এমেৰিটাছ প্ৰফেছাৰ ভীমকান্ত বৰুৱা ছাৰৰ সান্নিধ্য
ভীমকান্ত বৰুৱা ছাৰৰ সান্নিধ্য,৯-১০-২০২৩
ভীমকান্ত বৰুৱা ছাৰৰ ঘৰ বিচাৰি আছোঁ। সখা আৰু মই উলিয়াব পৰা নাই। ভৰিৰ বিষ
চৌকীডিঙীৰ পৰা খোজকাঢ়ি আহিছোঁ। ডিব্ৰুগড় জিলাৰ মিলন নগৰ। পূৱ নামঘৰ বুলি শচীনে ক'লে। কিন্তু গলি কোনটো উলিয়াব পৰা নাই। কিন্তু এমেৰিটাছ প্ৰফেছাৰ ভীমকান্ত বৰুৱা ছাৰৰ সান্নিধ্যই পাহৰালে। বীৰেন বৰুৱা ছাৰলৈ ফোন কৰিলোঁ ওপৰৰ মহল পকা কাম চলাই আছে আৰছিছি বিল্ডিং
ছাৰে এছাৰ প্ৰেট্ৰলপাম্পৰ বিপৰীত পথটো সুন্দৰ পুৰ নামঘৰৰ বিপৰীত ঘৰটো ছাৰৰ বুলি কনফ্ৰাম হলো। হেমন্ত কোঁচ দাদালৈ ফোন কৰোঁতে নিপু দাদাৰ নম্বৰত কল কৰিহে উশাহ, লৈছোঁ। মাজতো ফটো তুলি ৰাখিলোঁ। ভোকো
লাগিল, শইকীয়া ছাৰৰ ঘৰলৈ কাম কৰিবলৈ সময় নহ'ল।
ছাৰ-আমি 400 টকা দৰমহা পাইছিলোঁ।
সখা আৰু মই -অ ছাৰ
ছআৰ-এতইয়আ দৰমহা সৰহ হ'ল কোৱালিটি কমিল।
আমই-অ,ক ছাৰ
ছাৰ-ময়ো পদ্মনাথ গোহাঞিবৰুৱাৰ ছাত্ৰ নিৱাসৰ ছিফ ওৱাৰ্ডেন আছিলোঁ। প্ৰফেছাৰ অফ এমেৰিটাছ। তেতিয়া পৰা এতিয়ালৈকে প্ৰথম।
মনলৈ আহে অমৰেশ দত্ত নামৰ ছাৰ এজনে প্ৰফেছাৰ অফ এমেৰিটাছ পোৱা কথাটো জানিছিলোঁ।
ছাৰ-মই থাকোঁতে নেটৱৰ্ক ষ্টং আছিল। হোষ্টেলৰ প্ৰতিটো খবৰ পাই থাকোঁ। সেই মতে চিকিউৰিটি পঠাই দিও। তুমি যোৱাচোন অমুক নং ল'ৰাৰ কোঠাত চকীদাৰৰ লগত ছাত্ৰ ই মদ খাই আছে নে নাই চাই আহিবা। সেই মতে গৈ দেখে হয় খাই আছে। সেই বাৰ মই দিল্লী ত আছিলোঁ।
আনএবাৰৰ কথা মই হোষ্টেলৰ ল'ৰা এটা মাৰি মেডিকেল ত আছে,সেইৰাতিয়ে খবৰ পাইছোঁ। সেই কথা জানি কাম কৰি গৈছোঁ। মানে পেৰেলেল গতিত কাম কৰি থাকোঁ।
এবাৰ আকৌ ছোৱালী হোষ্টেলত ছোৱালী এজনীয়ে কান্দি আছে। মই গম পালোৱেই নহয়। তৎকালীন ভাৱে কলো চকীদাৰক যোৱাচোন, ছোৱালী হোষ্টেলত অমুক নম্বৰৰ কোঠাৰ ছোৱালী জনীয়ে কান্দি আছে নে নাই, কথামতেই কাম হয়টো কান্দি আছে। চকীদাৰ চিকিউৰিটি য়ে বহুবাৰ পানীখাই যায়।
আকৌ এবাৰ কি হ'ল নতুন ছোৱালী এজনীয়ে ল'ৰাটোৱে ৰংঘৰৰ কাষেদি গৈ আছিল। চিকিউৰিটি য়ে দেখি ল'ৰা টোক বান্ধি খুব পিটিলে। মই গম পাই লগালগ গৈ খুলি দিবলৈ কোৱাতহে খুলিলে। তেতিয়া সোধ-পোচ কৰি গম পালোঁ। সিহঁতৰ কোনো প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা নাই। নতুনকৈ অহা ছোৱালীজনীক ল'ৰাটোৱে চৰ্টকাটটোহে দেখুওৱা দিবলৈ আহিছিল। আমি প্ৰতি সময়ত এলাৰ্ট থাকিব লাগিব।
এয়া দুটি এমেৰিটাছ প্ৰফেছাৰ ভীমকান্ত বৰুৱা ছাৰৰ সান্নিধ্য মানহে। আৰু আছে।
মই বাহিৰৰৰ SIKKIM MONIPAL UNIVERSITY ৰ
ইউনিভাৰ্ছিটি ৰ দায়িত্ব ত আছোঁ। তাত 11 বছৰেই আছোঁ। একো ৰেগিং শুনা নাই। পদ্মনাথ গোহাঞিবৰুৱাৰ ছাত্ৰ নিৱাসৰ সেই কথাখিনিয়ে দুখ দিলে। দিল্লী থাকোঁতে টি.ভি.টো চাবই নোৱাৰি। খুব বেয়া লাগিল। মই ভিছিলৈ ফোন কৰিছোঁ -এইবোৰ কিয় হৈছে। লোকেল ষ্টং কমিতি গঠন কৰি দিয়া। কৰি থকা হৈছে বুলি জানিব দিলে।
এবাৰ এটা ল'ৰা ই চুইচাইড কৰিবলৈ লৈছে মই গম পালোৱেই নহয়। তৎকালীন ভাৱে মই তাৰ কোঠাৰ সন্মুখত চিকিউৰিটি ৰাখিলোঁ। সেয়া ল'ৰা এতিয়াও জীয়াই আছে। আমি পঢ়োৱা বহুত ল'ৰা ছোৱালী প্ৰফেছাৰ হৈছে। প্ৰিঞ্চিপাল হৈছে। উদাহৰণ স্বৰূপে -ধ্ৰূৱজ্যোতি নাথ, শ্বহীদ পিয়লি ফুকন কলেজ।
তোমালোকৰ খনামুখলৈ গৈছোঁ। মিটং নৈ ৰ কথা। তালৈ ৰাতি মৃত্যু হোৱা মানুহৰ ঘৰলৈ যোৱা কথাখিনি সুন্দৰকৈ সজাই পৰাই কৈ গৈছে। ডিকেডিলৈ গৈছেছো। ৰাজেন -সেইদিনা সত্যকাম ছাৰৰ সৈতে যে গৈছিল মোৰ মনত সুন্দৰ কৈ আছে।
আমি শুনি গৈছোঁ।
তোমালোকৰ গৰুমৰা নে কি সেইফালে গৈছোঁ। ল'ৰা জনৰ নাম মনত পৰা নাই। সি মোক ছবি দিছিল, খুব সুন্দৰকৈ আতিথ্য প্ৰদান কৰিছিল।
এতিয়া আহোঁ গৱেষণা ৰ কথালৈ।
তুমি কি বিষয় লৈছা
সখা-আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আৱাহন আলোচনীৰ ভূমিকা।
ছাৰ-ঠিক আছে। আৱাহন খিনি পাইছা
সখা-পাইছো ছাৰ,নন্দ তালুকদাৰ ৰ লাইব্ৰেৰী লৈ গৈ চাই আহিছোঁ। পৰমানন্দ মজুমদাৰে সম্পাদনা কৰি উলিয়ায় আছে।ছাৰ সংগ্ৰহ কৰিছোঁ।
ছাৰ-অ, নন্দ তালুকদাৰ ক লগ পাইছা,পুতেকক লগ পাইছা।
সখা,ৰাজেন -পাইছো ছাৰ।
ছাৰ-প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰেও আৱাহন ৰ কাম কৰিছিল। খবৰ কৰিবা।
সখআ-ঠিক আছে ছাৰ।
ৰাজেন দাস,অ ৰা , কাচি-দঁৰীয়া ইয়েই লিখিছে। লিখি থাকা। কাচি-দঁৰীয়া মানে এবিধ বন,ঢাৰ থকা,লিখি থাকা,নাটক লিখা মানুহৰ সংখ্যা কমিছে,প্ৰদীপে আগতে কৰিছিল, এতিয়া প্ৰাঞ্জলে কৰি আছে।
তুমি কি লৈছা
ছাৰ-অসমীয়া বেলাডত প্ৰতিফলিত সমাজ -ৰাজনৈতিক ইতিহাসৰ প্ৰসংগ।
ছাৰ,অ,মৃদং,বাৰমাহী এইবোৰ আনিবা, কোনখিনি আনিবা
ছাৰ-বুৰঞ্জীমূলক মালিতা সৰহকৈ আনিম ছাৰ, আৰু তিনিওটা প্ৰধান বিভাগৰ বাদেও বিবিধ মালিতাকো আনিম। ইন্টাৰভিউত সুধিবলৈ সুবিধা পাব। বাকীবোৰ মালিতা কিয় নললা। ষ্টং কৈ উত্তৰ দিবলৈ পঢ়িবা। যোৰহাট কেন্দ্ৰীয় পুথিভঁৰালত তথ্য পাবা। মই কুশল চন্দ্ৰ পূজাৰী ছাৰৰ কথা কলোঁ। তেওঁৰ তত্ত্বাবধানত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিছিল সেই কথাও কৈছোঁ। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহোঁতে প্ৰথম ছাৰক লগ কৰি খবৰ লোৱাৰ কথা মনত পেলাই দিলোঁ। তোমালোকে মোৰ ক্লাছ পোৱা নাই।
দুয়ো সখা-ছাৰ,পোৱা নাই, আপুনি তেতিয়া ভাষা অধ্যয়ন কেন্দ্ৰ ৰ দায়িত্বত আছিল খুব সম্ভৱ।
ছাৰ-অ
বেলাডৰ সমাজ জীৱনৰ কথাত বহুৱা কথা চাব পাৰা। কাৰণ বহুৱাই ঘোষকৰ দায়িত্ব পালন কৰিছিল। গোটেই গাঁৱত ৰজাই আগতে কিবা বিশেষ আয়োজন বা গুৰুত্বপূৰ্ণ কামৰ জাননী দিবলৈ ঢোল কোবাই জনাই দিয়ে ঠিক তেনেদৰে বহুৱাই গাঁৱত সকলোকে জনাই দিয়ে। মূল পাঠ চাবা। কি কি গ্ৰন্থ পাইছা
মই -ভৱপ্ৰসাদ চলিহাৰ অসমীয়া আখ্যান গীত-সংগ্ৰহ, নবীন চন্দ্ৰ শৰ্মা ছাৰৰ কিতাপ ইত্যাদি।
ছাৰ-ঠিক আছে।
মই -যাম,ছাৰ
আমি সম্প্ৰীতি অসম নামৰ এন জি অ এটা চলাই আছোঁ। তোমালোকৰ ফালৰ সেই ল'ৰা জনে কাম কৰিবলৈ আগবাঢ়ি আহিছিল।
ছাৰৰ পৰা বহুত খিনি কথা জানিব পাৰি উপকৃত হলো। চৌকিডিঙীৰ পৰা খোজকাঢ়ি ভুলপথেৰে গৈ আছোঁ। একেখিনি তে ইটোক সুধিছোঁ চিনি নাপাওঁ বুলি কৈছে। কোনোবাই বতাই দিছে যদিও আমি গলি খেলিমেলি কৰিছোঁ। সক্ষম নামৰ হস্পিটেল হ'ব সেইফালেও গৈছোঁ। আকৌ ঘূৰি আহিছোঁ। নিপু(আমাৰ অসমীয়া বিভাগত কাম কৰিছিল, এতিয়া ইঞ্জিনিয়াৰিং ৰ ফালে ট্ৰানফাৰ হৈছে) দাদাই শেষ সমাধান। পূৱ মিলন নগৰ, সুন্দৰ পুৰ। ভাগৰ ভোক সমানে আগবাঢ়িব লৈছিল। ছাৰক লগ পায় সকলো পলাই পত্ৰং দিলে।
কোৱা শুনিছোঁ লীলা গগৈ ছাৰ, ভীমকান্ত বৰুৱা ছাৰ, নগেন শইকীয়া ছাৰ তিনিও চৌকিডিঙীলৈ খোজকাঢ়ি আহি বাছত উঠি ইউনিভাৰ্ছিটি লৈ আহে। ছাৰক শিক্ষক দিৱসৰ সম্বৰ্ধনা জ্ঞাপন কৰা পত্ৰ খন দিবলৈ গৈ মুঠতে এটা সুন্দৰ দিন পাৰ কৰিলোঁ।


Comments
Post a Comment