দীপশিখা বাৰ বিয়া,১৬-১০-২০২৩


 লক্ষ্য মই যদু ধেমাজি লৈ যাত্ৰা। লক্ষ্য গোহাঁই গাঁও। দীপশিখা বাৰ বিয়া দৰ্পণ ছাৰৰ সৈতে। ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাৰ। শ্ৰদ্ধাৰ অৰ্পণা বাইদেউৰ স্ক'ৰাৰ আছিল। তিনিও কথা পাতিলোঁ। সখা শচীনেও কন্ট্ৰিবিউট কৰে। এটা হটকেছ আৰু কাপৰ দৰে 500 টকাৰ মিলালো। ডিয়ু হাটৰ যদুমণি চেতিয়া ককাইদেউৰ পৰা। মই -দাদা আপোনাৰ নামৰ সৈতে একে,

দাদা-অ

মই -বন্ধু পাতিবলৈ পাৰে।

দাদা,বৌ একেলগে -হা,হা

ব‌স্তুকেইপদ কিনি আগবাঢ়ি আহিছোঁ জ্যোতিবাটচৰালৈ। লক্ষ্যক আকৌ জোনাকী কাৰেঙৰ পৰা ওলাই আহিছে। ডিয়ু হাটলৈ সোমাই অহা ঠিক দুৱাৰমুখত লগ হৈ তিনিও জ্যোতিবাটচৰালৈ আহিলোঁ। বাছ,ট্ৰেভেলাৰ পোৱা নাই। মাত্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ লৈ যোৱাহে পাই আছোঁ। ৰ'দ ইফালে,গৰমো হৈছে প্ৰখৰ। তিনিও আলচ কৰিলোঁ চুকাফালৈকে যাওগৈ,তাত ৰৈ থাকে ন, লক্ষ্যই কৈছে,আমিও হয়ভৰ দিছোঁ। তথাপি আকৌ অপেক্ষা। চুকাফালৈ যোৱা মেজিক ভৰ্তি।আজি চিএম, শিক্ষামন্ত্ৰী আহিব ডিয়ুলৈ। চেক কৰিবলৈ গাড়ীয়ে পুলিচ আৰু দায়িত্ব ত‌থা মানুহ খিনি জ্যোতিবাটচৰায়েদি সোমাই গৈ আছে। এছিষ্টেন্ট পৰীক্ষাত বহিব লাগে নে নালাগে এই লৈ স্মাৰক দুৰছাই দিবও পাৰে,মিটিংখন ছয় বজাত ৰংঘৰত আয়োজন কৰা হৈছে। যোগাত্মক দৃষ্টি ভংগীৰে বিশ্ববিদ্যালয়খন আগুৱাই নিব বুলি আমি আশাবাদী। বাদ দিলোঁ। এসময়ত তাতেই ৰৈ দিলোঁ। এখন বাছ আহিছে,ফুৰ্তিৰে উঠিলোঁ। ইমান ধুনীয়া বতাহ। ফিৰফিৰীয়া। প্ৰকৃতি মসৃণ। মন প্ৰাণ ৰঙীন হৈ পৰিছে। জীৱনৰ জন্ম মৃত্যু আৰু বিবাহ অতি গুৰুত্বপূৰ্ণ সময়। সেয়ে আমিও ছাৰৰ বিবাহৰ শুভকামনা জনাইছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কুশলে ৰাখক।জেকমাৰ ভাষণ পাগল মই,এলেন চৌ, জুবিনৰ গান শুনি গৈ আছোঁ।

18 বছৰৰ তলৰ ছোৱালী ৰ ক্ৰিকেট খেল আছিল। গোলাঘাট ত এদল ছোৱালী য়ে খেলি আহিছে। বৰ ফুৰ্তিৰে আহিছে। 15 হাজাৰ প্ৰাইজমণি আছিল হেনো, হোটেলত থকা, খোৱা -বোৱা,ভাগ-জোগৰ, কাইলৈৰ পৰা ক্লাছলৈ ইত্যাদি এশএবুৰি কথা পাতি, হাঁহি খিকিন্দালী কৰি গৈ আছে,আমি মনে মনে গৈ আছোঁ। নাইন কি টেনত পঢ়ি থকা ছোৱালী। বহু হেঁপাহ আকাশ চোৱাৰ। লখিমপুৰৰ হাৱাইজান এই ঠাইলৈ গৈ আছে। মাথা বিষ,কাঁহ, মাত ভগা এইসমূহ কথা সুন্দৰকৈ পাতি গৈ আছোঁ। কেইছে হোৱা এই গান গাই ছোৱালী খইনইয়এ কষ্ট পাহৰিবলৈ যত্নপৰ হৈছে। কোমল মনৰ শিশু। সিহঁতৰ কৰাৰ সংলাপখিনি এনেকুৱা আছিল -অই আগত যা, লগৰজনীক কৈছে -ছিৰক ক মাথা ঘূৰিইছে,যিহে নটংকি কৰিছে, মেডিকেলৰ মানুহ উঠি উঠি গৈছে।  ছাৰে পাৰ্অটি খাই খাই থাকিব। এই বেটখনে মই দুটা ফৰ মাৰিছো। এইটো কি হ'ল অ।  যাবলৈ নাই। অই গোছ, নাই ভাগ, কষ্ট কৰি মেডেল পাইছোঁ। মই য'ত থাকোঁ তয়ো তাত ৰ অ ,যে,অই গা গা, কান্দি দিয়া ভাও ক'ত কি কথাৰ মেল,এসময়ত এজন উঠিছিল। ভন্টি বহালগালগ এজনীয়ে পৰি গৈছে। ধৰি ধৰ,তাই সিদিনা তাই গিৰি গৈছে। মোক একোবত আংকুল ছৰি, জোনাক আৰু মই হাঁহি মাৰিলোঁ। কি যে হ'ব মই আংকল মই এই কথা ভাবিয়েই আচৰিত।


গানটো মনলৈ আহিছে -ধেমাজি লখিমপুৰ নহয় যে বএছইদঊৰ...


