লাইফ অফ আৰ্টিছ

 নাটক-লাইফ অফ আৰ্টিছ

(পাৰ্থ ছাৰৰ কবিতা আৰু পাৰ্থৰ ছবিৰ আধাৰত)

ৰচক-ৰাজেন দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়,২৫-১০-২০২৩

চৰিত্ৰমালা

পাৰ্থৰ দেউতাক

পাৰ্থ১-আৰক্ষী বিষয়া,কবি, গল্পকাৰ 

পাৰ্থ২-যুৱ চিত্ৰশিল্পী 

নীলিম-প্ৰতিষ্ঠিত চিত্ৰশিল্পী 

কিৰণ-শিক্ষিত নাৰীবাদী মহিলা, প্ৰফেছাৰ 




প্ৰথম অংক/ পৰিৱেশ 

মঞ্চ ৰঙীন। সময় ৰাতি প্ৰায় ডেৰবজাকি কি নবজা। ঘৰৰ মানুহ নিঃপালি।‌ পৰুৱা-পিপৰাই আহ-যাহ,বাহিৰত ঝিলীৰ মাত,জোনাকত জোনাকী পৰুৱা উৰি ফুৰিব। পাৰ্থ ই ছবি আঁকি থাকে। বগা ৰঙৰ টি চাৰ্টতে চশমাৰ লেঞ্চখন মাজে-সময়ে চাফা কৰি থাকে। বেঞ্চতে ৱাটাৰকালাৰকে আদি কৰি বিভিন্ন ৰং। ভগা বেৰখনত আওজাই ৰখা ব্লেকবৰ্ডখনত সি ছবি আঁকে। লাইটোৱে ফ'কাচ কৰি থাকিব বৰ্ডৰ কেন্দ্ৰলৈ। মৃদু এচাটি বতাহ বলিব। সি সেই বতাহৰ সাহসত কাম কৰি যাব। ফোনটো ভাইব্ৰেশ্যন মুডড থাকিব। কাৰণ নীৰৱতাই শিল্প গঢ়ে। সেইকথা সি জানে।


সিফালৰ পৰা দৰ্জাত কেৰেক শব্দ হয়। সি সেইবোৰ মন কৰা নাই। সি এখন ৰঙৰ পৃথিৱীত বাস কৰে। হাজাৰ -বতাহেও টলাব নোৱাৰে। সি ছবি আঁকে। তাৰ কাষৰলৈকে দেউতাক এৰী কাপোৰ লৈ আহে। একো মাত -বোল নাই। পাৰ্থৰ ছবি অঁকা চাই আছে। বহুত পৰ গৈছে। তেওঁ থৰ লাগিল। এসময়ত কাঠৰ চকীখনতে টোপনি যাব। 

পাৰ্থ -দেউতা,দেউতা

তই কেতিয়াবাই আহিলি মানে। কমচে কম মাত এষাৰ দিব পাৰ। 

দেউতা নিমাত। হাতত সাৰে ভৰিত সাৰে শুই আছে।দেউতাকে জানে শিল্পীক নীৰৱতা কিমান প্ৰয়োজন। যিমান ৰাতি গহীন হয় ছবিও প্ৰাণ পাই।সেয়েহে ছবি চাই চাই তৃপ্তিৰে এসময়ত শুই পৰিছে।


ৰাতি গহীন। সি ছবি আঁকিছে। শেৱালীৰ গোন্ধ নাকত আছে। টোপনি তাৰ খুব কম ধৰে। ৰঙীন পৃথিৱী এখন চকুৰ আগত দেখে। তাত সুন্দৰ সুন্দৰ ভিন্ন ছবি দেখে(internet ৰ পৰা ফটো লৈ পাৱাৰ পইন্টত সেইসমূহ প্ৰায় 10 মিনিট শ্লাইড চৌ কৰি থাকিব। ৰাজনৈতিক ব্যক্তিয়ে গাঁৱৰ ৰাস্তা পদূলি ঠিক-ঠাক নকৰে। সি তাতেই ছবি আঁকে আৰু চৰকাৰক জমা দিয়ে কোনো সুদুত্তৰ নাপায়। দেৰগাঁৱত দিবলগীয়া ছবিখিনি শিল্পী ননী ছাৰৰ উটি গৈছে। ছয়দশক নে কেইবাদশকো শেষ। চৰকাৰে শিল্পীক বচাই ৰাখিবলৈ চেষ্টা কৰক প্লিজ। তাকো সি মনত আঁকিছে।আকৌ শিপিনীৰ দুৰ্দশাৰ ছবি আঁকে। স্বাৱলম্বীৰ বাবে বেংক আৰু কেফেত গৈ অনলাইন কৰে তাতো লাভালাভ নাপায়।কিন্তু নিৰাশ নহয়। ছবি আঁকি থাকে। ফোনত কম ভলিউমত দিলীপ হীৰাৰ বাঁহীৰ সুৰ লগাই এসময়ত সিও দেউতাকৰ কাষতে থকা আনখন বেঞ্চতে বহি পাৰে আৰু তাৰ পাছত শুই পৰে। দেউতাকৰ নাকৰ ঘৰ্ঘৰণিৰ শব্দ লাহে লাহে স্তিমিত হৈ আহিছে। আঁৰ কাপোৰ‌ পৰে।


দ্বিতীয় দৃশ্য

(পৰিৱেশ একে)

ছবিৰ বাবে অনা কাগজ পত্ৰ খিনি আলৈ -আথানিকৈ পৰা থাকিব। ডিব্ৰুগড় ৰেডিঅ ত আকাশবাণী হোৱাৰ দৰে বাজিব। বাজিব মানে ১০৩.০৪ মেগাহাৰ্জত বাজিব ।শুই থকা দুটি মানুহ। পুত্ৰ আৰু দেউতাক। ৰাতিৰ দুই-এটি কথা পাতিব। আৰু হাঁহি মাৰি ক'ব জীৱন জীৱন বৰ অনুপম। দুয়ো উঠে। আৰু ভিতৰৰ পৰা সোমাই আহে সুদৰ্শনা। চিৰসেউজ মানুহ। ছবি আৰু সুন্দৰ আভূষণ। কবিতাৰ শাৰীকেইটা তাই মুখতে আওৰাই ---


সেইদিনা ক'ত থাকিম

তোমাক আৱৰি থাকিমনে


পাহাৰটোৰ টিঙৰ পৰা এজাক বনৰীয়া ভাটৌ নামি আহিব

নে ইয়াৰ পৰা উৰা মাৰি পাহাৰৰ টিঙত বহিবগৈ


সেইদিনা ক'ৰবাততো থাকিম

য'তেই থাকোঁ তোমাক বাৰেপতি বিচাৰিম.....

সুদৰ্শনা-তহঁত দুয়ো ইয়াতে শুলি। পৰুৱা,ম'হে ৰাতি তেজ নাখালে

পাৰ্থ-তেজচোন সদায় খায়েই আছে। থকাকণো খাওক বুলি এৰি দিছোঁ।

দেউতা -মাজনী ককায়েৰক কোঠাটো চাফা কৰি দিয়াত সহায় কৰ। দেউতাই কান্ধত চাধাই গামোচাখন টানি লৈ হামি এটা মাৰি উঠি যায়।

সুদৰ্শনা-হ'ব দেউতা,তাকে কৰিবলৈ ৰৈ আছোঁহি।

দাদা -ভনী ছবিখন ধৰিছ,ছবিখন থকা বৰ্ডখন ধৰ। চকুৱে ঠাৰেৰে হাততো আগবঢ়ায় দি কয়

সুদৰ্শনা-অ,ৰহ ঔ

সুদৰ্শনা-এইখন ছবিয়ে কি বুজাইছে?

পাৰ্থ-শ্ৰদ্ধাৰ তৰালি শৰ্মা বাইদেউৰ হাতত,যাৰ গীতৰ আধাৰত । আমাক মোহাচ্ছন্ন কৰি ৰাখে। " আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব" গীতটি শুনি শুনি দুপৰ নিশা ছবিখন আঁকিছিলো।

সুদৰ্শনা-অ, ঠিক আছে। দুয়ো ছবি আৰু বৰ্ড নিৰ্দিষ্ট ঠাইত ৰাখিলে।

ৰাতি গহীন হয়। গহীন হয় মন। ভৱিষ্যতে কি কৰিম,নকৰিম,কৰিব পাৰিম নে,নে কেনেকৈ আগবাঢ়ি যাওঁ। ছবিয়ে মোৰ কেৰিয়াৰ দিব নে। নীলিম দাৰ কথা ভাবি ভাবি পাৰ্থ টোপনি যায়।পুৱাইহে সাৰ পাই। কল-কাকলি চৰাইৰ মাত, কুকুৰাৰ কুকুৰী কৌ শব্দ,হালবাবালৈ যোৱা ভলৌ পেহা ৰ মাত ব ল2, সোনকালেই উভতি আহিম




Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা