা পাতি আছা, মই ৰৈ থকাতে থাকিলোঁ। তুমি মোক বুজিবলৈ বহুত বাকী
আমাৰ চোনাক কৈ থাকোঁ
আৰু কও-
তুমি তোমাৰ নিচিনাকৈ থাকা
মই মোৰ নিচিনাকৈ থাকোঁ
চাবা কাজিয়া নহয় চোনা
(১১)
সেয়া চাওক, গোটেই পথটো তেওঁ লৈ লৈছে। খুব দ্ৰুত গতিত আহে। ওচৰৰ ল'ৰা ছোৱালী আন আন মানুহৰ লগত ঘটনা হয়। ক'ৰবাত যাবলৈ দেৰি হৈছে অলপ সোনকালেই আহক নহয় নে। অ,। কি যে হ'ব। এফালে খাবলৈ পোৱা নাই। আনফালে টকা উৰুৱাই পাৰ পোৱা নাই। এজন মানুহৰ বাবে এখন গাড়ী আনে। দহজনমানল বাবে দহখন আনিব। আমি কেনেকৈ চলিম। অটো ড্ৰাইভাৰ,ডিয়ু।
বিদেশত আছে। কাক কোনে চাই। সময় কম। সময় হ'লেও নাচায়। স্বাৰ্থ নহ'লে -লাৱন্য বাইদেউ
অটোৱালাৰ কথাৰে-
ইউনিভাৰ্ছিটি ২, আহক আহক,আমি বহিলো,দুয়ো। তাৰ পিছত দাদাজনলৈ লক্ষ্য কৰিছোঁ। হুষ্ট পুষ্ট। আৰে আহক। বহকনা। দুজন আৰামকৈ যাব। পিছৰ পৰা আন এজন অটোৱালা,অলপ আগলৈ ৰাখে,কত যাব, ইউনিভাৰ্ছিটি। আঙুলিয়াই দেখাইছে,এবাৰ অটোলৈ,এবাৰ ছিটলৈ ইমান মজা নিৰ্দেশ। মাতটো এবাৰ জোৰ দি,এবাৰ কম জোৰ দি,মানুহ নাপালে অটোৰ টকা নুলায়। মানুহ পালেও সম্পূৰ্ণ ঠাইডোখৰলৈ নাযায়। ইফালে সিফালে দৃষ্টি দি থাকে। ক'ত গাড়ী আহিছে। কোন মানুহ আহিছে। কিমান কৌতূহল লাগে। অটো বা আন আন ভাড়া গাড়ী চলাই থকা সহজ নহয়। কেইবাটাও ইন্দ্ৰিয়ৰ সঞ্চালন কৰি থাকিব লাগিব। প্ৰয়োজনীয় ফোন আহে। কথাও পাতিব লাগিব। ষ্টেয়াৰিঙ চম্ভালি যাবও লাগিব। যআন-বআহন নিৰ্দেশনা কথাও আছে। কোন ঠাইত ৰ'ব,ৰঙা আৰু সেউজীয়া ৰঙৰ লাইটৰ কথা স্পষ্ট হৈ থাকিব লগা হয়। ভাড়া কম পাই। তথাপি সম্পূৰ্ণ ভাড়া লৈ লয়। উপায় নাই। তেওঁ মালিকক দিব লাগিব। ঘৰখন চলাই নিব লাগিব। পিছলৈ মানুহ পাইছে।মন ৰঙীন। মোৰো ৰঙীন হৈছে।
(১২)
মাজুলীলৈ যাত্ৰা
উইকিপিডিয়াৰ কৰ্মশালা লৈ। জোনাক আৰু মই। ২৫-১১-২০২৩। স্থান মাজুলী গড়মূৰ। কালিয়েই বিভাগৰ গৱেষক পূৰবী বা ৰ পৰা মাজুলীলৈ যাত্ৰা কৰিবলৈ চালকৰ নংটো লৈছিলোঁ। বায়ে কৈছিল -আমআৰ ঘৰত সোমাবা আকৌ। মৰমিয়াল বা। আমাক এনেকৈ কোৱা বাবে ভাল লাগিল। ফোন কৰি কোৱা হ'ল। ১০ বজাৰ আগে আগে ইউনিভাৰ্ছিটি ৰ বাছষ্টপত ৰৈ থাকিবলৈ দিলে। ৰাতিটো এস্কাইটমেন্ট। মোৰ লেপটপ বেয়া হৈছিল,মানে অসমীয়া খিনি ইন্টাৰনেটত নুঠে। কাম কৰিব পৰা নাই। সমাধান পাম। প্ৰবন্ধ লিখন আৰু ফটো ইডিটিং ৰ প্ৰক্ষিশন লম। বাছষ্টপত ৰৈ আছোঁ। নাই অহা। বাছখনৰ নাম বিপুল নে কিবা। ফোন কৰিছে জোনাকে লগা নাই। উপায় নাই। সি ডিব্ৰুগড় মেডিকেল গৈ থকা এখনকে ৰাখিলে। সেইখন ৰিটাৰ্ন মাজুলীলৈ যাব। ধুন জোন নামৰ বাছ ত উঠিলোঁ। বহুত ধুনীয়া। আচলতে এইখন নতুন। কনডাক্তৰৰ ব্যৱহাৰ ভাল।আমাক আগুৱাই আনিছে। বেগ ধৰি দিছে। যদুৰ ট্ৰলী দাঙি দিছে। মোৰ বেগটো কৈছিল মই বোলে লেপটপ আছে নিদিওঁ। ঠিক আছে বুলি সুন্দৰ সঁহাৰি। গৈ আছোঁ। ডিব্ৰুগড় অধিবক্তা মানে নালিয়াপুল পাৰ হৈ ৰখাই আকৌ উভটনি যাত্ৰা। ছাৰজাৰ হেডফোন লাগে। মোৰ দৰকাৰ। যদু লও। এশটকা দিয়া। গুগুলপে কৰি দিম। ৰব দাদা। এশটকাত হ'ব। দিয়া। ডেৰশ কৈছিল হালধীয়া ৰঙৰ ৰিয়েলমি লিখা হেডফোন ডাল। ভৰি চোচৰাই মানুহ এজন আহিছে। বাছতে মোৰ পইচা নাই। সখাই যেনিবা দহটকা দিলে। আন মানুহেও দুই এপইচা দি গৈছোঁ। আগতে মানুহক দিওঁ। আজি নোৱাৰি দুখ পাইছোঁ। চানা,বাদাম লাগে। নালাগে বুলি জানিব দিছোঁ। মানুহ জন খীনকায়ী। ঘৰখনৰ ভালৰ বাবেই কামখিনি কৰি আছে। বজাৰ ভাল হওক। আমি দিম,মাংস বইল দাইল খাই আহিছোঁ। খাব মন নাই। মুখত ইটোৰ পিছত সিটো শিলিখা খাই আছোঁ। ইমান মসৃণ বতাহে লগতে খিৰিকীয়েদি অহা সৌন্দৰ্য সুগন্ধি সঁচাই ভাললগা। আমি গ্ৰুপত জনাই দিছোঁ ৰাইজ আমি গৈ আছোঁ দেই। লভ ৰিয়েক্ট পাইছোঁ। এজনে ঢকুৱাখানাত পালে ফোন কৰিবা কৈছে। লগৰ ভাস্কৰো গৈ আছে।
(১৩)
আহি আহি আমি বগীবিল দলঙ। আমি বাছখনৰ সোঁফালে। দুই নংত। ইমান ধুনীয়া বগীবিল। প্ৰাকৃতিক সৌন্দৰ্য। ঈৰ্ষান্বিত হ'ব। মন ভৰি গৈছে। পুলকিত হৈছোঁ। বগা আৰু উজ্জ্বল আকাশ। মিহি বতাহ। ট টকৈ আহি আছে ৰশ্মি। পানী কমিছে। বগীবিলৰ গৰ্ভ দেখিছোঁ। এই নৱেম্বৰ মাহত বগীবিল চিকচিকীয়া। বগীমতী ছোৱালী যেন। মূৰত বগা চিকমিক কাপোৰ। মৰম লগা শুকান বগা বালি। পিছলৈ যদুলৈ বিপুল বাছৰ মানু্হে ফোন কৰোঁতে কথাতো বজাই দিলে। চোনা ই কাম কৰি আছে। মই গাইনদী পাইছোঁ। চোনাক মাজে মাজে কৈ চিচিবৰ গাঁও পালোঁহি। ধেমাজি পাৰ হৈ। এনেকৈ কৈ গৈ উৎপল ছাৰলৈ মেচেজ কৰিলো। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। কাচি-দঁৰীয়া উপন্যাস খন দিম। ছাৰ পিছবেলা যোৰহাটলৈ যাব। ফোন কৰিবা ক'লে। ঠিক আছে ছাৰ ছাৰ,আজি মাজুলীলৈ গৈ আছোঁ। আপোনাক লগ পাম, মই ফোন কৰিম ছাৰ। জেকমাৰ ভাষণ শুনি গৈ আছোঁ। জাষ্টিন বিবাৰৰ গান। পুনটোন কিদছৰ মৰেল ষ্টৰী,ইলি গুলডিঙৰ গান,ষ্টেজ প্ৰগ্ৰেম,পিল্কি শৰ্মাৰ ফাষ্টপোষ্ট ৰ বাতৰি শুনি গৈ আছোঁ। ইংৰাজী শিকিবলৈ পাগল হৈ আছোঁ।
ধেমাজি মৰিধল পাৰ হলো। প্ৰিয়শিক্ষাগুৰু উৎপল ছাৰলৈ ফোন কৰিলোঁ। বহুত ভাল লাগিল। এসময়ত ছাৰে ডিকেডিত ক্লাছ কৰিছিল। তাৰে ছাত্ৰ। আমাৰ বিশেষকৈ আলোচনা পত্ৰ সমূহ শিকাইছিল। বহুত ভাল লাগিছিল। মোৰ ভাল হোৱা বাবে কেইবাটাও ষ্ট্ৰিকফাইল পাইছিলোঁ। মনত পৰিল। প্ৰতিভাৱান ছাৰৰ শ্ৰেণীসমূহলৈ। ছাৰৰ অসমীয়া লোকসাহিত্য, সত্ৰ, সত্ৰীয়া নৃত্য ইত্যাদি দিশত দখল আছে। ছাৰে নাটক উপন্যাস ৰচনা কৰি আহিছে। মাজালী দ্য আইলেণ্ড ছাৰৰ উপন্যাস।
ধেমাজি বাষ্টষ্টেণ্ড। দোকান, পোহাৰ, হোটেল,পাণদোকান ভৰি আছে। প্ৰস্বাৱগাৰ আছে। দুয়ো পাঁচটকাকৈ দি হালকা হৈ ল লো। ৰুটি খাই ল লো। মজা লাগিলে। চোনাকো সবিশেষ জনালোঁ। তাইৰ নাম সলনি কৰিলো অকণমানি ছোৱালী। তাইৰ মাকে দিয়া নাম। মই শুনি মনত ৰখাই জোকাৰিবলৈ থৈ দিছোঁ। মাকৰ বৰ আলাসৰ। মোক সাহস দিয়া ছোৱালী। তাইক লৈ বহুত সুখী। তাইৰ তাঁতশালত প্ৰতিভা বিকাশৰ বাবে চেষ্টা কৰিবলৈ কৈ থাকোঁ। সচাঁ ভালপোৱাজনে সকলো জানে। কাজিয়া লাগিলো। এই কাজিয়া ভাগিলো। থাকিবও নোৱাৰোঁ। মোক বহুত মৰম কৰে। সেইটোৱেই মোৰ আটাইতকৈ বেছি ভাললগা। আৰু একো নালাগে।
চিন্নমস্তাৰ থান পাৰ হৈ আহিলোঁ। তাৰ আগলৈ গৈ এঘৰ মানুহৰ গেটত লিখা আছে কুকুৰৰ পৰা সাৱধান।
আমি যোৱা বাছখন ভাল। পানজপাদি মানুহ জাপে।বাছখনত আমি বহা ঠিক সন্মুখভাগৰ গ্লাছখন আই লাভ ভিউ বুলি ষ্টিকাৰ মৰা আছে। আখৰকেইটা বগা ৰঙৰ। কাঁড়পাত বগা আৰু মিহি হালধীয়া লগতে উজ্জ্বল ৰঙৰ। গাড়ীৰ গ্লাছ খুলি ধূলি মাকতিৰ পৰা ৰক্ষা পাবলৈ যাত্ৰী সচেতন হ'ব লাগিব। বাছখনৰ ভিতৰত চানা,ছিপছ,পাণৰ ঠাৰি,বমি কৰি ,ছীখৰ পেকেটত পেলাই, পানী পেলাই নষ্ট কৰিব নালাগে।
ৰব ৰব মানুহ হৈছে। অলপ থেলা হেঁচা হ'ব-আইতা এগৰাকী য়ে কৈছে। ওলাওক ওলাওক। বিশ্ব ছিগনেছাৰ এটা আনিবি-কনডাক্টৰ। নতুন যাত্ৰী -চিট নাইয়েইচোন,চিপ আছে নে নাই পাই। নেপালে বৰ ডাঙৰ কথা হ'ব। এইবোৰৰ ভাৱ শুনিবলৈ পাই থাকোঁ। ফোনত ঘৰৰ খবৰ। কোনে কাক নিবলৈ আগবাঢ়ি আহিব। কোনখন ৰাস চাব। ৰাসৰ বতৰ। বহুত মানুহে চাবলৈ আহে।
(১৪)
অন্তত: এনে নহওক-পৰিস্কাৰ মানুহক মিছা বদনামেৰে কেতিয়াও লেতেৰা কৰিব নোৱাৰা। নিজে অশান্তি পাবা। যিয়ে এটা দশকৰো অধিককাল প্ৰেম বিশ্বাস বজাই ৰাখি আজি মিছা অভিযোগত দোষ পাই থাকে তাতকৈ নিজক সজাবলৈ অকলশৰীয়া যুদ্ধ খন হাতত তুলি লোৱা বৰ দৰকাৰ।
এহাল প্ৰেমিকা আহিছে। মানে মাজুলীৰ গৰমূৰৰ পৰা ঢকূৱাখানালৈ আহিছে। বয়স ইমান নহয়। খুব বেছি ১৬ ছোৱালী আৰু ল'ৰাৰ ১৯ মান হ'ব। মই প্ৰথমে ভায়েক ভনীয়েক বুলি ভাবিছোঁ। তেওঁলোকে ফোনত মিছিং ভাষাত কথা পাতোতে ধৰিব পাৰিলোঁ। গাড়ী আইতমাঙ বুলি শুনা পালোঁ। দুয়োৰে ইটো সিটো ক চোৱা চাৱনি বৰ ৰোমান্টিক আছিল। নিজৰ প্ৰেমিকালৈ মনত পৰি যাব। মাজে মাজে ছোৱালীজনীয়ে ল'ৰাটোক চুমা খাব বিচাৰে। সুবিধা পোৱা নাই। গোটেই গা টো ল'ৰাটোৰ গা ত দি দিয়া যেন কৰে। মাজে মাজে ঘৰৰ পৰা ফোন আহে। যেন আমনি কৰে। অৱশ্যে দুয়োজন ৰাস চাই ভাগৰ লগা যেন অনুমান হৈছিল। কিন্তু চকু কুতৰলৈকে সোমোৱাৰ চিন পোৱা নাই। ল'ৰাটোৱে পেকেট খাই খাই বাৰে বাৰে পিক পেলোৱা দি পেলাই আহিছে। মোৰ আমনি লাগি গৈছে। মিৰিজীয়ৰী উপন্যাস লৈ মনত পৰি গৈছে। জংকী আৰু পানৈক মিলন হ'বলৈ নিদিলে। ইহঁতৰ বা কি হয়। ছোৱালী ৰ চকুৰ চাৱনি আৰু মুখৰ প্ৰমাস্পদীয় আৱেশে এক চেকেণ্ডো ল'ৰা ক এৰি দিব নোখোজে। সেই জনজাতীয় সমাজে সিহঁতক বুজি উঠিবনে?লোকৰ ঠাই তাতেই উদঙঈয়আ ল'ৰা ছোৱালী ক একো নোকোৱাকৈ থকাই মংগল। ওলোটাই পাঠ পঢ়াব। পঢ়া-শুনা কৰি থকা যেনো লাগে। মোৰ মুখখন সিহঁতৰ ফালে। বিহু আৰু জেকমা, লগতে হষ্টাৰত খেল চাই গৈছোঁ। হেডফোন সাৰথি। বহাৰ চিটেই তেনে। মোৰ যেনিবা ডাঙৰ বেগে এই দিশত সহায় কৰি দিছে। ছোৱালীজনীয়ে ল'ৰাটোক শুৱাই লৈ গৈছিল। তাই ল'ৰাটোক বাৰে বাৰে আমনি দিছিল। কাণৰ ফুপত কিবাকিবি কয়। মাগুৰবৰণীয়া দুয়ো এসময়ত ফোনটোত কিবাকিবি চাই হাঁহি থাকে। ইটোৱে সিটোক টানি নিয়াৰ দৰে কৰে।ল'ৰা ই চুলিত হাতফুৰাই যেন সান্তনা দি গৈছিল। ইফালে গাড়ীত মানুহ। মিছিং ভাষাত কথা পাতি গৈছে বাবে মোৰ অসুবিধা হৈছে। আন অসুবিধা নহয়। সিহঁতে ইটো সিটোৰ গালৈ ইমান চাপি আহিছে। ল'ৰাই বুজনি দি গৈছে। তাই এসময়ত তাক বহুত সময় চাই থাকে। গালত ফুচফুচকৈ কিবা কিবা কয়। ল'ৰা ই কথা কম কয়। তাইক যেন পৃথিৱীৰ সকলো নিৰাপত্তা দি গৈছে। মাত্ৰ সৰু ছোৱালী বাবে তাইক কট্ৰোল কৰা টান হৈ গৈছে। উপায় নাই। যৌৱনৰ ভৰপক সময় কিছুমানৰ সোনকালেই হ'ব। তাতনো কোনে বাধা দিব। এসময়ত তাই ল'ৰাটোৰ গাতে শুই পৰিল। মিছিং ভাষাত অলপ-অচৰপ জানিব পাৰিছোঁ। উইঙ্গআৰৰ ড্ৰাইভাৰো মিছিং সম্প্ৰদায়ৰ লোক। বৰ ভাল কথা বতৰা। আমাৰ বেগ আৰু ট্ৰলী লৈ সহায় কৰি দিছে। বহুতো কনডাক্তৰেই এই কাম নকৰে। সুবিধা মিলাই মিছিং ভাষাত দুই এষাৰ কথা পাতি হাঁহি খিকিন্দালী কৰিলোঁ। এসময়ত আমাৰ গাড়ীখন ৰ চকা বেয়া হ'ল। ধেমাজি লৈ আমাক আলট্ৰা বাছত উঠাই সহায় কৰি দিলে। পাচটকা দি প্ৰস্বাৱ কৰিলোঁ। হাত-মুখ ধুই ভাত খাই ললো। বৰ ধুনীয়া মোক লাগি আছিল। ব্ৰেকফাষ্ট কৰিয়েই উভতনি যাত্ৰা ডিবৰুলৈ আৰম্ভ কৰি আহি আছিলোঁ।
(১৫)
আমি থকা গাম বেম্ব ঘৰ। মানে সেইটো বহুত খৰচি। বাবে তাতকৈ অলপ আগতে হোমষ্টে কোঠা লৈছে। ৱিকিমিডিয়াৰ মানু্হে ব্যৱস্থা কৰি দিছিল। ভাড়া দুদিনত তিনিহাজাৰমান লৈছে। আমি থকা মেলা খোৱা -বোৱা ৰ কোনো টকা দিব লগা হোৱা নাই। খুব ধুনীয়া ব্যৱহাৰ। পৰিস্কাৰ কোঠা। বগা বগা মিছিং মানুহ। বগা কুকুৰ এটা আছে। বহুত কোঠা পোৱা যায়। শিক্ষিত মানুহ। আমাৰ লগত চিনা পৰিচয় হৈ আইডি প্ৰুফ এটাকৈ ললে। আইডি প্ৰুফ লোৱা বাইদেৱে সুমিষ্ট হাঁহি আৰু সহজকৈ কৈছে -ৰোল এটা আছে যে সেয়েহে কাৰ্ড লৈছোঁ। বেয়া নাপাবা আকৌ। আমি একে উশাহতে নাপাওঁ নাপাওঁ কৈ দিছোঁ। বৰ ধুনীয়া সজাই থৈছিল তেবুল এখন। ফুলদানি এটাও আছে। ঘৰবোৰ বহুত সুন্দৰ নিদৰ্শন থকা ছবি আছে। শিল্প ভালপোৱা মানুহ। সেউজীয়া মনৰ অধিকাৰী। গুডইট আছে। আঠুৱা নাই। কম্বল দিছে। গাৰু বগা গাৰুৱাৰে সৈতে বৰ ধুনীয়া। একোবত সৰু ছোৱালী এজনী আহি বটলত পানী দি গলহি। মই সুধিলো নাম কি কল্পনা। ঠিক আছে।পঢ়ি আছা? কোন ক্লাছত? চেভেনত। ভালকৈ পঢ়িবা। পাতল হাঁহি মাৰি বগী ছোৱালী বেগেৰে ওলাই গ'ল। কাৰণ তায়ে আমাৰ খোৱা -বোৱা,চাহ-তাহ সকলো সেৱা আগবঢ়াব বুলি জানিব পাৰিলোঁ। নিদিষ্ট সময়ত ভাত চাহ সকলো সুন্দৰভাৱে পাই থাকিলোঁ।শলমাছৰ ভাত খালোঁ। এদিন নিৰামিষ আনদিনা আমিষ। বৰ সুন্দৰকৈ কাঠৰ চকীখনতে বহি খাবলৈ দিছে। বৰ মজবুত কাঠ চেগুন বা শাল হ'ব। লগতে অসমীয়া বুটাবচা ফুলাম গামোচা ব্যৱহাৰ কৰিবলৈ দিছে। কি কি খাব আগতে জনাই দিলেই হ'ল। সকলো হাজিৰ। খুব পৰিস্কাৰ। তেপত হাত মুখ ধুই গামোচাখনত হাত মচি চপ খাই কোঠাত বাগৰি দিয়া আৰু। গড়মূৰ সৰু কাষেৰে গৈ পাওঁ সেই মানুহঘৰ। ঢকুৱাখনায়েদি আহিলে বাওঁ হাতেৰে সোমাই গৈ গৈ গাম বেম্ব পাৰ হৈ পায়। ফুলেৰে আবৃত ঘৰ। বাঁহেৰে সজোৱা পৰোৱা কোঠা আছে। বৰ ধুনীয়া শৈলীত সজা হৈছে। দৰ্শকৰ মন পছন্দ হৈ যাব। বহুত মানুহ আহিছিল তাতে বাহৰ পাতি আছেহি। লক্ষ্য ৰাস। ১৬৮ খন ৰাস চাবলৈ যাত্ৰা কৰি আছেহি। মদ বিক্ৰী কৰা দেখিছোঁ। খৰিকাত গাহৰি মাংস চিলাই চিলাই ৰাখিছে। সৰু সৰু ল'ৰা ছোৱালী ৰ মুখেদি জিভাৰ পানী পৰিব। ঘৰত আমনি নকৰিব? ইমান মুকলিকৈ ৰাখে কিয়? মাজুলী পৃথিৱী বিখ্যাত। কিন্তু ক'ৰবাত কিবা ম্লান পৰা যেন পাওঁ। মাজুলী মিউজিক ফেষ্টিভেল নামন সুৰাৰ বেহাৰ বুলি নিউজ চেনেল ত চিঞৰি থকা শুনিলোঁ। স্থানীয় বিধায়কে মন দিব লাগিব। পৰম্পৰাগত ভাবে পানীয় প্ৰস্তুত কৰিছে কৰক। আপুনি মোৰ আপত্তি নাই কিন্তু পৃথিৱী বিখ্যাত ঠাইৰপৰা এনে এটা বাৰ্তা বিয়পি পৰাটো আমি নিবিচাৰোঁ।
। (১৬)
এটি উল্লেখযোগ্য দিন, স্থান-মাজুলী, গড়মূৰ,২৬-১১-২০২৩। অসমীয়া ৱিকিমিডিয়াৰ কৰ্মশালাত উপস্থিত হৈ বহুত উপকৃত হৈছোঁ। অসমীয়া ভাষাত প্ৰবন্ধ লিখন,ফটো আপলোড,ৱিকি উৎস,ৱিকি উদ্ধৃতি এইসমূহ প্ৰামাণিকভাৱে বুজাই দিছে। অভিজ্ঞ ব্যাক্তিসকলে ইমান সুন্দৰ আৰু সহজকৈ স্পষ্টকৈ বুজাই দিলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাসমূহত লাভ কৰা বিভিন্ন অভিজ্ঞতাসমূহ ভাগ-বটোৱাৰা,কৰ্মশালাখনত লৈ বহুত শুভকামনা জনোৱা ব্যক্তিসকলৰ উৎসাহমূলক বাৰ্তাসমূহ, অসমীয়া ভাষা -সাহিত্য-সংস্কৃতি সম্বন্ধীয় লেখাসমূহ কিদৰে ডিজিটেল পৃথিৱীত শুদ্ধ আৰু তথ্যসমৃদ্ধকৈ ৰাখিব পাৰি,ইয়াত জড়িত বিভিন্ন প্ৰকল্প, ভগ্নী প্ৰকল্প ইত্যাদি সমূহৰ বিষয়ে চন্দন দাদা,দিব্য দাদা,বাবুল বৈশ্য দাদা,প্ৰণামিকা বাইদেউ,ৰুমী বাইদেউ,জ্যোতি চিৰিং বাইদেউ, নয়ন জ্যোতি নাথ দাদা ,সখা ভাস্কৰ আদিয়ে বহুত সুন্দৰকৈ বুজাই শিকাই উপকৃত কৰিলে। এইসকল অক্লান্ত সেনানীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
মাজুলী ৰ পৰা আহি আছোঁ। বগীবিল পাইছোহি। খবৰ আহিছে কাচি-দঁৰীয়া ৰ তৃতীয় সংস্কৰণ। আনন্দিত হৈছো। সকলোৰে মাজত ভাগ-বটোৱাৰা কৰিছোঁ।
কাচি-দঁৰীয়া ৰ তৃতীয় সংস্কৰণ প্ৰকাশ। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। শব্দ আৰু বাক্যৰ খেলিমেলিখিনি শুদ্ধ কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে। ক'ৰবাত ভুল ৰৈ যাব পাৰে। শুদ্ধ কৰি আগবঢ়ায় নিব বুলি আশা ৰাখিলোঁ।
যিসকলে কাচি-দঁৰীয়া উপন্যাস খন বিচাৰি আছিল তেওঁলোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ -+919101891236-আভা প্ৰকাশন,
9101221436-ৰাজেন দাস
#kachi_doriya
#kachi_doriya_assamese_novel
(১৭)
দৰং জিলালৈ যাত্ৰা
আজি ১৪ নৱেম্বৰ শিশু দিৱস। লগতে জ্ঞানপীঠ বঁটা বিজয়ী শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ জন্ম দিন। এইকেইদিন দৰং জিলাৰ পথৰুঘাটৰ বিদ্ৰোহ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি আছোঁ। সহায় কৰিছে শ্ৰদ্ধাৰ ভূষণ বড়ো ছাৰে। ভূষণ ছাৰৰ স্কুল পাথৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়ত আন্তৰিকতাৰে শিশু দিৱস পালন কৰা হৈছে। ময়ো উপস্থিত থাকোঁ। মোকো চমুকৈ এষাৰ কবলৈ সুবিধা দিলে। অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পথৰুঘাটৰ তথ্য সংগ্ৰহৰ দিশত যথেষ্ট সহায় কৰে। সন্মান আৰু আন্তৰিকতাৰে মোক সহায় কৰিবলৈ আগবাঢ়ি অহা শিক্ষকসকলৰ ওচৰত কৃতজ্ঞ।
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৰ ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতে শিশু দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে যেনে-একক নৃত্য,বিহু নৃত্য, দলীয় নৃত্য,কেৰেট, বক্তৃতা প্ৰদান, ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপট আৰু গণতন্ত্ৰ, ৰাজতন্ত্ৰ আৰু মুক্তিযুঁজাৰুসকল, প্ৰধান মন্ত্ৰী গৰাকী ডিচকভাৰি অৱ ইণ্ডিয়া,বিশ্ব ইতিহাসৰ জিলিঙনি (Glimpses of World History)
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (The Discovery of India)
আত্মকথা, জাতীয় কংগ্ৰেছ,ইয়াৰ কাৰ্যক্ৰমণিকা, চীন দেশৰ প্ৰসংগ,পূৱ পাকিস্তান, স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, শিশু দিৱস উদযাপনৰ আন আন দেশৰ প্ৰসংগ, শিশুৰ বাবে অনুপ্ৰেৰণামূলক বক্তৃতা,মুক্তিযুঁজাৰু মতিলাল নেহৰু ইত্যাদি দিশত আলোকপাত কৰা শিক্ষক সকলৰ সাৰগৰ্ভ একাষাৰ আদি। ইমান ধুনীয়াকৈ পৰিৱেশন কৰা অনুষ্ঠানখিনিৰ পৰা বহুত কিবাকিবি শিকিব পাৰিলোঁ। উল্লেখযোগ্য কথাটো হৈছে এইখন স্কুলৰ পৰাই দুজন ছাত্ৰই গকুল হাজৰিকা আৰু আন এজনে কেৰেটত গ'ল্ড আৰু ছিলভাৰ মেডেল আনিবলৈ সক্ষম হৈছে। নৃত্যৰ দিশত স্ব প্ৰতিভা বিকাশৰ বাবে ইউটিউব চেনেলৰ জৰিয়তে প্ৰয়াস কৰি আছে। সুন্দৰ ভৱিষ্যতৰ ইংগিত দেখা কণমানিখিনিৰ আৰু ভৱিষ্যত উজ্জ্বল হওক, তাৰে কামনা কৰিছোঁ। লিখোঁতে ক'ৰবাত ভুল হ'লে শুধৰাই দিব বুলি আশা ৰাখিলোঁ।
(বি.দ্ৰ.গৱেষণাৰ বাবে আহোঁতে ক্ষেত্ৰ অধ্যয়নত বহুত মানুহে নিঃস্বাৰ্থভাৱে সহায় কৰিছে, তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ, পৰৱৰ্তী সময়ত বহলাই লিখিম)
(১৮)
ঊষাপুৰ আৰু মঞ্জিমা বাইদেউ
সুন্দৰ মনৰ অধিকাৰী মঞ্জিমা বাইদেৱে আগ্ৰহেৰে কাচি-দঁৰীয়া উপন্যাস খন ক্ৰয় কৰি পঢ়িবলৈ বিচাৰে এই কথাই মোক আনন্দ দিছে।
#kachi_doriya
#kachi_doriya_assamese_novel
ইমান সুন্দৰ ফুল লতাৰে চৌদিশে যেন তৰু লতিকাই ইপাহি সিপাহি বাগৰি মনৰ কথা আলচ কৰিব। সৃষ্টিশীল মনৰ মানুহক চৌপাশে এটি সুকীয়া গতিলৈকে লৈ যাব পাৰে।
আন্তৰিক ধন্যবাদ জনাইছোঁ বাইদেউ ইমান সুন্দৰকৈ চিত্ৰশিল্পী পাৰ্থ সখা(দিনক দিনে উন্নতি হৈ যাবলৈ ধৰা সখাৰ ছবি,তেনে ধৰণৰ এখন ছবি বাইদেউলৈ আগবঢ়ায়) আৰু মোক আতিথ্য প্ৰদান কৰিলে, শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত হৈয়ো সৃষ্টিশীল কাম কৰিবলৈ প্ৰয়াস কৰি থকা তথা দৈনিক প্ৰতিক্ষণ কাকতত জীৱনৰ বাটে-ঘাটে লিখি থকা বাইদেউ ৰ সৃষ্টি "সেউজীয়া সুহুৰি" নামৰ কাব্যগ্ৰন্থ উপহাৰ দিলে, লগতে তেওঁৰ ৰচিত এটি গানৰ বিষয়ে অলপ জানিব পাৰিলোঁ। তেওঁৰ ৰচিত আন আন ৰচনা -জীৱন নদী আৰু হৃদয়ৰ সোণোৱালী সাঁকো, সোণালী সাকোঁৰৰ কথাৰে, জীৱন আৰু মৃত্যুৰ দূৰত্ব আদি কাব্য সংকলন,মঞ্জিমাৰ গল্প সংকলন আৰু তুমি (আধুনিক গীতৰ সংকলন ) কম কথা কোৱা আজি অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ৰ খেলখনৰৰ পৰা অধীৰ অপেক্ষাৰে থাকি আমিও হষ্টাৰত চাবলৈ ৰৈ আছা ন বুলি কোৱা ভিনদেউলৈকো আন্তৰিক ধন্যবাদ জনাইছোঁ।
(১৯)
চোনামানুষৰ খং। কাৰণ মই অকমান ছোৱালী মই ৱিকিৰ মিটিঙত আছোঁ এইবুলি মই বাৰ্তা পঠাইছোঁ। শেষত তাই ভাগৰে-জুগৰে আহিছিল।টোপনিয়ে হেচুকি ধৰিছিল শুই পৰিল। মই ফোন কৰি হাৰি গ'লো। শুই লালকাল। নাক ঘৰ্ঘৰাই ফুপডাং মাৰি শুই আছে। দেশ ধুনীয়া গম নাপায়। মাহেকীয়া ৱিকি মিটিঙ। মাহটোৰ শেষলৰ সপ্তাহত হয়। জেষ্ঠ সকলৰ দ্বাৰা বক্তৃতা প্ৰদান কৰা হয়। এইবাৰ প্ৰভাকৰ শৰ্মা নেওগ আৰু মৃদুল কুমাৰ শৰ্মাই বক্তৃতা প্ৰদান কৰে। বহুত খিনি ৱিকিপিডিয়াৰ সৈতে জড়িত কথা জনাই উৎসাহিত কৰিলে।
দাদা, মই আপোনাক ভালপাই পেলাইছোঁ। ৰ'ব নোৱাৰি কৈ পেলালো। কিবা ভুল হ'লে মাফ কৰিব। জোনাকৰ হাঁহি। হঁছী টু ফচি। আৰম্ভ এক যাত্ৰা। ইজনে সিজনৰ কাষ পালেহি। প্ৰতি মুহূৰ্তৰ খবৰ লোৱা আৰম্ভ হৈ গৈছে। মই জোনাকৰ মাত ডাঙৰ বাবে নাইবা সি জনাই থকা আপডেটৰ বাবে কথাখিনি গম পাই থাকোঁ। মোৰো চোনালৈ মনত পৰি থাকে। সিহঁতৰ প্ৰেমে যেন চোনাকে মোকে পুনৰ আৱিষ্কাৰ কৰে।চোনাই কাজিয়া কৰে। অন্তৰৰ পৰা কৰিব নাজানে। সেইবাবে মোক অমুকটো নকৰিবা,তমোকটো নকৰিবা কৈ থাকে। ৰাজেন ৰেখামণি তুলা ৰাশিৰ লোক। সেয়েহে মাজে মাজে বৃহৎ কাজিয়া একোখন হৈ থাকে। ময়ো আকৌ জধা নহয় নে ধুনীয়াকৈ তাইৰ সৈতে কাজিয়া কৰি লও। তাৰ পিছত মন বেয়া হয়। মূৰ বিষ। চকুৰ কুতৰলৈকে ক'লা চামনি পৰে। কাম বন কৰিব পৰা নাযায়। চোনা মানুহে এই কথা জানে। বহুত বছৰ হ'ল ভালপোৱা। এটা দশক পাৰ হৈ গৈছে। তাই সহিব জানে। সামৰিব জানে হৃদয় দুখন। থুকুচি থুকুচি ধুবও জানে। পুনৰ মিলন হৈ সোণৰ ওচৰলৈ আহোঁ। বুকুত সোমাই যোৱাৰ দৰে কৰে। কলিজাখন কামোৰ মাৰি লৈ যাবহে যেন। কিয় এনে কৰে। ভালপোৱা ই এনে কৰিবলৈ শক্তি দিয়ে। ময়ো সাতেপাছে হাৰ কৰি মৰম কৰি দিও। দিও মানে নাৱৰ পৰা নি টিঙত বহাই দিওঁ। ৰ'দৰ জিলমিল চাওক। পপীয়া তৰাৰ নাচোন চাওক। ইকুলি বিকুলিকৈ ঢৌ খেলা প্ৰেমিক মাছৰ দৰে গুঞ্জৰিত হৈ পৰক। চোনা লৈ যাম হৃদয়ৰ অতল গহ্বৰলৈ। য'ত তাই আৰু মই থাকিম। কেৱল তাই আৰু মই।
(২০)
এতিয়া গ্ৰন্থ মেলাৰ বতৰ। প্ৰায় মানু্হে ভাবে নিজৰ কিবা এখন গ্ৰন্থ প্ৰকাশ কৰিব লাগে। কিছুমানে নতুন গ্ৰন্থৰ সোৱাদ ৰ বাবে ৰৈ আছে। দিনে-নিশাই কষ্ট কৰি আছে। গ্ৰন্থ মেলাৰ বিপনী সমূহৰ দাম বৃদ্ধি কৰিছে। যাৰ ফলত সৰু সৰু বিপনীৰ অসুবিধা হৈছে। সম্ভ্ৰান্ত ষ্টলৰ সমস্যা নাই। সিহঁতে দিব পাৰিব । এখন ঘৰ চলি থকা গ্ৰন্থ বিক্ৰেতা সকলৰ বিষয়ে কোনোবাই ভাবি চাইছেনে? এটা শ্ৰেণী মৰি মৰি জীৱন নিৰ্বাহ কৰিবলৈ ৰআগবাঢ়ি আহে। আনটো ৰ তেনেকুৱা সমস্যা নাই। এইক্ষেত্ৰত চৰকাৰে সকলোকে বাচি থকাৰ সুবিধা কৰি দিলে ভাল হয়।
(২১)
দাদাজন দেখাত বৰ সুদৰ্শন। পঢ়াই-শুনাই ভাল। ডিবৰুত দেখা পাইছোঁ। মোৰ লগৰৰ ৰূমমেট বুলি গম পালোঁ। ডিবৰুৰ মানুহ সহজ সৰল। বহুত সহায় কৰিবলৈ আগবাঢ়ি আহে। মাত্ৰ আমি সকলো মিলি-জুলি থকাতো বিচাৰে। মইতো ছমাহমান ঘৰভাড়া দিয়া নাই। পিছত দি দিছোঁ। নিজৰ ঘৰৰ দৰে। ডিবৰু খন কেনেকৈ যে এৰি থৈ যাম। ভাবিলেই বেয়া লাগে। চাকৰিতো ইয়াতে হওক। তাৰেই কামনা কৰিছোঁ।
(২২)
প্ৰথম ডিবৰুৰ বুকুত ভৰি থৈছোঁ। কি এক সুন্দৰ পৰিৱেশ। চাৰিওফালে পঢ়াৰ এক সুকীয়া মাদকতা। এই মাদকতাই আপোনাৰ অন্তৰাত্মা কঁপাই তুলিব। মন জগাই তোলাৰ হেন্দোলনি তুলিব। ক'ৰ পৰা আহিছিল কি কৰি আছে কি কৰিব ইয়াতেই সকলো ঠিক-ঠাক হৈ যাব। কাৰণ এইখন যে বিশাল হৃদয়ৰ ব্ৰক্ষ্মাণ্ড তাৰঙণ।
অ ভাইহঁত,কি কৱ,মোৰ কথাটোত। দাদা সন্ধিয়া ৰাম নহ'লে। অ হ'ব। অলপ কাম-চাম কৰি শেষ কৰি ল। নহ'লে ছোৱালীবোৰক চাৰপ্ৰাইজ দিব নোৱাৰিম। ঠিক আছে তেন্তে দাদা।
(২৩)
এটি সৰু ঘটনা। ঘটনা হৈছিল আমাৰ ঘৰতে। মানে কোঠাত। এজন মানুহ আহিলে। কথা ক'ব নাজানে। দৰ্জা নক কৰিছে। যদু উঠি যোৱা নাই। তাৰ এটা অভ্যাসত পৰিণত হৈছে যে দৰ্জাত খটখটাই কোনোবা মৰিলেও সি নুঠে। সি দৰ্জাৰ কাষৰে প্ৰথম কোঠাৰ বাসিন্দা। মই তৃতীয় নং কোঠাত থাকোঁ। গতিকে মই যোৱাত পলম হ'ব -এনে ভাৱ তাৰ নাই। মই ভাবোঁ যে অভ্যাগত জন যিয়েই নহওক সি দোকান কৰিবলৈ অহা,ভাৰাকোঠা বিচাৰি আহি ভুলতে মালিকৰ ঘৰ বুলি কলিং বে'ল বজোৱা হয়। বা কলিং বে'ল বজোৱা অভ্যাস নথকা সকলৰ বাবে দৰ্জাখন সহজ হয়। মই মোৰ কোঠাৰ ভিতৰত পৰা লৰালৰিকৈ আহি সঁহাৰি জনাও। এইবাবেই জনাও যাতে অভ্যাগতই আমাৰ মানৱীয় প্ৰমূল্যৰ দুৰ্বলতা যাতে উমান নাপায়। মোক দাদাজনে আকাৰে ইংগিতে বুজাই দিলে। পইচা লাগে,মাকৰ কেঞ্চাৰ বুলি কাগজ এখন লৈ আহিছে। লেমিনেশ্যন কৰা আছে। মই এপাকত কোঠালৈ আহি জোনাকক কলো সি একো সহাৰি নিদিলে। কি কৰোঁ হে প্ৰভূ। মোৰ ওচৰত নাই সিমান টকা। পকেটৰখীয়া কুৰিটা টকা আছিল তাৰে আধাকুৰি দি দিলোঁ। মানুহজনৰ মুখত সন্তোষ ভাৱ নেদেখিলোঁ। তেওঁ কথা কবই নাজানে। মোৰ বহুত বেয়া লাগিল। দাদা মোৰ পইচা নাই এয়া ই আছিল। বগা চাৰ্ট ক'লা লংপেন্ট পিন্ধি আছে। মুখত হাঁহি নাই। শুকান পথাৰত বহু দিন বৰষুণ নপৰাৰ দৰে দুয়ো ওঁঠ। কিন্তু এটা গভীৰ চিন্তাৰ উমান পালোঁ। হে প্ৰভূ সহায় কৰক বুলি মনতে টিপতে প্ৰাৰ্থনা কৰিছোঁ আৰু ভিতৰলৈ সোমায়েই আহিলোঁ। তেওঁ গলগৈ। আমি কাচি-দঁৰীয়া উপন্যাস খন আভা প্ৰকাশনে পঠোৱা মাৰুটি কুৰিয়াৰ চাৰ্ভিচ চেন্টাৰৰ পৰা আনি গ্ৰন্থ মেলালৈ যাম। বাটতে ল'ৰা জনে ছোৱালী এজনীৰ পৰা পইচা সংগ্ৰহ কৰি আছে। মানে গুগল পে কৰোৱাই আছে। ছোৱালীজনীয়ে অমলপ্ৰভা দাস ছাত্ৰী নিবাসত থাকে। তাইৰ একো পৰিচয় মই নাজানো। কিন্তু কোমল হৃদয়ৰ গৰাকী ছোৱালী য়ে মানুহজনক সহায় কৰা দেখি ভগৱানক বহুত ধন্যবাদ জনাইছোঁ আৰু ছোৱালী জনীৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মই মনে মনে প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। ৰাতি চোনা মানুহৰ গা বেয়া হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ কুশলে কৰিছে। হে প্ৰভূ তুমি অনন্য অপাৰ। বিশ্বব্যাপী কেৱল তুমি। কেৱল তুমি -শ্ৰীমন্ত শংকৰ,হৰি ভকতৰ যেন যেন কল্পতৰু...
(২৪)
(ক)
হেল্লৌ দাদা-
গেছ শেষ হৈছে। আমাক গেছৰ দৰকাৰ। দিব পাৰিব নেকি। ভাইটি গেছ নাই। এইকেইদিন গেছ অহা নাই। আহিলে জনাম। ভাগ্যভাল দাদাই ইণ্ডেন নে কি গেছ,নে কি এইধৰণৰ ব্যংগ নকৰিলে। আমাৰ মুডটোও তেনে নাছিল। থাকিবও পাৰে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। আমি সাধাৰণ মানুহ ঘৰৰ এখাজ খাই আনখাজলৈ চিন্তা কৰি পেটত গামোচা মাৰি আছিলোঁ।এতিয়াও নাপাহৰো অকল শোতৰা জিলিমিলি সিজাই খোৱা দিনৰ মালিতা।ধন্যবাদ দাদা,খবৰটো জনাই উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ফোনৰ যোগসূত্ৰ কাট খালে। ফোনটো কৰাৰ আগমুহূৰ্তৰ ভাৱনাখিনি আৰু কাটি দিয়াৰ পিছৰ ভাৱনাখিনিৰ মাজত বিৰাট তফাৎ। এই তফাৎ জোনাকে ধৰিব পাৰিছে। ৰাজৰ এনে পৰিৱৰ্তন স্বাভাৱিক। তাৰ বেলগুৰিৰ ঘৰলৈ মনটো বৰ খৰৰে দৌৰিছে। মায়ে চাগৈ শুকান মচমছীয়া কাঠখৰি আৰু পকাবাঁহত ওলোৱা বহুত খৰি গোটাই থোৱা খিনি ব্যৱহাৰ কৰিছে। জুইকুৰা উঠাবলৈ বাঁহৰ চুঙাটোত বায়ুৰ চুমুক দি আছে। ডিয়ুত তাৰ অৱস্থা কাঢ়িল। দুদিন এদিন গেছ পলম হৈছে। তথাপি আহিব দাম দি হ'লেও ৰাখিব। তাৰ মনত কথাষাৰ দৃঢ় হৈছে। লগৰ জোনাকৰ লগত ইন্টাৰনেটত ই-কুকাৰ চাৰ্জ কৰিও উপায় বিচাৰি আছে। ঘৰৰ ভিতৰত কোনটোকোণত মেকুৰী আৰু নিগনিৰ দপদপনি তালৈকো লক্ষ্য ৰাখিবলৈ এৰা নাই। নহ'লে যে বিস্কুট দি ফান্দ পাতি ৰাখিছোঁ তাতেই পৰক,অলপ ভয় খাওক। এনে দপদপনি তুলি ধানখিনি কুটি কুটি নষ্ট নকৰক। সি বাৰে বাৰে চকুৰ আগত তিপাইশালটো দেখিছে। তাঁৰডালত আঁৰি ৰখা কুহুমীয়া পানী জমা ৰখা কেটলিটোলৈ মনত পৰিছে। মন গ'লে চাহ এটোপা ঠিক কৰি ল'ব পাৰি। মন গ'লে অসমীয়া পিয়াঁজ এফুটা দুফুটা লৈ টান কৰকৰীয়া ভাত এথালি নিমখ জলকীয়া আদা মোহাৰি সোমাৰি খাই দিব পাৰি। পইতা ভাত হ'লে ক'বই নালাগে। খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা ৰ দৰে।
বাৰীৰ পৰা শুকান খৰি গোটাই থয়। ভনীয়ে আকৌ মুঠাই মুঠাই জেংখৰি,বাঁহৰ মূঢ়া খৰি,ভাঙি যোৱা তথা ঘূণে ধৰা জেউৰা,কলমৌ খৰি কাটি চাংখনত দমাই থয়। আঘোণ মহীয়া দাৱনীৰ ব্যস্ততা। তাতে খৰি খেৰ বিচাৰিবলৈ খুঁচাৰিবলৈ সময় নাথাকে। ঘৰৰ মতামানুহে ক'ত সেইবোৰ বিচাৰ কৰিব। অৱশ্যে সকলো নহয়। কেতিয়াবা খুব জোৰেৰে ধুমুহা বতাহ বৰষুণ আহিলে খৰি বিচাৰি গাঁৱৰ মানুহ নধৰা হয়। মেয়াং কাঠনিত গছৰ শুকান ডাল, শিমলু,ভলুকা,মকাল বাঁহৰ টুকুৰা টুকুৰ পোৱা যায়। গছৰ শুকান ডাল, কোনটো গা-গছেই পৰি ,পচি যায়। কাপোৰৰ খোপা বান্ধি খৰিবোৰ মূৰত লৈ যায়। বোৱাৰী পুৱাৰ এনে ছবিত সূৰ্য ৰ ৰাঙলীয়ে ছাঁটিক দীঘলীয়া কৰি পেলায়। তেতিয়া নিজকে ওখ ওখ লাগি যায়। পমীলাৰ ভাব হয় ফোন থকা থকা স্থিৰ চিত্ৰ সংগ্ৰহ কৰিলোঁহেতেন। কেতিয়াবা গোটেই বাঁহজোপাই ভাগি পৰে। উভালি থকা বাঁহগছৰ ধাৰ দেখা যায়। সেইদিনা দেখা বগলীক মুৰুলীধৰে দুফাল কৰা দৃশ্য আহি যায়। মাজে মাজে ৰিবৰিব বতাহ এছাটিয়ে আটাইকে কোবাই যায়। গাটো শীতল লাগে। তাতে গছৰ তলবোৰত শগুন,বগলী,ঘিলা,মাছোৰোকা আদিৰ বিষ্ঠা পৰি থাকে। কিন্তু ঘৃণা নাহে। এনেদৰে লিপিট খাই থাকে যেন তাত এজন পাণ দোকানীয়ে পাণ বিক্ৰী আছে। মাত্ৰ মানুহ জন ইনভিজিবুল। নিয়ৰ খিনি যেন ওচৰ চুবুৰীয়া দোকানদাৰ। কাৰণ সিহঁতক গছকি ফেনেকি কত শত মানুহ,গৰু,হাঁহ ছাগলী,পাৰ আদিয়ে তথৈবচ কৰিছে। কিমান যন্ত্ৰণা। জীয়াই থাকিবলৈ এনে যন্ত্ৰণাৰ প্ৰয়োজন। প্ৰকৃতিয়ে তেওঁলোকৰ পোহ-পাল দি ৰাখিছে। আমিটো জধাই মধাই কাটি তহিলংহে কৰিব পাৰোঁ। 'আগেয়ে মোক কাটা তাৰ পিছত গছ কাটিবা' এনে শ্লগানক পাট্টাই নিদিয়ে। আচলতে প্ৰকৃতিয়ে আমাক বহুত দিছে। এতেকে প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিবলৈ সকলোৱে ভিন্ন প্ৰকাৰে চেষ্টা চলাব পাৰে।
শিপাই খামোচ মাৰি ধৰি ৰখা এই দৃশ্য যেন বিপদৰ বন্ধু এই হাতখন আগবঢ়ায় দিয়া। এনে লাগে।একধৰণৰ সৌন্দৰ্য দেখা পোৱা যায়। শুনামতে সৈনিকসকলে যেন তম্বু তৰি নিজকে বতাহ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ এই আয়োজন। ক'ত কষ্ট কৰি আমাক এমুঠি খোৱাই বোৱাই ৰাখিছে। ভাবিলে হাজাৰবাৰ অন্তৰতে চেল্যুট আহি যায়।
চিলিণ্ডাৰৰ সমস্যা বহুতত হৈ আছে। কাৰণ আমি যিবোৰ ছাত্ৰ -ছাত্ৰী বাহিৰত থাকোঁ। আমাৰ কাৰ্ড নাথাকে। থকা স্থানৰ ওচৰ পাজৰৰ মানুহৰ পৰা লোৱা হয়। ফোনটো কৰাৰ লগে লগে দি থৈ যায়। আমি মাত্ৰ ভিতৰৰ পৰা ষোল্ল কিলো ধৰা গেছৰ চিলিণ্ডাৰটো আনি জমা দিব লাগে। কেতিয়াবা থকা মালিকৰ কাৰ্ডৰ জৰিয়তে গেছৰ ব্যৱস্থা কৰি দিয়ে।সকলোৱে এই সুবিধা লাভ কৰিব নোৱাৰে। স্কেনাৰৰ কিইউ আৰ কড দি গেছ লোৱা কামটো চমু যেন ভাবি থকা ৰাজৰ মনলৈ বহুত কথাই অগা-ডেৱা কৰিছে। সি বাৰে বাৰে ফোন কৰি এইকেইদিন গেছ পোৱা নাই। দুই সখাই যোগাযোগ কৰি আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৰ পৰাও এনে সমস্যাৰ কথা জানিব পাৰিছোঁ। ইয়াৰ সমাধান কোনে দিব? এই যে মগজু শক্তি খৰচ কৰি বহুতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পঢ়া-শুনা কৰি আছোঁ। ঘৰৰ পৰা আহি এনে সমস্যাৰ সমাধান জুহালখনে আমাক সহায় কৰিছে। কিন্তু কিমান দিনলৈ। বহুতে ক'ব খোজে তোমালোক বিশ্ববিদ্যালয়ৰ আবাসলৈ নোযোৱা কিয়? আছিলোঁ আগতে। এতিয়া মন নাযায়। ঘৰৰ মানুহেও কেতিয়াবা ভয় কৰে। হোষ্টেলৰ পজিটিভ ভাইভছ নেদেখি এনে কৰে। কিন্তু প্ৰাইভেছিত বিশ্বাসী বাবে এনেকৈ থাকিবলৈ বাধা নিদিয়ে। তহঁতে তাতে একো কৰিব নালাগে। মেছ চলাব পাৰ। পইচা তুলি বজাৰ-সমাৰ কৰি দিবি বছ। কিন্তু আমি ইয়াতো কৰিব পাৰোঁ। কেতিয়াবা দুয়োখন বিশাল ক্ষেত্ৰৰ অভিজ্ঞতাৰ দৰকাৰ। কিয়নো এদিন সংসাৰ কৰিলে সেই জুমৰ পৰা পোৱা প্ৰেকটিকেল জ্ঞান আৰু বাহিৰে বাহিৰে আহৰণ কৰা জ্ঞান দুয়োপক্ষৰ প্ৰয়োজনীয়তা অনুভৱ কৰিম। কথাখিনি জোনাকে যেন মুখতে বিৰবিৰাই আছে।
(২৫)
ক)
বৰ ভাল জীৱন। ৰাজৰ আইতাকে কাটিছিল। চকুৰ কোটৰত পানী জমা হৈছিল। নদন বদন ঘৰ। অভাৱ কম। পইছাৰ মূল্য কম। মানুহৰ মূল্য বেছি। সেইকথা জানিবলৈ বহুত সময় লাগিব। শালিকাৰ চিঞৰ। ঘৰচিৰিকাই সজোৱা ঘৰ। তামোলত টোকোৰা চৰাইৰ কি বিতোপন ঘৰ। চৰাইৰ মুখকেইখন দেখিলেই চুমা এটা দি মৰম অকণ কৰি পানী আৰু কোমল চাউল খুৱাই দিওঁ। সেইদিন গ'ল। ক'ত বিচাৰি পাম। জীৱনেই মেলানি মাগো মাগো। এইখিনি সময়ত মোৰ উশাহ-নিশাহ ৰ বহুত মূল্য। তেল, তৰকাৰী মচলাবিহীন । য'ত সকলো প্ৰকৃতিৰ পৰা আহৰিত। হাতে কামে সকলো জোকে লগাদি লাগি যাওঁ। আজিকালি আৰাম বিচাৰি হাবাথুৰি খোৱা মানুহ সৰহ। কাম-বন কৰি থাকিলে মন প্ৰাণ শৰীৰৰ তেজ চলাচল, মনৰ সজীৱতা বৃদ্ধি পায়। সেইখিনি অতাই- পিতাই জীৱনৰ আয়ুসে সোণালী জয়ন্তী পাইছে। মাথোঁ কয় বৰপোনা পৃথিৱীৰ সৈতে খেলা নকৰিবি। ফল হাতে হাতে পাবি। নিজৰ মনৰ মাজত ধুনীয়া মনটো ধুই-আওদালি থাকিবি। কোনো জন্ম হৈ আহোঁতে ৰং,বৰ্ণ,খং, অভিনয়,অভিমান,ৰূহ বাস্তৱ লৈ নাহে। সময়ত সকলোৱে নিজৰ নিজৰ জাগাত বন্দী। প্ৰকৃতি আমাৰ আত্মাত বাস কৰক। হৃদয়ৰ বিগলিত কৰুণা জাহ্নৱী যমুনা বৈ যাওক। গছ-লতিকা,তৰু তৃণৰ ভ্ৰূণ হত্যাৰ পৰা আতঁৰি আহক। ঘৰৰ পৰাই এই সুন্দৰ প্ৰকৃতিৰ চিন্তা কৰিবলৈ কৰোঁ আহক।
ডিয়ুৰ সংগ্ৰামী সত্ত্বা:
২৬.
স্নাতকোত্তৰ পৰীক্ষা শেষ। ঘৰলৈ থৰ বুলি যাব পৰা নাই। কিবা এটা কৰি হ'লেও এমুঠি খাম। কম দামৰ কোঠাই এটা লম। যি উপাৰ্জন হ'ব পঢ়াত লগাম।মুঠতে মোৰ সপোন সাকাৰ কৰিম। হোষ্টেলৰ পৰা বিদায় লৈছোঁ। বহুতে জব পাইছে। বহুতে পোৱা নাই। ময়ো সেই শাৰীৰে। ঘৰত ইমান ডাঙৰ ল'ৰা ই পইচা খুজি আৰু কিমান পঢ়িম। উৎপলৰ কথাবোৰ মনলৈ আহি থাকে। পিছদিনাল পৰাই টিউশ্যন বিচৰা আৰম্ভ। বাতৰি কাকত বা কলেজত অংশকালীন হ'লে ও হ'ব। মুঠতে এপইচা ঘৰৰ পৰা নিবিচৰাকৈ সপোনৰ পম খেদিম।
২৭.
ডিয়ু ৰ দোকানীসকল-
ডিচেম্বৰ ত চূড়ান্ত ছেমিষ্টাৰ পৰীক্ষা শেষ হ'ব। বহুত ঘৰলৈ যাব। বহু ফুৰিবলৈ যাব। বহুত পঢ়া-শুনা কৰিব আৰু ফুৰিবও। কিন্তু ডিয়ুৰ দোকানীসকল? নিজৰ নিজৰ ব্যৱসায় চলাই যাব। প্ৰতিটো দিনৰ কাম কৰি যাব। কোনোৰ জেৰক্স কৰিব। কোনোৱে জেৰক্স ৰ লগত প্ৰিন্ট কৰিব। ফটো তুলি অলপ ৰেছন কাৰ্ড ৰ বাবে ল'ব। ছাত্ৰ-ছাত্ৰী সকলে স্কলাৰশ্বিপ, হোষ্টেলৰ কামত, লাইব্ৰেৰী কাৰ্ড,আই কাৰ্ড,বিভাগৰ কামত সেইসমূহ ব্যৱহাৰ কৰিব। এই কামখিনি কৰিবলৈ ছেকেণ্ড গেট আহিব। ডিয়ু হাট আহিব। হাটৰ কাষৰতে ৰজাভেটা আৰক্ষী চকী। হাটলৈ সোমোৱা ঠাইতে ডাষ্টবীণ। ইমান লেতেৰা হৈ থাকে। গাড়ী য়ে জাবৰ-জোথৰ নিয়ে। তথাপি লেতেৰা হৈ পৰে। পেপাৰত দৃষ্টি কোণ মই লিখিছোঁ। আনেও লিখিছে। পৰিস্কাৰ পৰিচ্ছন্নৰ কথা, সমস্যা ৰ কথা। কোনো মন ভালকৈ নিদিয়ে। ফলত পাচলি কিনিবলৈ গৈ মুখত সোফা মাৰিব লাগে। মানুহবোৰেও ইউচ মি কোৱাত পেলাব লাগে -লেতেৰা পলিথিন,কাগজ,কেৰিবেগ,মিঠাইৰ বাকলি,টিছু পেপাৰৰ টুকুৰা টুকুৰবোৰ ,পানীখোৱা বটল, স্প্ৰেডৰ বকল, পকৰি বন্ধা ফটা কাগজ, তামোলৰ পিক, চিগাৰেটৰ পকেট ইত্যাদি। উচিত ঠাইত পেলাব লাগে। সকলোৰে পৰিৱেশৰ প্ৰতি সচেতনতা দেখুৱাবলৈ যত্ন কৰিব লাগিব। আৰু আছে....
২৮.
ৰাজেন -মানুহ নাই। নিতিছ দাদাৰ মাত। আকৌ কৈছে ছেমিষ্টাৰ ব্ৰেক। ফুৰিবলৈ গৈছে। ঘৰলৈ গৈছে। হয় দাদা কোনোবাই প্ৰথম ডিয়ু ত পৰীক্ষা দি ঘৰমুৱা পক্ষী হৈছে। কিছু আকৌ চিনিয়ৰ হৈছে। হোষ্টেলৰ ল'ৰা ছোৱালী ৰ মন সেমেকা। কাৰণ দুবছৰীয়া যাত্ৰা শেষ হ'ব। কোনোবাই পঢ়ি থাকোতেই নেট জেআৰএফ লগাই লৈছে। কলেজ ইউনিভাৰ্ছিটি ত পিএইচডি দিব। গৱেষণা কৰিব। আকৌ এটা নতুন জীৱন। কিছুমান যাৰ একাডেমিক ভাল তেওঁলোকে ইন্টাৰভিউ দি চাকৰি পাব। কম নম্বৰ থকাহলে পতাত নিজকে পিচি থাকা আৰু। এনেকুৱা এটা নিয়ম নাহে কিয় গৱেষণা কৰাসকলক বিশেষ ভাৱে কলেজ ইউনিভাৰ্ছিটি ত শিক্ষকতাৰ সুবিধা দিয়া। পিএইচডি কৰিলেও একাডেমিক সৰহ সকলৰ ওচৰত পাট্টাই নাপায়। ৰজাঘৰলৈ গোহাৰি এইসকল ছাত্ৰ ছাত্ৰী ক অনুগ্ৰহ কৰি সুবিধা প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ।
২৯.
আমি পঢ়ি আছোঁ। লৰামখাই কিমান চিন্তা। ইফালে ছোৱালী চাই থোৱা প্ৰায়খিনিৰে আছে। যৌৱন ৰৈ নাথাকে। চাকৰি যোগাৰ হ'লেই বিয়া পাতিম। অমোকটো কৰিম। তমোকটো কৰিম। ঘৰখন সাজিবলৈ আছে। ধাৰ উধাবলৈ আছে। বহুত কিবাকিবি। কষ্ট কৰি থকা চোনামানুষ বহুত মৰম দিম। সুখ আৰু হাঁহি দিবলৈ আছে। মানুহে ওপৰত ক'লে নহ'ব। দোকানৰ বৈয়ামৰ মৰ্টন নহয়। অ,মন গ'লে ই কিনি খাবলৈ। একোটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। অৱশ্যে এইটোও ঠিক নম্বৰ সৰহসংখ্যক থকা হ'লে এতিয়ালৈ চাকৰি কৰি আমনি আৰম্ভ হলহয়। যিটো অৱস্থা লগৰবোৰৰ হৈছে। যন্ত্ৰৰ দৰে হেনো। পুৱাই উঠি খাই বৈ কলেজ। বহুত কাম। আকৌ আহি ভাগৰ লাগে। আকৌ ৰন্ধা বঢ়া। কি ফাল্টু বগবাজ লাইফ ৰে। মোৰে কাম নকৰা হয়। বহুত ছোৱালী কি ল'ৰা ৰ গা বেয়া হৈ যায়।উপায় নাই। ল'ৰা ছোৱালী পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ দায়িত্ব আমাৰ। তাৰবাবে চৰকাৰে আমাক দৰমহা দি ৰাখিছে। তথাপিও আমিও বহুত কষ্ট কৰিছোঁ। এখন ভাল মাৰ্কচিট গোটাবলৈ বহুত কষ্ট হয়।
৩০.
চোনা -
এটা কথা। কৰিম বুলিলে কৰিব। নহ'লে মাৰিম বুলিলে মাৰিব। মুখৰ জাবান ঠিক আছে। সোণৰ লগত ভাল এটাই চিন্তা কৰি কাজিয়া কৰে। সোণে বুজি পায় কিন্তু কিবা এটি স্থায়ী নোহোৱা বাবে মূৰটো গৰম হৈ থাকে। উতলি থাকে। চোতালত ইউনিভাৰ্ছিটি আছে তাত সোণৰ সেৱা আগবঢ়ায় নিব মন। কিন্তু কি কৰিব সময়ে কি বিহু দেখুৱাই।তথাপি বিশ্বাস বুকুত বান্ধি চোনাকো মৰমৰ উম দি গৈ আছে। আৰু কিমান যে দূৰ বাট। পাম দিয়া অবাটৰ আপোন বাট।
বাৰে বাৰে মৰম কৰে। মই কেতিয়া যে ভাল খবৰ দিব পাৰোঁ। সদায় চিন্তা কৰোঁ। ভগৱানক ৰাতিপুৱা গধূলি প্ৰাৰ্থনা জনাও। ওচৰত পাম নে নাই বৰ চিন্তা। উপায় নাই। চোনা ই বাৰে বাৰে কান্দি দিয়ে। মোৰ লগত গুচি যাও। আকৌ ভালকৈ মাতে। মনটো মোক নোপোৱা বেদনা। মই সদায় আছোঁ। চিৰদিনলৈ।
ই আৰু ঘৰখন সুন্দৰ কৈ চলাই নিবলৈ আছে। মই চিন্তা কৰিয়েই থাকোঁ।
৩১.
কামখিনি সোনকালেই আগবঢ়ায় নিম বুলিয়েই ডিব্ৰুগড় যাওঁ কৰি থাকোঁ। কামখিনি যিমান সোনকালে শেষ হ'ব চাকৰিও সোনকালেই হ'ব।তোমাৰ কষ্টৰ ফল দিমেই চোনা। মোৰ ওপৰত বিশ্বাস ৰাখা মই ভাবিছোঁ মাৰ্চলৈ দুই নম্বৰ খন ৰেডি কৰোঁ। তাৰ পিছত তিনি নম্বৰ খন ছেপ্টেম্বৰত দিম,যদি মাৰ্চত দিও তেতিয়া তিনিনম্বৰ খন ছেপ্টেম্বৰত দিব পাৰিম। তেতিয়া ফাইনেল খন ডিচেম্বৰত দিলে কাম শেষেই । ময়ো জানো যৌৱন ৰৈ নাথাকে। উপায়ো নাই। সকলোৱে মোৰ পৰা ইন্সপায়াৰ হয়। বহুত কিবাকিবি বিচাৰে। ধুমধামেৰে বিবাহ এখন সকলোৱে বিচাৰিব। বহুত কাম আছেই। তথাপি মূৰ গৰম হৈ থাকে। ঘৰখনৰ ডাঙৰ হোৱাটো কিমান কষ্টকৰ এবাৰ ভাবিবনে?
ভাইভাটো হ'লে নিউজত ওলাব তেতিয়া মই ইন্টাৰভিউত সেটো দেখালেই১৩ নম্বৰ পাম
ধৰা মোৰ জমা দি ভাইভা হ'বলৈ ৯ মাহ লাগে,তাৰ আগত যদি জুনত এখন দিও আৰু ছমাহ নমাহৰ ভিতৰত এখন দিলে
তাৰ পিছত ফাইনেল খন সোনকালেই জমা দিব পাৰিম
ডিব্ৰুগড়তে সৰু কম দামৰ ভাড়া কোঠা বিচাৰিম।
আৰু এবছৰ কষ্ট কৰি থাকা আৰু চোনা চিন্তা চৰ্চা কৰি আছোঁ । অলপ ধৈৰ্য ধৰা ঈশ্বৰে সহায় কৰিব চোনা।ইয়াৰ পৰা গৈয়ে জগন্নাথ মন্দিৰত শৰাই দিমগৈ । তাইক কথাখিনি বুজাই থাকোঁ। তাই কয়-ঘৰতো কষ্ট,মতা ফালৰপৰা কষ্ট। ক'ৰবাত মৰি যাম। বাহিৰলৈ গুচি যাম। মই বাধা দিও। পজিটিভ থাকা বুলি কও। ককাৰ ডাইলগ এটা মাৰি মোখনি মাৰোঁ-মানুহৰ একালি দুখ একালি সুখ"।
ঘনশ্যাম বৰদেউতাৰ সংলাপ নিজৰ পকৰেই "টেকটেকিয়া আনৰ পকৰ কি সেকিব"।
৩২.
মাঘ বিহু -
জাতীয় উৎসৱ। ঘৰমুৱা পক্ষী। সকলো যেন ফেমেলি টাইম। মিটিৰ কুটুম ৰ ঘৰলৈ যাব। ডাঙৰক শ্ৰদ্ধা নিবেদন কৰিব। বিয়া-বাৰু কৰোৱাসকলে শাহু -শহুৰৰ ঘৰলৈ যাব। নাতি-নাতিনীও যাব। খা-খবৰ ল'ব। সেৱা আগবঢ়াব। নামঘৰলৈ যাব। শৰাই দিব। চাকি বন্তি দিব। ৰাইজৰ মংগল কামনা কৰিব। যিটো কাম নামঘৰীয়াই সদায় কৰি আহিছে। আমাৰ দেউতাই নামঘৰৰ দায়িত্ব পালন কৰি আছে। অলপ দিন হৈছে। আমি দেউতাক আশ্ৰষ কৰোঁ। মই গ'লে বৰদেউতা,আইতা,বৌ সকলোকে সেৱা কৰোঁ। এইবাৰ আইতা বগা ৰঙৰ ব্লাইজ দিলোঁ। চাইজ ৩২। আইতাক টকা কুৰিটা দি ভৰিত ধৰি সেৱা কৰিছোঁ। আইতা কান্দি চকু ঢোলঢোলীয়া হৈ গৈছে। কিবা শোকে খুন্দা মাৰি ধৰিছে বোধহয়। প্ৰত্যেক বাৰে আইতাৰ একে। আগতে ভাত এমুঠি খাবলৈ দিয়ে। জলপান দিয়ে। সান্দহ দিয়ে। চিৰা,দৈ গুৰ দিয়ে। ৰঙা চাউলৰ ভাত দিয়ে। পিটিকা দিহা কৰি দিয়ে। এতিয়া পৰা নাই। মানে শতবৰ্ষ গৰকিলে। তথাপি লাখুঁটিয়ে আমাৰ ঘৰলৈ আহে। কঁকাল পৰিল। চকু উজ্জ্বল কম। মনৰ শক্তি দৃঢ়। ভকতিত বৃহস্পতি। "বুঢ়ীয়ে আইসকাম বা সৰু সুৰা সকাম নিকাম হ'লে প্ৰাৰ্থনা দিয়ে। বগা ফোঁট ল'ব। আগলি কলপাত আনি তাত দ্ৰব্যখিনি ৰাখিব। খুব পৰিস্কাৰকৈ ৰাখে। আনকি গুৰুঘৰ লেতেৰা হ'ব নিদিয়ে।
৩৩.
কষ্ট কৰি মচিব। গোবৰ দিব। পানীত মাটি গলাব। শোতকানি লৈ মচি যাব। সেইবুলি আকৌ গা-পা ধুইহে সেইখিনি কাম কৰিব। বুঢ়ীৰ ভকতিয়ে ভগৱানক ওচৰ চপাই আনে। মোৰ এনে ভাৱো হয়।" বিমলা মামীৰ কথাখিনি ভাল লাগিল। লোআ চাহ? নাখাওঁ,বি মামী। বি নবৌ,ডাঙৰ নবৌ বুলি মা আৰু জেঠাইতিয়ে মাতে। মই ভাবো বি কি অ বি মানে বিমলা।
লোআ বঁটা ভিতৰত আছে। আনকি ল। এইখন ল হো গামোচা। দিয়ক। মই আইতাই ব্লাইজ পিন্ধাই দিলোঁ। দেশ ধুনীয়া কথা নাজানে। নাম পাহৰিল। সকলোৰে এই অৱস্থা হ'ব। আইতাৰ স্মৃতি জীয়াই ৰখাৰ মোৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। " অ মোৰ ল'ৰাটো। হাতদুখন গাললৈ দি চকুৱে যেন কিবা দেখিছিল। অতীতলৈ ঘূৰি গৈছে। যিগৰাকী আইতাই ধনে ধানে হাঁহ এ মাহে নদন বদনত আছিল। এতিয়া চুচৰি বাগৰি খাব লগা হৈছে। আনক ঘেকেটিয়াই থাকিব লাগে। মোৰ এই অৱস্থাত ডাঙৰ নাতিক একো এটা দিব পৰা নাই।
" মোক কিবা ধৰিছা, গোবিন্দ ৰ শ্ৰী চৰণ ত ধৰিছা,হে প্ৰভূ এই বাৰীদুখুনীক বছেৰেকৰ মূৰত সেৱা ধৰিছে। মনৰ বাঞ্ছা পূৰণ কৰক। বিঘিনি দূৰ কৰক। পোনাটিক ভালে ৰাখক প্ৰভূ "।উঠ। এইবোৰ কি আনিছ। ভায়ে দিছে। নালাগে। আছে। ডাঙ ল'ৰা ভাল হওক। হৃদয়ৰ নিভৃততম কোণৰ পৰা আশীৰ্বাদ দিছোঁ। সদায় দি আছোঁ। মোৰ একো নাই তোক দিবলৈ। " একো নালাগে বৌ। সেইবোৰ বাদ দে। তই দিয়া আশীৰ্বাদ আৰু মৰম কোটি কোটি টকায়ো কিনিব নোৱাৰে। বৌ ভালে থাক। তামোল-পাণৰ কমকৈ খাবি দেই। মামীয়ে কৈছে -তামোল খাই বুঢ়ী ধেলপুঙা। হূলস্থূল লাগিল। ভৰিত সেকি দিছোঁ। মিঠাতেল সানি মালিছ কৰি দিছোঁ। কুহুমীয়া পানী খুৱাই দিছোঁ। হাতদুখন মোহাৰি গৰম কৰি দিছোঁ। তেহে অলপ ভাল হৈছে। আমাৰ জীৱ উৰিল। প্ৰভূৱে ৰক্ষা কৰিলে।
৩৪.
পপন বুঢ়ী ক তামোল নিদিলে কেনেকুৱা গালি দিয়ে। মাও তামোল বেছি খাইছে। গালি এচাট দি আহিছোঁ। মামীয়ে কৈ গৈছে। অ মামী। অলপ অলপ দিব। টেটুত লাগি ধৰিব। বয়সো হৈছে। মামী আপোনাক বহুত ধন্যবাদ,বৌক গো মূত ধুৱাই ৰাখিছে। খোৱা -বোৱা ত সহায় কৰিছে। মামাও আছেই। বৰ ভাল। আগতে বৌৰ লগত মাত বোল নাছিল। আইতা মামা যেন অকলশৰীয়া। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আইতাক চাবা আৰু। মা তহঁতি। আইতাক এৰি একো নাখাবি। ভাগৰে অলপ দিবি। আমাক আইতাই বহুত সহায় কৰিছিল। অফুৰন্ত মৰম কৰিছিল। এতিয়া আমি আইতাক মৰম আৰু সহায় ঘূৰাই দিব লাগে। মা তোৰ নিজৰ মা। ঘৰখনৰ লগতে আইতাক চাবি। চাও। যি পাওঁ দি আহোঁ। আহিলে খুৱাই বোৱাই পঠিওৱা হয়। দিগন্ত দোকানত মেৰি গল্ড কিনি দিওঁ। বৰ সুখ পালোঁ,মা। আৰু সুখ নালাগে। যি চোনাও দি থাকে। মোৰ লগত ছাঁৰ দৰে থাকে। তাইক ভাল ফল দিবলৈ মনে প্ৰাণে কষ্ট কৰিবলগীয়া হৈছে। কৰি যাম। লগতে ভগৱান আছে। আমি নিজক বিচাৰি পাম।
পখিলী নবৌ এ মূলা। মৰম ত দিছে। ৰঙা আৰু বগা। এককিলো বেছি হ'ব। "লোআ এয়াকে নে। আৰু কি দিম। ভালকৈ কাম কৰি যা।" ঠিক আছে ডাঙৰ নবৌ।।
সৌৱা মোমায়েৰে ফেছবীন চিঙি আছে। তোক দিব। বাবা এই পলিথিনত ভৰাই দিব। দে। অলপ ঘৰৰ নহৰু দিওঁ। পিয়াঁজ পাত দিওঁ। লগতে মলমলাই থকা ধনীয়া দিওঁ। খাৱকৈ এসাঁজ। "
ডাঙৰ ল'ৰা ল। মজা দেই মামা। ভাল হ। আমাক নাপাহৰিবি। কি কয় মোমাই। সদায় আছোঁ। আপোলোকৰ প্ৰেমপ্ৰেৰণা আৰু সাহস পাইছোঁ। ঘৰৰ অকুণ্ঠ শক্তি। চোনাৰ বিবৰ্তন মুখী চিন্তা। সকলো লৈ মই। অকলে মই নহয়। মানুহ যত নাই মই নাই তাত।
৩৫.
এইবাৰো মেজিত ভোজ। মোৰ গা বেয়া। ফুৰ্তি নকৰিলোঁ। গাঁৱৰ ডেকা ডেকেৰী য়ে ফুৰ্তি কৰিছে। ৰ'ব নোৱাৰি এপাক দুপাক গৈ আহিলোঁ। ডাঠ কুঁৱলী আহি আছে। এই কুঁৱলী আহি আছে। এইমাহটোৱেই হ'ব। কেশৱ মহন্ত আঘোণৰ কুঁৱলী কবিতালৈ মনত পৰে। কেশৱ নামটো বৰ ধুনীয়া। ধুনীয়া মানে কৃষ্ণৰ আন এটা নাম। কেশৱ বুলি কৃষ্ণক কৰ্ণই মাতে। সখা অৰ্জুনে কি বুলি মাতে। তেওঁ সখাকৃষ্ণক মাধৱ বুলি মাতে। মাধৱদেৱ শ্ৰীকৃষ্ণৰ আন এটা নাম। অসমীয়া সাহিত্যৰ জগতত দুটি জ্যোতি মাধৱদেৱ আৰু কেশৱ মহন্ত। কি মজা। নামে বহুত কাম কৰে। বহুত নকৰে।
মা ৰ মতে গা বেয়া অলপ থাক। বিহুৰ মাজতে মা ক মেকুৰী য়ে আচুৰি তেজ উলিয়াই দিছে। মই লৰালৰিকৈ বাবুক দিগন্ত দাদাৰ বাইকত পঠাই দিছোঁ। চাৰিটা ল'ব লাগে বেজি ৪০০শকৈ। ইফালে দদগআং। চেন্টাৰ ২০০। কিন্তু এশকৈ প্ৰায়খিনিয়ে দিছে। এইটো মিল সম্প্ৰীতিৰ নিদৰ্শন। গুৰুজনাইচোন সকলোকে এক কৰি গৈছে।
মা ঘৰৰ কাম কৰি বহুত কষ্ট পাইছে। মানু্হ মানুহ। উপায়ো নাই আলহী সাক্ষাৎ দামুদৰ। ল'ৰা কেইটা ই চাকৰি বাকৰি হোৱা নাই। সেয়েহে মাকক সহায় কৰিবলৈ বিবাহ কৰোৱায় নাই। বাৰু এয়া পিছত। ধন হ'লে জন আহিবই।
বিভাগ খোলা আছে১৭-১-২৪ ৰ পৰা। ৰেজিষ্টাৰ ত জে আৰ এফ চহী কৰিব লাগে। মোৰ পিএইছডি কাম বহুত। গাইডৰ সৰু সুৰা কাম থাকে। শইকীয়া ছাৰৰ কাম আছে। যিটো জাতীয় দায়িত্ব। ড° নগেন শইকীয়া ছাৰ মোৰ লেখক জীৱনৰ কীৰ্তিস্তম্ভ। ছাৰৰ ঘৰলৈ যাম কাম কৰিম। বহুত কথা শিকিম। শিকি পেলাইছোঁ। ছাৰ বহুত জ্ঞানী মানুহ। এই অজ্ঞানীয়ে জ্ঞান বৃদ্ধি কৰিব লাগিব। গাইডে এই সুবিধা কৰি দিছে। পইচা দিয়ে। দৈ চিৰা দি জলপান দিয়ে। মিঠাই দিয়ে। চাহকাপ ডাঠকৈ দিয়ে। নিদিলে ছাৰে বাইদেউক গালি দিয়ে। লৰাকেইটাই কাম কৰি আছে। ভালকৈ সেৱা কৰিবা
৩৬.
ঘৰৰ পৰা বগৰী দিছে। কাঠআলু দিছে। ফুলা আলু দিছে। দীঘল দীঘল কেঁচা জলকীয়া দিছে। হালধি দিছে। মেচিন ত গুৰি আৰু মিহি কৰা। পকা পকা বালিয়া বগৰি দিছে। সান্দহ দিছে। চাউল প্ৰায় কুৰিসেৰ মান। আৰু দিবলৈ লৈছিল। মই অসুবিধা কেনেকৈ আনিম। কনটিয়ে নেঘেৰিটিং ত থৈ গৈছে। টকা এশও। সৰুপোনাই দুশ। ভনীয়ে এশ।
বিহুৰ দিনা ঘৰৰ সকলোৱে মা-দেউতা ক আশ্ৰষ কৰিছোঁ।" আমাক কি সেৱা ধৰিছে। আপোনাক ধৰিছে। আপুনি আজি যেনেকৈ শক্তি ত ভক্তি দি গলে বস্ত্ৰৰে সেৱা ধৰিছে। আগলৈকো ধৰিবলৈ শক্তি দিয়ক। অপায় -অমংগল দূৰ কৰক। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ কৰক। মনৰ বাঞ্ছা পূৰণ কৰক। কি ধুনীয়া। অথচ মা-দেউতা ৰ শিক্ষা ও ইমান নাই।
বৰদেউতাই নামঘৰৰ দিয়া আশীৰ্বাদ বৰ ধুনীয়া। সৰুমামাই ভাগৱত খন কি শুৱলাকৈ পাঠ কৰিছে। ইমান ধুনীয়া কণ্ঠ। তাৰ পিছত মই আৰু চোনাই দিয়া দীঘল চাকি বন্তি জ্বলাবলৈ দিয়া দীঘল চাকি ৰাইজলৈ দি দিছে। সোণৰ ৰঙৰ। সোণৰ নহয়। পোন্ধৰ শ নে কিমান লৈছিল। বিলতীয়া ৰ পৰা বাবু হতুৱাই অনাইছিলোঁ। সেৱা আগবঢ়ায় দিছে -প্ৰথমে মোমাই এ শ্ৰীমন্ত শঙ্কৰদেৱৰ --------গাই শেষ কৰিছে। গাঁৱৰ মানুহ আহিছে। কমকৈ।
ভাগৱত খন মণিকূটৰ পৰা মতিলাল পিতায়ে আনি দিছে। বৈষ্ণৱ ময় পৰিৱেশ। বৰ সুন্দৰ কৈ। নীতি নিয়ম পালন কৰি দিছে। পানী ছটিয়াই দি।তাৰ পিছত মোমায়ে অলপ পঢ়ি অতাইছে।
তাৰ পিছত বৰদেউতাই আশীৰ্বাদ দিছে -
হে প্ৰভূ কি হৈ জনাম। ল'ৰা পোৱালি টোৱে আপোনাৰ চৰণত পৰিছে। এগচি বন্তি আৰু ধূপ অৰিহণা আগবঢ়াইছে। বছৰৰ সংক্ৰান্তি দিনা এইসমূহ দিছে। ইয়াতেই দিওঁতে থওঁতে অনেক অপৰাধ হ'ব। আপুনি সেইখিনি মাৰ্জনা কৰিব। তেৰাই যি মনে ভাব কৰিছে সকলো পূৰ্ণ কৰি বিপদে আপদে ৰক্ষা কৰিব। শ্ৰী বিষ্ণুৰ পদ পংকজত ঠাই দিয়ক। জীৱনৰ ভৱিষ্যতৰ দিনত আগবঢ়ায় নিব বুলি আমি আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অ হৰি ,অ ৰাম। সকলোৱে আওৰাই দিয়ে। মোৰ বহুত ভাল লাগিল। শ্ৰীকৃষ্ণৰ প্ৰতিচ্ছবি মনত আঁকিবলৈ চেষ্টা কৰি থাকিলোঁ। মই লক্ষ্য কৰিছোঁ নামঘৰৰ কাষৰৰ মানুহ নাই। মাত্ৰ ইফালে সিফালে ঘৰৰ মূল মানুহ ঘূৰি ফুৰি আছে। বিয়াপতা লৰা দামুৰিক ভাল শিক্ষা দিছে। আহিব পাৰে। শিকিব পাৰে। ইটো সিটো বহুটো। নাই,গা নলৰে।
৩৭.
মোৰ কাহ আৰু মূৰ বিষ হৈছিল। শুকান কাহ। মালিকৰ মানুহ ৰ উৎসাহ তবধ মানিছো। পিছে মই সখাৰ লগতহে গৈছোঁ। তথাপি মানৱীয়তাৰ তাগিদা মজা লাগিল। ভাল পাইছোঁ। মাত্ৰ কাহ ঠিক হোৱা নাই। ৯৫ টকা দি কপছিল খাইছোঁ। ভাল কৰিছে দেই। ডিয়ুৰ জান মেডিকছৰ পৰা। তাত বহুত ঔষধ উপলব্ধ। কিন্তু এবাৰ সখাই মই ডিব্ৰুগড় মেডিকেল ত দেখাই আনিলোঁ। শেৱালী পাত তিয়াই খাব কৈছে। মন আদা ৰ সৈতে নিমখ দি মুখত লৈ থাকিব কৈছে। তুলসী পাত খুন্দি খাব লাগে কৈছে। এইবোৰ ভিন্ন জনে দিহা -পৰামৰ্শ দি আছে। পালন কৰিছোঁ। নাইকৰা। ডাক্তৰী চিকিৎসা ত মই বেছি বিশ্বাসী।
বুৰুলা আইতাৰ কথা। বৰ গোট গোট। মাজগাঁও ত ঘৰ। মোমাইৰ মাহীয়েক। মই বিহুৰ পাছদিনা ডাঙৰ মোমাইৰ ঘৰত লগ পাইছোঁ। কথাখিনি বৰ ধুনীয়া। আগেয়ে নিজে ভাল হ বোপাই। আমাৰ আশীৰ্বাদ আছেই। কও শুন -পাতিলো মই বিয়া,এঙাৰ বৰণীয়া,দেলি মূৰত টাংগুটি মাৰিব, মই কাঢ়িম হুমুনিয়াহ"। মই ভিডিঅ'সহ কথাখিনি ৰেকৰ্ড কৰি আনিলোঁ। বহুত কথাৰ মাজৰ মোৰ ভাললগাখিনি। এতিয়া কি চলিছে থুমুক থুমুক। যিয়ে যেনেকৈ তেনেকৈ পাৰে নাচে। ৰীলছ বনাইছে। ব্লগ বনাইছে। আকৌ প্ৰাণদ্বীপ(কৈৱৰ্ত সম্প্ৰদায়ৰ ল'ৰা বুলি বহুত পিছত গম পাইছোঁ)ৰ যুদ্ধ হ'ব মৰমৰ ----কি হিলাই আছে। ভাওনাত বচন আৰু প্ৰৱেশ ৰ সৈতে মিলাই শিশু ৰ পৰা বৃদ্ধলৈ সকলোৱে গানটো আদৰি লৈছে। আমাৰ ৰাজনীলেও চেষ্টা কৰি কৰি আছে। মোৰ বিশ্বাস এদিন সফল হ'ব। মই মাত্ৰ কুৱালিটি কাম কৰ,মানুহে আদৰিবই। অলপ শিকি বুজ দেখি শুনি গৈ অভিজ্ঞতা আৰু সাধনাৰে আগবাঢ়। পাৰিবি, তোৰ কেৰিয়াৰ বাচি লৈছ, সফলতা আনিবগৈ লাগিব।
কেচা হালধী আৰু মৌজুল খাবা। কাহ ভাল পাবা। স্বপ্নালী কথাষাৰ মনত ৰাখিম। বিহুৰ শুভেচ্ছা জনাইছোঁ ল'ৰাটো। ভাল ভাল কাম কৰি যোৱা। আমাৰ জমা দিব হ'ব যে। এইকেইদিন বহুত বেছি ব্যস্ত। ঠিক আছে বা। আপোনাৰো ভাল হওক। বহুত শুভেচ্ছা জনাইছোঁ। ডিয়ু পালোঁহি। মনটো বিৰাট মজা লাগিল। কিয় এনে হয় নাজানো। ২০১৬,২০১৭,২০১৮,২০২১,২০২২,২০২৩,২০২৪-- এই সময়ৰ পৰাই থকা। গছ,লতা,বায়ু পানী সকলো ভাল লাগে। মানুহ ভাল লাগে। বিশেষকৈ যিবোৰে সহায় কৰে। বিপদত মাত এষাৰ দিয়ে। নাইবা কোনোবাজন ফোন কৰি খবৰ লয়। অৱশ্যে গাঁৱৰ সৰু ল'ৰা,অজয় আতৈ,ঘৰৰ মানুহ এইসমূহে খবৰ কৰি থাকে। কিছুমানে আকৌ কিবাকিবি তথ্য বিচাৰি ফোন কৰে। বহুতক পিডিএফত কিতাপ দি সহায় কৰোঁ। বহুতে মনত ৰাখে। বহুতে মনত নাৰাখে। সেয়েহে আজিকালি সহায় কমকৈ কৰোঁ। কিন্তু আনক সহায় কৰিলে মোৰো বহুত জনা হয়। পুনৰ নিজক বিচাৰি চোৱাৰ এটা প্ৰয়াস আৰম্ভ হয়।
৩৮.
মনৰ জোৰ আছে। অমুকটো কৰিম। তমোকটো কৰিম। বছৰৰ আৰম্ভণিৰ চিন্তা। ইমান উৎসাহিত হৈ পৰোঁ। কিন্তু একোকে কৰিব নোৱাৰোঁ। এইটো কিয় হয় নাজানো। ভাল কিবা এটা কৰিবলৈ মনটোৱে পীড়া দি থাকে। কি বা ভাল কাম। গৱেষণাৰ সমান্তৰালকৈ কৰিবলৈ মন। বিশেষকৈ নিজক প্ৰতিষ্ঠাৰ বাট, সমাজখন পৰিস্কাৰ কৰাৰ বাট। লেখাৰ যোগেদি এই কাম কৰাৰ খজুৱতিটো চিৰদিনলৈ লাগি থাকিব। সমাজত বহু কাহিনী আছে। বহুত চৰিত্ৰ আছে। বহুত পৰিস্থিতি আছে। বহু দৰ্শন আছে। মাত্ৰ মোৰ কলমৰ যোগেদি উলিয়াই নিবলৈ সক্ষম হোৱা নাই। চেষ্টাৰ অসাধ্য একো নাই" মোৰ মূলমন্ত্ৰ হ'ব।
মোৰ মনৰ কথা -
স্কলাৰশ্বিপ হয়। চাকৰি নহয়। গাঁৱৰ মানুহে নুবুজে নাই। তহঁতক বুজাই আছোঁ। বুজিব লাগে। কিতাপখ কিনা, কিতাপ প্ৰকাশ কৰা, ক্ষেত্ৰ অধ্যয়ন কৰা, আলোচনী কিনা, বাতৰি কাকত কিনা,ঘৰভাড়া, খোৱা -বোৱা কিমান খৰচ। তদুপৰি মই কৈলাঘাটত ডেৰলাখ দি মাটি লৈ দিছোঁ। ৩০ হাজাৰ দি গুৱাহাটী ৰ নাও মিস্ত্ৰীৰ হতুৱাই নাও বন্ধাই দিছোঁ। ভেটি বান্ধিবলৈ ১ লাখমান দিছোঁ। ৩০ হাজাৰ দি গৰুহাল গেন্ধালিৰ বৰদেউতাহঁতৰ ঘৰয় পৰা লৈ দিছোঁ। বাইকত ইনষ্টলমেন্ট মাৰিবলৈ ৫ হাজাৰ দিছোঁ। মাজে সময়ে ইটো সিটো কানি থাকোঁ। কেতিয়াবা নাইদিয়া বুলি কৈ পায়। মই একো নকওঁ। চেষ্টা ঘৰখন আগবঢ়ায় নিয়াৰ। ডাঙৰ পুত্ৰ হোৱাটো সহজ নহয়। ঘৰখনে বহুত মোৰ গোটেই জীৱন কম হ'ব।
চোনাৰ মনৰ কথা -ফোন ধৰা সোণ। পইচা ভৰাই দিব লাগে যদি। সঁচা কৈছোঁ। ফোনটো তোলা। আমনি নকৰোঁ। তোমাৰ ভাগে তুমি। মোৰ ভাগে মই। ঘৰৰ ল'ৰা।কথাবোৰ শিকি লোৱা। সকলোকে চম্ভালি ল'ব লাগিব নহয়। নিৰপেক্ষ হ'ব লাগিব। সেয়ে সকলোৱে সমান কিদৰে হ'ব চাবা। অকল পঢ়িলেই নহয়। নহয় মানে নহয়। আচ
মন ভাল লাগে। নহ'লে একো কাম নিসিজে। পৰিৱেশেও সমান্তৰালকৈ সহায়ক হয়। লুইত-(লাটু)
৩৯.
জীৱনৰ নতুন অভিজ্ঞতা: Digital India Vashini Mission
বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা শেষ কৰিছোঁ। তাৰ পিছত কেইবাখনো কলেজত ল'ৰা ছোৱালী পঢ়াই আহিছোঁ। যিমান পাৰোঁ অনেছটি আৰু দায়বদ্ধ হৈ শ্ৰেণীসমূহত পাঠদান কৰি আহিছোঁ। সেয়া দুহেজাৰ ওঠৰচনৰ শেষৰ পৰা দুহেজাৰ বাইশ ৰ সময়ৰ পৰা। মোৰ জীৱনৰ বহুত কষ্টৰ সময়। যিসময়ত কৰুণা ভাইৰাছৰ সংক্ৰমণ। পৃথিৱী কঁপি আছিল। এনে ভাইৰাছৰ চীনৰ পৰা আহিছে। এইবুলি বহুতে কৈছিল। বাতৰি কাকত,টি.ভি শ, ৰেডিঅ',আলোচনী, হোৱাটছাপ গ্ৰুপ, সচেতন ব্যক্তি আদিৰ পৰা জানিবলৈ পাইছিলোঁ। মোৰ ঘৰৰ অৱস্থা তথৈবচ। সেয়েহে টিউশ্যন কৰি কিবাকে চলি আছোঁ। দেৰগাঁৱৰ সেই সৰু কোঠালৈ আজিও মনত পাৰে। নিজৰ সফলতা দেখিবলৈ নাপায় কথা কম কোৱা হ'লো। আনকি বন্ধু বান্ধৱী ৰ লগতো কথা নপতা হ'লো। সখা যদু ঘৰৰ মানুহ আৰু মোৰ পৃথিৱী অৰ্থাৎ চোনামানুহৰ কথা সুকীয়া।
চোনাই জীৱনটো বহু দূৰলৈকে আনিলে। এই ঋণ পৰিশোধ কৰিবলৈ জীৱনটো চুটি হ'ব। সেয়ে যিমান সম্ভৱ মৰম কৰোঁ। কাজিয়া কৰোঁ। আনন্দ কৰোঁ। উৎসাহিত হওঁ। আৰু জীৱন ডিঙা বিচাৰিছোঁ। ঘৰৰ চোতালতে বিশ্ববিদ্যালয় আছে। সকলোৱে নিজে বিচৰাখিনি নাপায়। হয়টো কাচিৎহে পায়। সেয়া অতবছৰৰ কষ্টৰ ফল।
৪০.
ডিজিটেল ইণ্ডিয়া ভাসিনি মিছন -দীনেশ বৰাই বুজাই আছএ-পাৰিবা,অলপ প্ৰশ্ন থাকে। তুমি কণ্ঠত দিম লাগে। সময় যাব তুমি পাৰিশ্ৰমিক পাবা। চাৰ্টিফিকেট পাবা। কিছুমানৰ ভাল হৈছে। ৰেডিঅ'ত কাম কৰাবোৰৰ আৰু ভাল হৈছে। স্পষ্ট, সুন্দৰ। আৰু বাৰে বাৰে ক'বলৈ প্ৰয়োজন হোৱা নাই। কাৰণ তেওঁবিলাকৰ অভ্যাস গঢ়ি উঠিছে।
ভৱিষ্যতে তোমাৰ কণ্ঠদান থাকি যাব। বৃহৎ এটা প্ৰকল্পৰ কাম। বিভাগৰ বহু মানুহ, ডিব্ৰুগড় জিলাৰ বহুত মানুহ এনভল্ব আছে। ইতিমধ্যে পইচা পাইছে। মোক ফোন কৰি জনাইছে। টকা পাই ভাত এসাঁজ খুৱাই দিছে। কোনোবাই চাহ এটোপা খুৱাই দিছে। ঠিক আছে। আহিবা। সময় বৰ মূল্যবান।অলপ গুৰুত্বপূৰ্ণকৈ ভাবিবা। তুমি এপছ এটা ডাউনলোড কৰিব লাগিব। মই ট্ৰেইন কৰিম। মোৰো কিবা খেলিমেলি লাগিলে আমাৰো ওপৰত কাম কৰি থকা,কাম কৰোৱাই কথাখিনিৰ পৰা ছাজেশ্বন লওঁ।
৪১.
চেকেণ্ড প্ৰডাক্ত -টি.ভি. আছিল তোমাৰ। হয় দীনু।বহী কলম লোৱা কথাখিনি লিখি লোৱা। তেতিয়া আইডিয়া পাবা। ঠিক আছে। মোৰ মনে মনে ভাল লাগিল। কিয়নো ডিয়ুৰ আধাৰত উপন্যাসৰ কাম চলি আছে। কৈ যোৱা দীনু। মই লিখি লওঁ। স্পষ্ট আৰু সুন্দৰকৈ লিখা। আৰু লগতে চকুৰে মনিব পৰাকৈ লিখা। তেতিয়াহে পিছত অসুবিধা নহ'ব। সি কথাবোৰ বুজাই আছে। শুনি আছোঁ। শিকিও আছোঁ। আৰে ডক্টৰেল ডিগ্ৰী ল'বলৈ গৈ আছা। ল'ৰা ছোৱালী পঢ়াই আহিছা। পাৰিবা। কৰি দিয়া আৰু। আৰু বহুত মানুহ আছে। তোমাৰ সময় নষ্ট হোৱা নাই। হৈছে, তাৰ মাজতে কৰিছোঁ। ঠিক আছে। পিছত মোৰ প্ৰবলেম হ'ব পাৰে নেকি। কনফাৰমেছনৰ বাবে সুধিছোঁ। নাই নাই। কামখিনি কৰি এপছটো ডিলিট কৰি দিম। তুমি ও সেইটো ইউজ কৰিব নোৱাৰিবা। মানে বিশেষ বিশেষ কামখিনি ফৰমেট থাকে ন? ভাল ৰেকৰ্ডিং হ'লে ভাল। দুবাৰ তিনিবাৰো দিব পাৰা। পিছলৈ বেষ্টটো ছোজ কৰি লম। তেনেহ'লে ঠিক আছে।
"পৰহি টিভি এটা কিনি আনিছোঁ। কে বি ইলেকট্ৰনিকছৰ পৰা। ডিব্ৰুগড়ৰ যে কে বি ইলেকট্ৰনিকছ তাৰ পৰা। টিভিটো দেখিবলৈ ধুনীয়া। বহুত এল চি ডি ফিছাৰ্ছ থকা। টিভিটো অনাত সকলো আনন্দ কৰিছোঁ। কিন্তু টিভিটো অনাৰ পিছত যেতিয়া লগালোঁ। প্ৰথম ঠিক আছে। ভাল ভাল দেই শলাগি আছোঁ। দ্বিতীয় দিনা কিছুমান সমস্যাই দেখা দিছে। পিকছাৰ কুৱালিটি কিবা ফাটি ফাটি আহিছে। টিভিটো চাই থাকোঁতে নিজে অফ হৈ গৈছে। টিভিটো কিনা দুদিনেই হোৱা নাই অ। নতুন টিভি এটা এনেকৈ অনাৰ পিছতে প্ৰবলেম দিছে। ভাল লগা নাই।
৪২.
এতিয়া টিভিটোক লৈ চিন্তাতহে পৰিছোঁ। কি কৰো উপায় বিচাৰি হাবাথুৰি খাইছোঁ। কোম্পানীবোৰে ও অলপ প্ৰডাক্ত বোৰ বনাওঁতে অলপ নজৰ দিব লাগে। ইমানখিনি পইচা-পাতি খৰছ কৰিছোঁ। চাৰ্ভিছ ভাল পালে ভাল হয়। পিছলৈ আকৌ সেই প্ৰডাক্ত কিনিব পাৰিম। আমাৰ পইছাবোৰ এনেই পানীত পৰাৰ দৰে হৈছে। এনেকৈ হ'লে এনেকুৱা টিভি কিনিবলৈ বেলেগ কেনেকৈ কওঁ। নতুন টিভি এটা দুদিন নৌ হওতেই বেয়া হৈ পৰিলে কি হ'ব আৰু। চিন্তাত মাথাই কাম দিয়া নাই। টিভিটো আকৌ ঘূৰাই দিওঁ যেনহে লাগিছে। সি কথাখিনি কৈ গৈছে। মই এফালৰপৰা লিখি গৈছোঁ। সিও কষ্ট কৰি আছে। তোমাৰ কুৱেশ্বন খিনি আনতকৈ টান পাইছোঁ।কিছুমানৰ ইজি আহিছোঁ। জল্ডি কৰি দিছোঁ। সময়ো বাছি গৈছে। লাভ সকলোৰে হৈছে। ৰেকৰ্ডিং অপছনটো টিপি দিছোঁ। দুয়োটাই শুনি লৈছোঁ। ক'ৰবাত খেলিমেলি হ'লেই পুনৰ কৰিছোঁ। মোৰ বেয়া লাগিছে। সময় বৰ মূল্যবান। কিন্তু নতুন কথা এটা শিকিব পাৰি অলপ ভালো লাগিছে। কিন্তু মনটো ক'ৰবাত থকাৰ দৰে লাগিছে। কাৰণ গৱেষণাৰ সমান্তৰালকৈ মই বহুত কিবাকিবি কৰি থাকোঁ। বা চেষ্টা কৰি থাকোঁ। এনেকৈ মোৰ পৰা বহুতে বিভিন্ন কামত সময় লৈ থাকে। যিটো মই মজবুৰি। ভাবি ভাল লাগে মোৰ কাম সৰু বৰ যিয়েই নহওক। কামত কোনো ৰখাব পৰা নাই। কিমান বাৰ আলোচনীলৈ পঠাই লেখা। প্ৰকাশ নহয়। বেয়া নাপাওঁ। শিকিবলৈ আছে। কিন্তু বহুত ক্ষেত্ৰত ফ্ৰাছটেছ আহে। একো এটা প্ৰকাশ কৰিব পৰা নাই। মোতকৈ জুনিয়ৰ খিনিৰ প্ৰকাশ পাইছে। চেষ্টা অব্যাহত ৰাখিছোঁ। এদিন কুৱালিটি কাম কৰিম। আৰু এদিন প্ৰকাশিত হ'ব। চোনা ক কথাখিনি বুজাই থাকোঁ। কিছুমান পায়। আৰু কিছুমান বুজি নাপায়। কিন্তু মোক সদায় পজিটিভ থাকিবলৈ, কাম কৰিবলৈ সাহসী হ'বলৈ মা-দেউতাৰাৰ পিছতে তাই আগবঢ়ায় দিছে।
৪৩.
সি চমু প্ৰশ্নখিনি দেখুওৱা দিছে। বুজায়ো দিছে। মোতকৈ এটা বেটছৰ চিনিয়ৰ। তাৰ অভিজ্ঞতা হৈ গৈছে। সেয়েহে সি সকলো পাৰ্টিছিপেন্টকে বুজাই শিকাই আগবঢ়ায় নিব পাৰিছে।
৪৪.
Digital India vaahini-ৰ আন এটি প্ৰশ্ন আহিছিল এনেকুৱা -গাঁৱত বিদ্যুৎ ব্যৱহাৰ কৰিব পৰা বস্তুবোৰ কি কি ?
উত্তৰ -
১|লাইট-বাল্ব-উদাহৰণ-পোহৰ দিয়াত সহায় কৰে।
২| টিভি -বাতৰি, মনোৰঞ্জন
৩| হিটাৰ -ভাত পানী ৰান্ধিবলৈ, ঠাণ্ডা দিনত পানী গৰম কৰি লোৱাত সহায় কৰে। অতিমাত্ৰা ঠাণ্ডা হ'লে হিটাৰ ব্যৱহাৰ কৰা হয় যিটো কাৰেন্টত চলে।
৫| ছাউণ্ড চিষ্টেম -গান শুনো,ই মনটো ভাল লগাই, মনোৰঞ্জন দিয়ে। যিটো চলাবলৈ কাৰেন্টৰ দৰকাৰ।
৬| ৰিফ্ৰেজাৰেটৰ-খাদ্য-বস্তু ভাল হৈ থাকিবলৈ, বস্তুবোৰ যাতে নষ্ট নহয়,ফ্ৰেছ হৈ থাকে এইটোতো কাৰেন্টৰ অতি দৰকাৰ।
৭| ম'বাইল -ফোনত যোগাযোগ,বিশ্বৰ নানা খবৰৰ আদান-প্ৰদান কৰিব পাৰি। ফোনটো চাৰ্জ দিবলৈ কাৰেন্ট লাগে।
তাৰেই অংশ হিচাপে আন এটি টুকুৰা প্ৰশ্ন আছিল এনেকুৱা -
১| খেতি-বাতিত বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল বস্তুবোৰ কি কি?
উ-পানী পাম্প ছেট। বহু কৃষকে পৰম্পৰাগত ভাৱে কৃষি কাৰ্য কৰি আহিছে। কৰিও থকা দেখা যায়। খেতিৰ মাটিত কাৰেন্টৰ দ্বাৰা চলা পাম্পেদি পানী যোগান ধৰা হয়। গতিকে কিছু কৃষকে পানী পাম্প ৰ ওপৰত নিৰ্ভৰ কৰে
৪৫.
সেই ডিজিটেল ইণ্ডিয়া ভাসিনি মিছন ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন -
বিকশিত পৃথিৱীৰ ওপৰত আপোনাৰ দৃষ্টিভংগী কেনেকুৱা?
বিকশিত পৃথিৱীৰ ওপৰত মোৰ দৃষ্টিভংগী ইতিবাচক। আৰু প্ৰগতিয়েই হওক বা উন্নতিয়েই হওক এনেধৰণৰ বিষয়বোৰত মোৰ দৃষ্টিভংগী সদায় ইতিবাচক হিচাপে গ্ৰহণ কৰোঁ।
অলপ ব্যাখ্যা কৰি দিব ওলাইছোঁ -বৰ্তমান সময়ত পৃথিৱীখনৰ বহুবোৰ দিশত সলনি হোৱা দেখিছোঁ। আমি যদি চাওঁ পৃথিৱীখনৰ সলনি কৰা এনে কিছুমান উপাদান যেনে-বিজ্ঞান, প্ৰযুক্তি, অৰ্থনীতি,আন্ত: গাঁথনি আদি দিশৰ কথা উল্লেখ কৰিব পাৰি। দীনেশে মাজতে কয়-তুমি কথাখিনি লিখি লৈছা,ময়ো সহায় কৰি দিছোঁ,কথা কোৱা,বা কথা পতা,আনৰ সৈতে চৰিত্ৰ এটা ঈমাজিন কৰি পাতি থাকিব লাগে। চাই চাই পঢ়ি নাযাবা। কেনছেল হৈ যাব পাৰে।
৪৬.
ঠিক আছে। মই যিমান পাৰোঁ কৰোঁ। মাজত কাহ আহি যায়। তোমাৰ ঠাইত বেলেগ হোৱা হ'লে নিদিলোঁহেতেন। লিখা লিখা,আজি অলপ আগবঢ়ায় দিয়া। আৰু বেছি নাই। উম।
বহীত কলমৰ পুনৰ কছৰত। বিশেষকৈ বৰ্তমান যুগটোৱেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। সেইবাবে সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ মানু্হে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা প্ৰভাৱিত হৈছে। কিয়নো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিবোৰ আৱিষ্কাৰ তাৰে কিছুমান আৱিষ্কাৰ মানুহৰ দৈনন্দিন জীৱনৰ এৰাব নোৱৰা অংগ হৈ পৰিছে। আমি এতিয়া যদি চাওঁ ম'বাইল ফোনৰ পৰা আৰম্ভ কৰি ইলেকট্ৰনিক গাড়ীলৈকে, ৰবটৰ পৰা আৰম্ভ কৰি স্পেছ এজেন্সি ৰ বাহিৰৰ পৃথিৱীখনত কৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষা,সম্পৰীক্ষাই গোটেই পৃথিৱীখনৰ মানুহৰ জীৱন যাত্ৰা সলনি কৰি তুলিছে বুলিব পাৰি।
৪৭.
বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমানেই আগবাঢ়ি গৈছে যিয়ে মানৱবিহীন পৃথিৱী নিৰ্মাণ কৰিবলৈ গৈ আছে। ৰবটৰ যুগান্তকাৰী আৱিষ্কাৰে পৃথিৱী সলনি কৰাত ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি আশা কৰিছোঁ।
অৰ্থনীতিৰ ক্ষেত্ৰখনত যদি চাওঁ বিভিন্ন ব্যৱসায়িক সম্ভাৱনা গঢ় লৈ উঠাত মানুহৰ মাজত দ্ৰুত পৰিৱৰ্তনৰ সূচনা কৰিছে। অৰ্থনৈতিকভাবে মানুহবোৰ সৱল হোৱাত চাৰিওফালৰ বাতাবৰণ সলনি হৈছে। নতুন আন: গাঁথনিৰ সৃষ্টি হৈছে। যোগাযোগ ব্যৱস্থা আদিবোৰ উন্নত হৈছে। যিহেতু এইবোৰ অৰ্থনীতিৰ ওপৰতে ভিত্তি কৰি সমাজৰ আন্ত: গাঁথনি গঢ় লৈ উঠে। সেইবাবেই বিজ্ঞান আৰু প্ৰযুক্তি অৰ্থনীতি আদিৰ জৰিয়তে পৃথিৱীখন বহুবোৰ দিশত সলনি হোৱাটো মই দেখিছোঁ। সদায় বাতৰি আহে। আহে দেশ*বিদেশৰ বতৰা।
৪৮.
ডিয়ুত ক্লাছ কৰা অভিজ্ঞতা -
ডিয়ুত ডিছটেঞ্ছ মুডৰ ব্যৱস্থা আছে। ইংৰাজী, অসমীয়া,শিক্ষা আদি বিভাগ আছে। ডিগ্ৰী কৰিব পাৰি। মাষ্টাৰ ডিগ্ৰীও কৰিব পাৰি। প্ৰত্যেক বিভাগত শিক্ষক থাকে। তাত পাৰমেনেন্ট শিক্ষক কম থাকে। সেয়েহে ক্লাছ কৰিব গৱেষক ছাত্ৰ ৰ দৰকাৰ। প্ৰতি ক্লাছ ৰ বিনিময়ত পইছা দিয়ে। এটা ক্লাছত চাৰিশকৈ দিয়ে। এটা ছেছনৰ বাবে লয়। তাত আকৌ ৰেজিষ্ট্ৰেচন কৰা গৱেষকক লয়। অ,তই কৰিব পাৰিবি। লক্ষ্য ই ক্লাছ কৰি থাকে। আগতে আমাৰ বিভাগৰ চাৰহতেঁও কৰি গৈছে। এইবুলি গম পাইছোঁ। মই পঢ়াইছো। অসমীয়া বিষয়ৰ বাবে ভাষা, সাহিত্য, সংস্কৃতিৰ আদি পেপাৰ থাকে। ইমান টান নহয়। বহুত পঢ়াও হ'ব। কাৰণ আনক পঢ়িবলৈ বহুত পঢ়িব লাগে। পাৰিম, লক্ষ্য। ধন্যবাদ সুবিধা দিয়া বাবে। কৰ ,কেনে পাৱ জনাবি। ঠিক আছে,দুবৰি বাইদেউ ৰ সৈতে কথা পাতি লবি। ঠিক আছে, বাইদেউ ৰ ফোন নং দিছোঁ। ফোন কৰাতকৈ নিজে সোঁশৰীৰে গৈ কথাখিনি জানি ল। সুন্দৰকৈ বুজাই দিব। আৰু এছএলম এখনো দিব। তাতে কি কি পঢ়াব লাগে,টেক্সটোও পাবি। ঠিক আছে। বাকী বাইদেউক সোনকালেই লগ কৰিম। ক্লাছ কৰিবলৈ পালে ভাল পাওঁ। আগতে প্ৰায় দুবছৰ পঢ়িই আহিছোঁ। পাৰিম, কিন্তু অলপ কথাখিনি জানি লৈ আগবাঢ়িব লাগিব। ঠিক আছে তেন্তে,তই যাবি মই গাইডক লগ কৰিব লাগে। আহিছোঁ বা,বাই। এনেকৈ কৈ লক্ষ্য গ'ল। মোৰ আগৰ ক্লাছৰ কথাবোৰলৈ মনত পৰিল। মানসিকভাৱে নিজক সবল শক্তিশালী কৰিবলৈ সুবিধা পাম। জীৱনত শিকি শেষ নহয়। তথাপি শিকি থাকোঁ। যিমান পাৰি শিকি যাওঁ। মনটোক বুজাই আহি আহি কোঠা পালোঁহি। দিনটো ভাগৰে-জুগৰে আহিছোঁ। চুছৰি আহিছোঁ। মূৰ বিষ। দুৰ্বল লাগিছে। বহুত কাম থাকে। গৱেষণা সাধাৰণ বুলি কোনো যাতে ভুলটো নাভাবে। অকণমান শুই পৰিলোঁ। প্ৰাৰ্থনা কৰাৰ আগে আগেই উঠিম। কৃষ্ণ প্ৰভূ। আপুনি যিমান দূৰলৈ নিয়ে আৰু -এইদৰে কৈ,দিলীপ হীৰাৰ বাঁহীৰ মাত শুনি শুই পৰিছোঁ।
৪৯.
লাহে লাহে ক্লাছ আৰম্ভ হ'ব। তুমি পাৰিবা। আগতে কলেজত পঢ়াইছা নহয়। হয়, বাইদেউ। চিলেবাচ খন চাই লোৱা। বিষয়খিনি চাই লোৱা। দুঘন্টাকৈ কৰিবা। এসপ্তাহৰ ভিতৰত শেষ কৰিবা। এছএলমখন এইখন লোৱা। ইয়াৰ বাহিৰেও বিভিন্ন কিতাপ পঢ়িবা। সেইবোৰ পঢ়ি লৈ পঢ়াবা আৰু। কিবা অসুবিধা পালে জনাবাচোন। ষ্টুডেন্টৰ লগত সহযোগিতাৰে আগবাঢ়া। অলদ্য বেষ্ট। ঠেংকিউ বাইদেউ। ময়ো পঢ়িবলৈ লৈছোঁ। তাৰ পিছত পঢ়াই গৈছোঁ। ল'ৰা ছোৱালী বোৰ ভাল। ডিব্ৰুগড় ৰ পৰা ধৰি তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ ইত্যাদি ঠাইৰ পৰা আহে। কোনোবাই চাকৰি কৰি আছে। কোনোবাই চাকৰি কৰি আছে কিন্তু চাৰ্টিফিকেট লাভ কৰিলে প্ৰমোছন হ'ব। কিছুমানে ডিগ্ৰী এটা লৈ থওঁ বুলি পঢ়ে। কিছুমানে নিজক আপডেট কৰিবলৈ পঢ়ে। মুঠতে পঢ়ে। পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিও নিচিন্তে আন।
৫০.
মই মোৰ দৰে জীয়াই থাকি ভাল পাওঁ। কিয়নো মনটোক সুন্দৰকৈ লৈ যাব বিচাৰোঁ। সত্যত থাকিব বিচাৰোঁ। লোকে মিছা কথা ক'লে খঙে চুলিৰ আগ পাইগৈ। কিয় নাজানো।মিছা বদনাম সহিব নোৱাৰোঁ। বাৰে বাৰে কথাবোৰ বুজাওঁ।এটা সময়লৈ বুজাব পাৰি, কিন্তু আৰু এটা সময়লৈ অসহ্য। মানুহক মেছিন বুলি ভাবিব নালাগে। মানুহক মিছাতে সন্দেহ কৰিব নালাগে। সদায় আমি পজিটিভ ভাইভছত থাকিব লাগে। তেতিয়া মন প্ৰাণ সুন্দৰ হয়। দিনবোৰ বঢ়িয়া হয়। নিজেই নিজক মটিভেশ্যন কৰি ৰাখিব লাগে। বহুতে এই কাম পাৰে। বহুতে এই কাম নোৱাৰে। সেই নোৱৰা বিলাকে আনৰ সহায় লয়। কোনোবাই ভাল কিতাপ পঢ়ে। কিছুমানে মটিভেশ্যন লাইভ ভিডিঅ চাই। মটিভেশ্যন জাতীয় অনুষ্ঠানত উপস্থিত থাকে।আন এচামে ভাল ইউটিউবত চেনেলৰ সহায় লয়। মুঠতে নিজক ভাল কৰাৰ প্ৰয়াস। মোৰ এনে দিশ ভাল লাগে। মই সৰুৰে পৰা সময় অপচয় নকৰোঁ। কিন্তু জিকিব পৰা নাই। কেতিয়া জিকিম নাজানো। এদিন মোৰ বিশ্ববিদ্যালয়ৰ সেৱা আগবঢ়াম। কোনোবাই বিশ্বাস নকৰে।
৫১.
মই নিজে বিশ্বাস কৰোঁ। এদিন সফলতা পাম। যিমান কষ্ট হয়। সিমান কৰি যাম। নিজক আগবঢ়ায় নিবলৈ চাওঁ। কেতিয়াবা হাৰি যাওঁ। এদিন পাৰিম যেন লাগে। বহুত কষ্ট কৰি আছোঁ। এদিন মই মোৰ গতিপথ উলিয়ায় লম। সততা আৰু সংগ্ৰাম মোৰ প্ৰধান অস্ত্ৰ। মোৰ কথা বহুতে নামানে। কাৰণ মই ইমান নকওঁ। মোৰ মোৰ ইচ্ছা অপূৰ্ণ হয়। কিন্তু মোৰ মনত কি এই ভাব। পিৰপিৰাই থাকে। হৃদয়ৰ ঝনঝননি। উজ্জ্বল দৃষ্টি। এই দৃষ্টি বহুত দূৰলৈ
৫২.
চোনা -হায় হায় কি কপাল। বুঢ়ামতা ভালপোৱা। নিবলৈ নোৱাৰে। বিয়া পাতিবলৈ মতাপুৰুষ নহয়। কাপুৰুষ হ'বলা। ভালকৈ খাম। ভালকৈ পিন্ধিম এজোৰ। সুখ আহিব। দোষ দূৰ হ'ব। কতা একোডাল নহ'ল। কেতিয়া বা হয়। বহুত দৰা আহিছিল। নগলো। ভালপাই আছোঁ বুলি বিদায় দিলোঁ। এতিয়া খা বাপেকৰ ভীমকলৰ বাকলি। অ মই ভুল ভাবিলোঁ নেকি। নাই নাই ভবা নাই। মানুহটোৱেটো অহৰহ কষ্ট কৰি আছে। মই আজি ২০১০ চনৰ পৰা দেখি আহিছোঁ। শুনি আহিছোঁ। প্ৰচেছটো দীঘলীয়া হ'ল। মোৰ পৰা যে কিমান গালি খায়। মৰমো পায় নহয়। কিন্তু মোৰ বিশ্বাস আছে। তেওঁ নিজৰ গতিপথ বিচাৰি পাব। মই আৰু অলপ কষ্ট কৰোঁ। গাভৰু ছোৱালী ঘৰতে বুঢ়ী কৰি ৰখাটো টান।সোণক কওঁ। কিবা এটা কৰি থোৱা। পিছলৈ মোক দোষ নিদিবা। পঢ়াতহে তেওঁ। আৰু একোডাল নাই। পঢ়ি থাকি ভাল পায়। তেনেকুৱা বুলি প্ৰথম গম পোৱা হ'লে। হ'লে কি কৰিলোঁ হয়। মানে বেলেগ হেণ্ডছাম এটা চাই বিয়াত বহিলোঁ হয়। চাকৰি বাকৰি কেতিয়া হ'ব। কেতিয়া ঘৰ-সংসাৰ হ'ব। পৰিয়ালৰ মানুহক কেতিয়া আগবঢ়াব।মোৰ মগজে কাম নকৰা হয়। ঘৰতো কেতিয়াবা গালি খাওঁ। মানুহটোৰ পৰাও যদি শান্তি নাপাওঁ। মই কাৰ বাবে কষ্ট কৰি আছোঁ। মই নিজে নাজানো। তাৰ কথা ইমান চিন্তা কৰোঁ। মোৰ বহুত কষ্ট হয়। তথাপি ভগৱানৰ ওপৰত ভৰসা আছে। তাৰ ওপৰতো বহুত ভৰসা আছে। এই ভৰসাই মোক জীপাল কৰে। ইমান মৰম কৰে। গালি এচাট সৰুকৈ দিলেই হৃদয় খঙাল হয়। কিন্তু মৰম বাঢ়েহে।
৫৩.
মই চেষ্টা কৰি আছোঁ। মোৰ পিছে পিছে দীঘল শাৰী। মোক ফলৌও কৰিব পাৰে। নাইবা আনে ফলৌ কৰিবলৈ আগে আগবাঢ়ি ল'ব লাগিব। হৃদয়ৰ সমস্ত দি কষ্ট কৰি আছোঁ।পৰিচয় এটা গোটাবলৈ প্ৰয়াস কৰি আছোঁ। বহুতে ঈৰ্ষান্বিত হয়। মোৰ আপত্তি নাই। সকলোৰে আশা আছে। সি কৰিব। সি কৰি দেখাব। সি কষ্ট কৰিব পাৰে। সি ফল লৈহে দম পাৰিব। ইটিটিউদ এটা বনাব। ই দৰকাৰ। এটইটইউ বনাবলৈ বৰ কষ্ট। আৰু এৰিবলৈকো বৰ কষ্ট। বছৰ পাৰ হয়। মনটো লৈ যায়। আধৰুৱা কামে আমনি কৰে। খাবলৈ ববলৈ মন যাৰ হাগোতেও উভালে বন। ককাদেউতাৰ বচন। আমি কণ্ঠস্থ কৰি ৰাখিছোঁ। কথাৰ মাজত স্বতস্ফুটকৈ আহে। মা ৰ মুখত বঢ়িয়া আৰু পুৰণি ফকৰা শুনো।
৫৪.
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ জীৱনৰ প্ৰথম খন প্ৰবন্ধ সংকলন " সাহিত্য অন্বেষণ" ইতিমধ্যেই প্ৰকাশ পাইছে। মোৰ জন্ম দিনৰ দিনাই অসমৰ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া ছাৰে উন্মোচন কৰে। ছাৰলৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী জে.এছ. পাব্লিকেচনৰ সমূহ কৰ্ম-কৰ্তা, বিভিন্ন প্ৰকাৰে কিতাপখনৰ বাবে সহায় -সহযোগ তথা দিহা-পৰামৰ্শৰে মোক সহায় কৰা সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। কিতাপখনত অনেক ভুল ৰৈ যাব পাৰে সুধি সমাজে সেইসমূহ দেখুৱাই আগবঢ়ায় নিব বুলি আন্তৰিকতাৰে আশা কৰিছোঁ। সখা যদুমণিয়ে ধৰি ৰখা "সাহিত্য অন্বেষণ" খনৰ উন্মোচনৰ স্থিৰ চিত্ৰসমূহ আৰু ভিডিঅসহ' মুখপুথিত এনেদৰে লিখি আপলোড দিয়া হ'ল। বিশেষকৈ আজিৰ দিনটো মোৰ হৃদয়ৰ মণিকোঠাত সদায় সেউজীয়া হৈ ৰ'ব।
৫৫.
ঘৰ-
মাজে মাজে ঘৰলৈ আহোঁ। মনটো সেউজীয়া হৈ পৰে। গাঁৱৰ মানুহ বহুত মৰমীয়াল। সকলোৱে ঘৰত এপাক দিব পৰা নাযায়। সময় কম। মাষ্টাৰ ডিগ্ৰী কৰা কথাটো সুকীয়া। গৱেষণা কথাটো সুকীয়া। কোন সময়ত কি কাম কৰিব লাগিব। কোন সময়ত কাক যোগাযোগ কৰিব লাগিব। গাইডে কোন সময়ত কি বিশেষ কাম দেখুৱাবলৈ ক'ব। কিবা কামৰ বাবে সহায় -সহযোগ কৰিব লাগিব। অৱশ্যে এইখিনি মোৰ সামৰ্থ্য। বিভাগীয় প্ৰধানৰ নটিছ আহিল নেকি ইত্যাদি সমূহৰ প্ৰতি কনছাৰ্ণ হৈ থাকিব লাগে। তাতে আকৌ ঘৰলৈ ফোন কৰোঁ। সদায় কৰিবলৈ চেষ্টা কৰোঁ। ঘৰৰ মাৰ মাত,দেউতাৰ মাত, গাঁৱৰ মানুহৰ খবৰ সুধি,আইতাৰ বিশেষকৈ খবৰ সুধি থাকোঁ। চোনা মানুহৰ ফোন থাকেই।সাতে পাছে বাৰ কৰি মনটোক দৃঢ় কৰি লৈ গৈ আছোঁ। গাঁৱৰ পৰিৱেশ একে। মাত্ৰ ৰাস্তা পদূলি পকী নহ'ল। এচাম ঘোচখোৰৰ বাবে। বহুত আপত্তি আৰু বিশেষ দায়িত্বত থকা মানুহক যোগাযোগ কৰিও আমাৰ ৰাস্তা পদূলি ভাল নহ'ল। মানুহবোৰৰ কৈ আমনি লাগিব পাৰে।
৫৬.
বা-ৰাজেন,খৰালিত কৰে নে? কি ধান,আন চাউলৰ দৰে নে? খাই পোৱা নাই, সুবিধা পালে খাম। আমাৰ শিৱসাগৰৰ খনামূখত কৰা দেখা নাই।
ৰাজেন -উম,বা একে,গোট বেছি ভাল হয়, উৎপাদন বহুত বেছি,খাই ভাললাগে,ধানবোৰ বেছিদিনলৈ থ'ব নোৱাৰি, বহুত মানুহে খোৱাৰ লগতে আমাৰ ইয়াত সৰহীয়া মাটিথকাসকলে বিক্ৰী ও কৰে,বা, মই খাই ভালপাওঁ।
৫৭.
২০১৯ চনত শ্ৰদ্ধাৰ অৰ্চনা বাইদেৱে দিয়া উপহাৰ,আজি কিতাপৰ মাজৰ পৰা আনি চাই আনন্দ লাভ কৰিলোঁ। কিয়নো যোৰহাটৰ অন্যতম প্ৰকাশন গোষ্ঠী বিদ্য ভৱনে প্ৰকাশ আৰু পৰিৱেশন কৰা গ্ৰন্থ খনত সাহিত্য,সংস্কৃতিৰ আভাস পাব। শংকৰদেৱ, ভাৰতীয় প্ৰেক্ষাপটত অংকীয়া নাট, নৱবৈষ্ণৱ আন্দোলন,লক্ষ্মীনাথ বেজবৰুৱা, অসমীয়া আখ্যানমূলক গীত, তিৱাসকলৰ মৌখিক সাহিত্য, কৃষিভিত্তিক উৎসৱ, পৰম্পৰাগত লোকগীত, নামনি অসমৰ লোক-নাট্যনুষ্ঠান,লোক -উৎসৱ,জোনবিল মেলা, যুদ্ধোত্তৰ যুগৰ বিজ্ঞান সাহিত্য, সমালোচনা সাহিত্য,মামণি ৰয়ছম গোস্বামীৰ গল্পত নাৰী চৰিত্ৰ,আৰ্থ সামাজিক আৰু বৌদ্ধিক জীৱনত ব'হাগ বিহু, নিচুকনি গীত, অসমীয়া পৰম্পৰাগত সাজ-পাৰ আদি দিশসমূহ সামৰা হৈছে। অসমীয়া মৌখিক সাহিত্যৰ দিশসমূহে মোক যথেষ্ট পৰিমাণে সহায় কৰিছে। প্ৰচ্ছদ সজ্জা -ৰোহিত দত্ত।
ডিয়ুৰ ৰিডিং ৰোম-
পঢ়াৰ বহুত সুবিধা কৰি দিছে। লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰত। বহুত তেবুল,কাঠৰ চকী, প্ৰতিখন তেবুলত লেপটপ,ফোন চাৰ্জ কৰিবলৈ প্লাগ পইন্টৰ সুবিধা আছে। ৰেক আছে। তাত বহুত কিতাপ ৰখা হৈছে। অসমীয়া, ইংৰাজী কিতাপ, প্ৰতিযোগিতাত বহিবলৈ পঢ়া কিতাপ আদি ৰখা হৈছে। ৱালখনত ছেভ এনাৰ্জি বুলি লিখা আছে। লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰৰ পূবলৈ এটা কোণত লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰকৈ বন্ধা ফ্ৰেমৰ আউজাই ৰাখিছে। ফটোখনত বেজবৰুৱাৰ হাঁহি এটাও আছে।
ইউনিভাৰ্ছিটিত থকা দিশবোৰৰ এটা এটাকৈ উপন্যাস খনত তুলি ধৰা হ'ব।
৬৬×৫=৩৩০ পেৰেগ্ৰাফৰ ৬৬ টি অধ্যায় হ'ব-
ক.মন্দিৰ,শিৱ
খ.হোষ্টেল
গ.সংগ্ৰাহালয়,মালভোগ বৰুৱা
ঘ.বিভাগ(সাক্ষাৎকাৰ লম )
ঙ.চেন্টাৰ(সাক্ষাৎকাৰ লম)
চ.পাৰ্ক
ছ.খেলপথাৰ
জ.বিল্ডিং
ঞ.লেব
ট.ৰংঘৰ
ঠ.গছ-লতিকা
ড.কেন্টিন-বুলবুলি,জ:ছাগ, জ্যোতি, লাইফ চায়েন্স ৰ হোটেল,ইডউকএশ্যনৰ হোটেল
ঢ.লাইব্ৰেৰী(লক্ষ্মীনাথ বেজবৰুৱাৰ গ্ৰন্থাগাৰ)
ণ.বিভাগৰ লাইব্ৰেৰী , মহেন্দ্ৰ বৰা,ক.খ
ত.চেন্টাৰৰ লাইব্ৰেৰী
থ.ভূপেন হাজৰিকা পৰিৱেশ্য কলা
দ.বিশেষ ব্যক্তিৰ মূৰ্তি আৰু মূৰ্তিৰ আঁৰৰ ইতিহাস
ধ.দুৰছা
প.ডিনসকলৰ সাক্ষাৎকাৰ
ফ.ভি.ছি.ৰ সাক্ষাৎকাৰ
ব.ৰেজিষ্টাৰৰ সাক্ষাৎকাৰ
ভ.ৱাৰডেন
ম.ৰিটায়াৰ্ড প্ৰফেছাৰৰ সাক্ষাৎকাৰ
য.ডিব্ৰুগড় স্থানীয় লোকৰ সাক্ষাৎকাৰ
ৰ.ৰেডিঅ' জ্ঞানমালিনী
ল.ডিঔডিল
ৱ.কাউনছেলাৰ(পঢ়োৱা গৱেষকৰ সাক্ষাৎকাৰ)
শ.ডিঔডিএলৰ প্ৰফেছাৰৰ সাক্ষাৎকাৰ
ষ.ডিঔডিএলৰ ছাত্ৰ ছাত্ৰী সকলৰ সাক্ষাৎকাৰ(৪জন)
স.ইউনিভাৰছিটিত পঢ়ি থকাসকলৰ সাক্ষাৎকাৰ
হ.ডিয়ু পি জি এছ ইউ মেম্বাৰৰ সাক্ষাৎকাৰ
ক্ষ.আছুৰ প্ৰধান সকলৰ সাক্ষাৎকাৰ
ড়.হোষ্টেলৰ কৰ্মচাৰীৰ সাক্ষাৎকাৰ
ঢ়.ডিয়ুত পঢ়োৱা পিতৃ মাতৃ ৰ সাক্ষাৎকাৰ
য়.যোগাযোগ-এম্বুলেঞ্চ
ৎ.বাহিৰৰ ষ্টুডেন্টৰ লগত সাক্ষাৎকাৰৰ
ং.গেষ্ট হাউছ,বিশ্ৰান্ত
ঃ.লাইব্ৰৰীয়ান ছাৰৰ লগত সাক্ষাৎ
ঁ.লাইব্ৰেৰীত কাম কৰা সকলৰ সাক্ষাৎকাৰ
অ.ডিয়ুৰ সাহিত্য
আ.ডিয়ুৰ ক্ৰীড়া
ই.ডিয়ুৰ সংগীত (বেষ্ট চিংগাৰৰ সাক্ষাৎকাৰ)
ই. ডিয়ু হাট
উ.চেকেণ্ড গেট
ঊ.পাঞ্জাৱ বেংক
ঋ.ষ্টেট বেংক
এ.ভাওনা সমিতি
ঐ.প্ৰেক্ষাগৃহ
ও.চৰকাৰৰ ভূমিকা
ঔ.চিকিউৰতি
া.ডিয়ুৰ পৰা হোৱা মিছা
ি. ডিয়ুৰ পৰা হোৱা প্ৰফেছাৰ
ী.ডিয়ূ ৰান্ধনী
ু.প্ৰিফেক্ট
ূ.ডিব্ৰগড় গ্ৰন্থ মেলা
ে.ডিয়ুৰ প্ৰকাশন
ৈ. বাণী মন্দিৰ
ো.ডিয়ুৰ ভিতৰত থকা জেৰক্স দোকান
ৌ.চিকিৎসালয়
?. ভাৰ্ছিটী উইক
। ৰাজনৈতিক নেতা ডিয়ুৰ পৰা হোৱা
:. চাহপাত
(). অভিলেখাগাৰ
. গৱেষণা
৩৮৫!
ইউনিভাৰ্ছিটি বাহিৰত থকা
গৱেষকৰ সাক্ষাৎকাৰ
ছাত্ৰ-ছাত্ৰী ৰ সাক্ষাৎকাৰ
ইউনিভাৰ্ছিটি লৈ অহা বাতৰি কাকত
আলোচনী
ইলেকছন
বাৰ্ষিক পত্ৰিকা, গৱেষণা
নাহৰ ই আলোচনী
স্মৃতি গ্ৰন্থ
বক্তৃতা
সামৰণি
অই।কি ,কৱ।
একাডেমীক কথাখিনি আনিব লাগিব অসমত ৬৬ খন কেম্পাছ ন'বেল ওলাল। কোনো ভাষাত হোৱা নাই, উপন্যাসত নবীন বৰুৱা ছাৰ,৬-২-২০২৫
মই যিহেতু প্ৰিফেট আছিলোঁ সকলোৱে ইমশ্বন বোৰ বেলেঞ্চ কৰিব লাগিছিল, অনুৰাধা শৰ্মা পূজাৰী বাইদেউ




Comments
Post a Comment