অসমীয়া বেলাডত প্ৰতিফলিত সমাজ ৰাজনৈতিক ইতিহাসৰ প্ৰসংগ গৱেষণা ত থকা মালিতা, বিশেষকৈ চিকন সৰিয়হৰ গীতৰ কথা ওলাল। ভাত খাই থকা পৰতে কৌৰ্টমেৰেজৰ কথাও ওলাল। সিহঁতে সমৰ্থন মই বিৰোধিতা পৰ্টিত আছোঁ। কাৰণ প্ৰকৃত ভালপোৱা ত এনে দিশে প্ৰভাৱ বিস্তাৰ নকৰে। সিহঁতৰ মতে পৰে। কাৰণ এনে দিশে মেইন বিয়ালৈ বা ভৱিষ্যতে নিৰাপত্তা জাতীয় দিশটোৰ স্থিৰতা বাৰুকৈয়ে দেখিবলৈ পোৱা যাব।

লক্ষ্য কোৱা বাগচু চহৰৰ প্ৰসংগ ত বহুত দিশ পোহৰলৈ অনাত সহায় কৰি দিয়ে।

বিয়া ঘৰত পালোঁ। টমটমত 30 টকাকৈ লৈছে। তাতে বৰ আদয় সাদৰ বৰ ভাল লাগিল। সুন্দৰ আতিথ্য। শ্ৰদ্ধাৰ ড বুলজিৎ ছাৰক লগ পাই খুব ভাল লাগিল। ছাৰৰ সৈতে ফটো উঠিলোঁ। তাৰ আগতে বা লৈ নিয়া উপহাৰ দিছোঁ লগালগ ফটোখন তুলুৱাই লৈছোঁ। আটকধুনীয়া কৈ সজাই পৰাই বহিবলৈ দিয়া হৈছে। 

খাই বৈ শুভকামনা দি আকৌ টমটমত বাছ আস্থান লৈকৈ আহিলোঁ। এইবাৰ 20 টকাকৈ গাইপতি লৈছে। আগৰজনে 30 টকাকৈ এইজনে আকৌ 20 টকাকৈ গাইপতি লৈছে। নতুন মানুহৰ বাবে হ'ব পাৰে। উপায় নাই। 


ফেবুকাই লৈছোঁ। পুথিভঁৰাল ৰ প্ৰসংগ। অসমত কম। সুৰাৰ দোকান বেছি। জুবিনে কণ্ঠদান কৰা নীলা নীলা দুচকেৱে...কাজল কাজল... এইখিনি শুনি টোপনিত লালকাল হৈ গৈ আছোঁ। মাজতে যেনিবা দলংখন মেৰামতি কৰা বাবেই অলপ (ট্ৰেভেলাৰ না- পুতলী)যাত্ৰীসকল খোজকাঢ়ি আহিছোঁ। ভালেই হৈছে ভাতমুঠি হজম হওক।

এইবাৰ জুবিন দাদাৰ অনুৰাধা গান বাজিছে। আমিও পৰা নোৱৰা কৈ সুৰ মিলাই গৈ আছোঁ।

এইবাৰ বাজিল মৰি যাও2 

আকৌ বাজিল-অ...ফেচুচৰাই ধৰিলোং,নদীৰ পাৰৰ ছোৱালী ৰ প্ৰেমত পৰিলোঁং, ,চাপৰিৰে সৰু2 গাওঁ 

চকুৱে চকুৱে কিনো হ'ল..গাগৰি গাগৰি ককালৰ মাজত বাজিব ধৰিলে,স্পীড লৈছে মানে পিকাপত গৈ আছে ট্ৰেভেলাৰ.... বগীবিল দলঙৰ ওপৰেৰে গৈ আছোঁ।

নীলা নীলা দুচকেৱে কাজল সানিলে বাজিল 


যোৰহাটৰ জোনালী, শিৱসাগৰৰ শেৱালী গানটো বাজি ব ধৰিছে 

অক্টোবৰ মাহ। খিৰিকীয়েদি চেঁচা বতাহ। খুলিবই নোৱাৰি। হোৰোখকে মাৰে

তেৰে চাংগে 

কৰ গয়া 

অ ৰেবা

শুনি গৈ আছোঁ।

তোমাক আগবঢ়ায় নিবলৈ প্ৰয়াস কৰি আছোঁ। তুমি আবোল তাবোল কৈ ইমান সুন্দৰকৈ ফোন ত ইমান দেৰিলৈকে কথা পাতি আছা, মই ৰৈ থকাতে থাকিলোঁ। তুমি মোক বুজিবলৈ বহুত বাকী

আমাৰ চোনাক কৈ থাকোঁ 


আৰু কও- 

তুমি তোমাৰ নিচিনাকৈ থাকা

মই মোৰ নিচিনাকৈ থাকোঁ

চাবা কাজিয়া নহয় চোনা 





Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা