লখিমপুৰ কলেজ গ্ৰন্থ মেলালৈ
আজি তেৰ অক্টোবৰ,2023 তাৰিখে নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থ মেলালৈ যাত্ৰা আৰম্ভ কৰিছোঁ। ট্ৰেভেলাৰ বাছৰ বাবে জ্যোতিবাটচৰাত ৰৈ আছোঁ। ছয় বাজো কি নাবাজো সময়ত পলম হোৱা বাবে পোৱা নাই গাড়ী। এসময়ত যেনিবা আহিল। মোৰ ভাল লাগিল লখিমপুৰ টাউনলৈকে যাব। একেবাৰে শেষৰ চিটত ঘটলংমটংকঐ গৈ আছোঁ। একোবত উফৰি গৈছোঁ। ভয় লাগি যায়। ইমান জোৰে গৈ ব্ৰেক মাৰে। কণকণ মইনা আৰু বয়সস্থ মানুহো আছে ন। ইখনকৈ সিখন আগবাঢ়ি যোৱাৰ যেন অঘোষিত প্ৰতিযোগিতা। মানুহ ভৰ্তি ট্ৰেভেলাৰ। গৈ আছোঁ জুবিনদাৰ পুৰণি গানবোৰ ইউটিউবত খুচৰি খুচৰি। তাৰ আগতে লখিমপুৰ কলেজ গ্ৰন্থ মেলালৈ যাত্ৰা বুলি ষ্টেটাছ এটা দি ললো।ওষ্টাদি অকণ মাৰো বুলিয়েই ডিয়ুৰ ফুটব্ৰিজত তোলা ফটোকপিকে আপলোড দিছোঁ। দিনটোৰ সুপ্ৰভাত দি,দিনটো সুন্দৰ হওক তাৰেই কামনা কৰি ডাৰলিঙকো সেইকপি ফটো ভেজাই লৈছোঁ।
এসময়ত নৰ্থ লখিমপুৰ কলেজৰ বান্ধৱী প্ৰাৰ্থনা ৰ পৰা কত নামিম সোধআত-তুমি লখিমপুৰ টাউনৰ বাছ ষ্টেচনত নামি কলেজ চাৰিআলিলৈ টমটমত আহিবা। মানে কলেজখন চাৰিআলিত আছে বাবেই কলেজ চাৰিআলি বুলি কয়।
মই -ঠিক আছে।
গৈ আছোঁ। খিৰিকীয়েদি ফিৰফিৰীয়া বতাহ। বৰ ভাল লাগে। মোক বতাহ লাগেই। বতাহ পালে দেহ মন শৰীৰ ধিনধিনাধিন হৈ পৰে।
এসময়ত প্ৰাকৃতিক সৌন্দৰ্য বৰ ভাল লাগি গৈ আছে। এফালৰ পৰা-কিনো চাৱনীৰে ছালামকৈ,পামনে মই ঘূৰাই,পাখি মেলি দিয়ে,নকলা কথাটি বাবু দা,প্ৰাণদ্বীপ ৰ গান শুনি আছোঁ। তাৰ আগতে বান্ধৱী জ্ঞানশ্ৰী ৰ বাৰ্থদে ৰ ফটো ,উইচ কৰি দিছোঁ। আমোলাপট্টিৰ নাট্য মন্দিৰত ত আমি বিচাৰকৰ হোৱা ফটো দুখনমান দি দিছোঁ। সেইকথাও লিখিম, বিচিত্ৰ অভিজ্ঞতা।
এতিয়া আহোঁ যাত্ৰী এগৰাকীৰ কথালে। তেওঁ কৈছিল -দাদা, আপুনি আগৰ চিটত বহিব।
মই -কিয়, মই খিৰিকীয়েদি ফিৰফিৰীয়া বতাহ লৈ ভাল লাগে।
আকৌ অলপ দূৰ গৈছোঁ। যাত্ৰীসকলে বাহিৰ-ভিতৰ কৰি লৈছে।
আকৌ যাত্ৰীগৰাকীয়ে ক'লে -
দাদা,কওক।
যাত্ৰী -আমি তিনিজনী ছোৱালী2 বহিম
মই -মই ইয়াত কমফৰ্ট ফিল কৰোঁ।
অ
মই ভাবিলো শেষৰফালে তিনিটা চিটত এজন ল'ৰা আৰু ছোৱালী দুজনী আৰু মই সকলো ভালেই গৈ আছোঁ।
কিবা সমস্যা হৈছে, তেনেহলে মই এৰি দিম
নাই নাই
মই পিছত গম পালোঁ তেওঁলোকেহে কমফৰ্ট ফিল কৰা নাই । সকলো মানুহ একে নহয়। সেই কথা চিন্তা কৰক। পঢ়া-শুনা যেন ছোৱালী দুজনীয়ে সেই স্ট্ৰং নাহিলে কি হ'ব। আগলৈ যাব নোৱাৰি। মানুহ পাণজপাদি জপা আছে। কি কৰোঁ। ধেমাজি ত ইয়াৰে যাত্ৰী নামি গৈছে। তেনে সমস্যাবোৰ হোৱা নাই। পিছতে গম পালোঁ তাই সখীয়েকলৈ ছিট লৈ যায় মানে। ছিট খালী হৈ গৈ থাকিব। বহিব পাৰিব। আগলৈ
