সোণৰ দিন,১৪-১১-২০২৩

 আজি ১৪ নৱেম্বৰ শিশু দিৱস। লগতে জ্ঞানপীঠ বঁটা বিজয়ী শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ জন্ম দিন। এইকেইদিন দৰং জিলাৰ পথৰুঘাটৰ বিদ্ৰোহ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি আছোঁ। সহায় কৰিছে শ্ৰদ্ধাৰ ভূষণ বড়ো ছাৰে। ভূষণ ছাৰৰ স্কুল পাথৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়ত আন্তৰিকতাৰে শিশু দিৱস পালন কৰা হৈছে। ময়ো উপস্থিত থাকোঁ। মোকো চমুকৈ এষাৰ কবলৈ সুবিধা দিলে। অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পথৰুঘাটৰ তথ্য সংগ্ৰহৰ দিশত যথেষ্ট সহায় কৰে। সন্মান আৰু আন্তৰিকতাৰে মোক সহায় কৰিবলৈ আগবাঢ়ি অহা শিক্ষকসকলৰ ওচৰত কৃতজ্ঞ। 

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৰ ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতে শিশু দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে যেনে-একক নৃত্য,বিহু নৃত্য, দলীয় নৃত্য,কেৰেট, বক্তৃতা প্ৰদান, ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপট আৰু গণতন্ত্ৰ, ৰাজতন্ত্ৰ আৰু‌ মুক্তিযুঁজাৰুসকল, প্ৰধান মন্ত্ৰী গৰাকী ডিচকভাৰি অৱ ইণ্ডিয়া,বিশ্ব ইতিহাসৰ জিলিঙনি (Glimpses of World History)

দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (The Discovery of India)

আত্মকথা, জাতীয় কংগ্ৰেছ,ইয়াৰ কাৰ্যক্ৰমণিকা, চীন দেশৰ প্ৰসংগ,পূৱ পাকিস্তান, স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, শিশু দিৱস উদযাপনৰ আন আন দেশৰ প্ৰসংগ, শিশুৰ বাবে অনুপ্ৰেৰণামূলক বক্তৃতা,মুক্তিযুঁজাৰু মতিলাল নেহৰু ইত্যাদি দিশত আলোকপাত কৰা শিক্ষক সকলৰ সাৰগৰ্ভ একাষাৰ আদি। ইমান ধুনীয়াকৈ পৰিৱেশন কৰা অনুষ্ঠানখিনিৰ পৰা বহুত কিবাকিবি শিকিব পাৰিলোঁ। উল্লেখযোগ্য কথাটো হৈছে এইখন স্কুলৰ পৰাই দুজন ছাত্ৰই গকুল হাজৰিকা আৰু আন এজনে কেৰেটত গ'ল্ড আৰু ছিলভাৰ মেডেল আনিবলৈ সক্ষম হৈছে।‌ নৃত্যৰ দিশত স্ব প্ৰতিভা বিকাশৰ বাবে ইউটিউব চেনেলৰ জৰিয়তে প্ৰয়াস কৰি আছে।‌ সুন্দৰ ভৱিষ্যতৰ ইংগিত দেখা কণমানিখিনিৰ আৰু ভৱিষ্যত উজ্জ্বল হওক, তাৰে কামনা কৰিছোঁ। লিখোঁতে ক'ৰবাত ভুল হ'লে শুধৰাই দিব বুলি আশা ৰাখিলোঁ।

(বি.দ্ৰ.গৱেষণাৰ বাবে আহোঁতে ক্ষেত্ৰ অধ্যয়নত বহুত মানুহে নিঃস্বাৰ্থভাৱে সহায় কৰিছে, তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ, পৰৱৰ্তী সময়ত বহলাই লিখিম)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা