আপুনি আপোনাৰ পৰা কিমান দূৰৈত
আজি আপুনি অত্যাধিক ব্যস্ত
কিহৰ বাবে ইমান দৌৰাদৌৰি
দৌৰি থাকিবলৈ জানো আপুনি দৌৰাদৌৰিকে কৰি থকা নাই
কথাখিনি ভাবি আছোঁ
লাইটো নুমাই নিমাওমাও হৈছে
ফেনৰ বতাহ কোবোৱা গতি ক্ৰমান্বয়ে স্তিমিত হৈছে
কিৰণ গেষ্ট হাউছৰ নাইছ কমিউনিকেশ্বন আৰু কেয়াৰিং
বৈশাখ মাসে দাৰুণ গৰমত শুনিবলৈ লৈছোঁ
এয়া কলিকতাৰ সোণাজৰি হাট
এফালে বজাৰ মেলা,কলেজ ষ্ট্ৰীটৰ গ্ৰন্থ আৰু লিটোল মেগাজিন কিতাপ আৰু কিতাপ
গবামাৰি যেন লৈ থাকোঁ এথাপ দুথাপ
আনফালে গান,বাজানা, নৃত্য
আৰু মৰা-জীয়া কবিতা চায়েন্স চিটিৰ ৰবছত থৈ যাম নিজৰ ভাৱমূৰ্তি
ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানৰ ৰঙামাটি যেন আমি বিচাৰি পাম মাটিপৃথিৱীৰ গীতাঞ্জলিৰ মানুহজন
কলকাতাৰ অলিয়ে গলিয়ে আমি গৈ আছোঁ
অসমৰ সংগ্ৰহালয় সাজপাৰৰ পৰা চিত্ৰকলালৈ আৰু ক'ত কি
কুলি কেতেকীৰ মধুৰ সুৰ
প্ৰিন্সেপঘাটৰ কাষৰৰ ট্ৰেইন ষ্টেচনৰ বাংলা গান
অমৰকুটিৰে ভিতৰে বাউল গীত গাইছে চিত্ৰ আৰু কাহিনী বৰ্ণনাৰে
যেন শোকত ম্ৰিয়মান ৰাজকন্যা।
ক'ৰবাত বাংলা ক'ৰবাত হিন্দী মিশ্ৰিত বাংলা
ক'ৰবাত আকৌ হিন্দীত যোগাযোগ
মোৰ কিয় এনে লগা নাই
মই আঁতৰত আছোঁ
আপুনি আপোনাৰ পৰা কিমান দূৰৈত
এবেগেত
/চাৰিআঙুল/অলেখ যোজন
মেট্ৰ ট্ৰেইনতে পালোঁ হেঁচা ঠেলা লগত গেলাগৰমৰ বেহেলা তথাপি পালোঁ শান্তিনিকেতন প্ৰশান্তি
আঁতৰত মানে মাতৃভূমি পৰা
থমথমীয়া হৃদয়ৰ পৰা
মৰি মৰি যুঁজিবলৈ ভালপোৱা
সৌ পোহাৰীখনিয়া চহৰখনৰ পৰা
Comments
Post a Comment