গ্ৰন্থ এখন স্পৰ্শ কৰা, পঠন-পাঠনে মানুহৰ জীৱনৰ দৃষ্টি আৰু সৃষ্টি বৃদ্ধি কৰে। পৃথিৱীৰ প্ৰায় মানু্হে গ্ৰন্থ ৰ যোগেদি সেই সেই সমাজখনৰ অতীত জীৱনৰ তথ্য মজুত কৰি ৰাখে।
উত্তৰ লখিমপুৰ কলেজ(স্বা.) গ্ৰন্থমেলা । কলেজখনৰ এনে যুগান্তকাৰী প্ৰদক্ষেপ খুব বেছি ভাল লাগিল। অতি শৃংখলাবদ্ধ ভাৱে আৰু পৰিপাটিকৈ ৰচনাৱলীকে আদি কৰি সাহিত্যৰ বিবিধ বিধা-উপন্যাস, কবিতা, প্ৰবন্ধ-নিবন্ধ, গল্প, গীত, ভ্ৰমণ কাহিনী, শিশুসকলৰ উপযোগী গ্ৰন্থ ইত্যাদি পৰিৱেশন কৰা হৈছে। ভূপেন সখাক লগ পাই ভাল লাগিল। কাচি-দঁৰীয়া উপন্যাস পঢ়াৰ আগ্ৰহে সাহস দিলে।
আটাইতকৈ বেছি ভাললগা কথাটো হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱা দিশটো। বিচাৰক হিচাপে অসমৰ স্বনাধন্য ব্যক্তিসকলক নিমন্ত্ৰণ কৰা হৈছে। বহু ছাত্ৰ -ছাত্ৰী উপস্থিত হৈছে। খুব আগ্ৰহী (বান্ধৱী তথা গৱেষক প্ৰাৰ্থনা দত্তৰ পৰা জানিব পাৰিছোঁ গ্ৰন্থ মেলাৰ সমান্তৰালকৈ শ্ৰেণীসমূহো হৈ আছে)ছাত্ৰ -ছাত্ৰীসকলৰ সৈতে অন্তৰংগ অনুষ্ঠান হৈছে,আজি কিতাপ আৰু আলাপ অনুষ্ঠানত ক্ষন্তেক সময়ৰ বাবে হ'লেও উপস্থিত হৈ খুব ভাল লাগিল। এগৰাকী ছাত্ৰীয়ে স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিৰ অস্তৰাগ গ্ৰন্থ খনৰ বিষয়ে বক্তব্য আগবঢ়ায় আছে লগতে তাত থকা ভিন্ন দিশত খুব কম সময়ত আগবঢ়ায় নিছে।ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে আলোচনা -বিলোচনা চৰ্চাই ভাষা সাহিত্য জাতিক আগবঢ়ায় নিব বুলি আশা ৰাখিলোঁ। ইতিমধ্যে ইয়াৰ প্ৰেৰণা দেখি আহিছোঁ।
মোৰ জীৱনৰ প্ৰথম খন উপন্যাস কাচি-দঁৰীয়া ইতিমধ্যেই দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। নৰ্থ লখিমপুৰ কলেজ ৰ অসমীয়া বিভাগলৈ শ্ৰদ্ধা সহকাৰে একপি আগবঢ়ায় পুলকিত অনুভৱ কৰিছোঁ। কিতাপখনৰ প্ৰডাক্সন ভাল হৈছে বুলি মন্তব্য দিয়া শ্ৰদ্ধাৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা ছাৰে ষষ্ঠ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থ মেলালৈ কেইকপিমান পৰিৱেশনৰ বাবে দিয়া সুবিধাৰ বাবে সাহস পালোঁ। আগ্ৰহী সকলে ক্ৰয় কৰিব পাৰিব। ময়ো বিচাৰি দুখনমান গ্ৰন্থ পাই খুব ভাল লাগিল। সহজ-সৰল ভূপেন সখাক লগ পাই খুব ভাল লাগিল। ছাৰলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে ধন্যবাদ জনাইছোঁ আভা প্ৰকাশন।
#kachi_doriya
#kachi_doriya_assamese_novel
Comments
Post a Comment