একান্তই
এই যে তোমাক লগ পাম
কথা পাতিম
কাজিয়া কৰিম
মৰম কৰিম
এইখিনি মোৰ একান্ত স্বাধীনতা
আকৌ কথাৰ মাজত ভৱিষ্যতৰ ফালে ভামিম
দুয়ো ভাগৰি পৰিম
আকৌ উঠি আহিম
এইখিনি মোৰ একান্তই নিজা পৰিকল্পনা
এদিন বুজি উঠিম
জীৱনটো নতুনকৈ চাম
আনক সহায় কৰিম
ঈশ্বৰৰ ওচৰত হাতজোৰ কৰিম
পৃথিৱীৰ মানুহক সহায় কৰক
এইখিনি মোৰ নিজা সহৃদয়তা
(মোৰ পৃথিৱীৰ ৰাণী ৰেখামণি দাসলৈ শুভকামনাৰে)
ইতি
সোণ
Comments
Post a Comment