খুন্দনামাৰি
খুন্দনামাৰি
আইতাৰ ওঁঠত তামোলৰ পাকনুঠা বহু দিন হ'ল
খুন্দনামাৰি ভাঙি যোৱা পুৰণিয়েই হ'ল
জাপি পিন্ধি তামোল ৰুই গেৰাই থোৱাতে থাকিলে
বুঢ়ায়ো বাৰিখনৰ পৰা উঠিবকে নোৱাৰিলে
পুত্ৰ দুটি হাইজাতযোৱা পানী খাই তিনিবেলি
ঘৈনীয়েকৰো মনত পৰে ঢেঁকীকোবৰ আদহীয়া বেলি
জীও দূৰৈ ঘৰৰ ঘৰ-সংসাৰী
লাগ বুলিলেই আহিব নোৱাৰে
কাঁচিয়লী ৰ'দ এফালি ফালি
পোনাহঁত যে এমা-ডিমা ফুলকলি
তামোল-কটাৰীৰ লগতে খুন্দনামাৰিৰো বয়স হ'ল
মোৰো একে দশা একা চলিল,চলক উৰি যাম এদিন
এতিয়া খুন্দনামাৰিয়ে মোকে কাঢ়ে পকাচুলি
ময়ো চাই থাকোঁ খুন্দনামাৰিৰ লুতুৰি-পুতুৰি উচুপনি
ৰাজেন দাস
ডিব্ৰুগড়
ফোন নং -৯১০১২২১৪৩৬
Comments
Post a Comment