অভিক

 "অভীক" ৰ উদ্যোগত ৰত্না দত্তৰ "দ্বিতীয়া" উপন্যাসৰ বিষয়ে অনুষ্ঠিত সদৌ অসম ভিত্তিক প্ৰবন্ধ প্ৰতিযোগিতাৰ উদ্গনি পুৰস্কাৰৰ গ্ৰহণৰ স্থিৰ চিত্ৰ,ফটো -জোনাক। অভীক লৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ।

ৰত্না বাইদেউৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ যি প্ৰচেষ্টা সেই কথা জানিবলৈ পাই খুব ভাল লাগিল। বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত শ্ৰদ্ধাৰ ব্যক্তিসকলৰ নৃত্য-গীত, বক্তৃতাৰে আজিৰ অনুষ্ঠানটি মধুময় হৈ ৰ'ব। শ্ৰদ্ধাৰ দিগন্ত বৰা ককাইদেউৰ নৃত্য প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰিলে। দুলীয়াজানৰ পৰা অহা শ্ৰদ্ধাৰ শিল্পী দিপক গগৈৰ কণ্ঠত আহোঁ বুলিও নাহে দেখোন এটি সুৰৰ...গীতটিয়ে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰিলে। সাহিত্য সংগঠক তথা কেইবাখনো গ্ৰন্থৰ ৰচক,সম্পাদক সুমন দত্ত ককাইদেৱে স্বপ্না দত্ত বাইদেউৰ সৃষ্টিৰাজিক, কাঞ্চন জংঘাৰ বুৰঞ্জী কবিতাটি গ্ৰন্থ মেলাত ৰত্না দত্ত বাইদেউৰ কণ্ঠত শুনাৰ মাদককতা,ৰত্না দত্ত বাইদেউৰ একত্ৰ সংকলনৰ দিশটো গুৰুত্বপূৰ্ণকৈ উল্লেখ,ডিব্ৰুগড় ৰ বিভিন্ন সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত দিশসমূহৰ সম্পৰ্কে সুন্দৰকৈ ব্যক্ত কৰিলে। ভনী সুদৰ্শনা ৰাজগুৰুৱে নিজৰ শিক্ষাগুৰু ৰত্না দত্ত বাইদেউৰ সাহিত্য আৰু স্মৃতিখিনিয়ে বহু দিশ সামৰিছে । অভীক আৰু পথাৰ ৰ সম্পৰ্কে সকলোকে অৱগত কৰা ৰত্না দত্ত বাইদেউৰ ভগ্নী স্বপ্না দত্ত বাইদেৱে সুন্দৰকৈ জনায়। অসমৰ ৰাইজৰ সহযোগিতা আৰু সহাঁৰিয়ে কামখিনি কৰিবলৈ প্ৰেৰণা লাভ কৰিছে বুলি জানিব দিছে। প্ৰবন্ধ প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক শ্ৰদ্ধাৰ নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা ছাৰকে প্ৰমুখ্যে আন বিচাৰকসকলক আন্তৰিক ধন্যবাদ জনাই,অভিক আৰু পথাৰ ৰ সৈতে জড়িত ব্যক্তি সকলক চিনাকি কৰাই দিয়ে, গদাপাণিত হৈ থকা অন্তৰঙ্গ একক নাট সমাৰোহৰ বিষয়ে জানিবলৈ দিয়ে(নাটকৰ সৈতে পবিত্ৰ চেতিয়া ককাইদেক চিনাকি কৰি দিয়ে) লগতে ৰত্না বাইদেউৰ সৃষ্টিৰাজিক আগবঢ়ায় নিবলৈ বিভিন্ন প্ৰকল্পৰ বিষয়ে অৱগত কৰাই নহয় সেইসমূহ আগন্তুক দিনত ৰাইজলৈ আগবঢ়োৱা হ'ব বুলি জনায়। এনে সুন্দৰ প্ৰচেষ্টা শলাগীবলীয়া। অতি ভাললগা মুহূৰ্তৰ স্থিৰচিত্ৰ সমূহ ভাগ -বটোৱাৰা কৰি লৈছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা