পৰুৱা কবিতা অধ্যয়ন গোট, ২৫ জুলাই, ২০২৩, হৰেকৃষ্ণ ডেকা ছাৰৰ জন্মদিন উপলে: ্ষ
পৰুৱা কবিতা অধ্যয়ন গোট, ২৫ জুলাই, ২০২৩, হৰেকৃষ্ণ ডেকা ছাৰৰ জন্মদিন উপলে: ্ষ
৮০ সংখ্যক[২৫ জুলাই] জন্মদিন উপলক্ষে পৰুৱা কবিতা অধ্যয়ন গোটৰ অনুষ্ঠান গুগুল মিট মাধ্যমত সম্পন্ন হৈ যায়৷ হৰেকৃষ্ণ ডেকা আৰু তেখেতৰ কবিতা শীৰ্ষকেৰে অনুষ্ঠানৰ বিষয় কৰি লৈছিল৷ অসমৰ বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়াই সঞ্চালনা কৰিছিল৷ অনুষ্ঠানটোত বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট কবি অনুভৱ তুলসী, বিশিষ্ট সমালোচক অৰিন্দম বৰকটকী আৰু বিশিষ্ট কবি-সমালোচক ৰাজীৱ বৰা উপস্থিত থাকে৷ অনুষ্ঠানটোৰ পিছৰ পযাৰ্য়ত কবি ফাৰহান জাবেদে আৰম্ভণিৰে পৰা অনুষ্ঠানটিৰ আঁত ধৰে৷
বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়াই হৰেকৃষ্ণ ডেকা ছাৰৰ কবিতাই অসমীয়া পাঠকক সমৃদ্ধি কৰা, মেটাফৰ, উৱেষ্টাৰ্ণ কেনন এইসমূহ দিশৰ বহুল পৰিসৰলৈ নিয়াই নহয় বিশিষ্ট কবিজনাৰ সমান্তৰালকৈ আনুষংগিক প্ৰসংগকো গুৰুত্বসহকাৰে উপস্থাপন কৰে৷
বিশিষ্ট কবি অনুভৱ তুলসীয়ে আগলৈ চাই আৰু ভাঙে, পিকাচোৰ দৰে হৰেকৃষ্ণ ডেকাৰ কবিতাত, প্ৰত্যেকখন কবিতাপুথি তিনিজন নতুন কবিক লগ পোৱা, কবিতাত উপস্থিত যুক্তি-যুক্ততা, কবিতাৰ নিৰ্মল বিচাৰ, প্ৰসংগত নীলমণি ফুকনৰ কবিতা আৰু অন্যান্য প্ৰসংগ সুন্দৰকৈ ব্যাখ্যা আগবঢ়ায়þ৷ পূবাৰ্য়ণ প্ৰকাশনৰ পৰা প্ৰকাশিত হৰেকৃষ্ণ ডেকা ছাৰৰ কবিতাখিনি অন্তৰ্ভূক্ত কৰাৰ দিশ অৱগত কৰিছে বুলি উল্লেখ কৰি তেওঁ বক্তব্যত এক নতুনকৈ সংযোজন কৰি কয় যে আধুনিকতা, উত্তৰ আধুনিকতা, উত্তৰ উত্তৰ আধুনিকতাৰ দিশ, পশ্চিমৰ স্পেইনে আধুনিকতাক সোমাবলৈ প্ৰশ্ৰয় নিদিছিল৷ লৰকাৰৰ প্ৰসংগ, ইউৰোপত ৫০ ৰ তলৰ কবিৰ কেননক আধাৰ হিচাপে লৈ লোৱা ধাৰণাটো লুপ্ত হৈছে৷ আমি নিজৰ মাটিৰ পৰা, বিশ্বখনেই গাঁৱলৈ পৰ্যবশিত হোৱা, ভাৱৰ শ্ৰীবৃদ্ধি, বদলেয়াৰৰ দৰে লিখা ধাৰণাৰ সলনি হোৱা, ইউৰোপৰ দৰে চিন্তা চেতনাৰ বাবে অপেক্ষাৰত থকাৰ প্ৰয়োজন নাই, সময় নাই এইসমূহ দিশ সুন্দৰকৈ আলোকপাত কৰে৷ আইনষ্টাইন আৰু চাৰ্লি চেপলিন তেওঁলোকৰ এশবছৰীয়া জন্ম জয়ন্তী চলি আছে৷ লৰকাৰৰ ১৫০ তম জন্ম জয়ন্তী চলি আছে৷ এই সম্পৰ্কীয় অসমীয়া কবিয়ে কোনো কবিতা লিখা নাই৷ বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে বহু অধ্যয়নৰ যোগেদি কম্পাৰৰ্টমেণ্ট লাইট[Compartment Light] দিশ হৰেকৃষ্ণ ডেকাৰ চিন্তা-চেতনাত প্ৰবাহিত হৈছে৷ সাগৰ নেদেখি সাগৰ বিষয়ক কবিতা দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছাৰ দৰে গুৰুত্বপূৰ্ণ কবিতা লিখি অসমীয়া সাহিত্যক সমৃদ্ধ কৰা এইখিনি দিশৰ উপস্থাপন কৰিছিল৷
বিশিষ্ট কবি-সমালোচক ৰাজীৱ বৰাই পৰুৱা কবিতা অধ্যয়ন গোটৰ এনে প্ৰচেষ্টাক শলাগ লৈ কি নাম দিবা মধুবালা[মধুমালা] এই প্ৰসংগৰে আৰম্ভ কৰে৷ তৰুণ বয়সৰ কবি, তাৰুণ্য লেখ, পঠন-পাঠন, হৰেকৃষ্ণ ডেকাৰ উল্লেখেৰে সমুদ্ৰগু, ইয়াতে কবিতাৰ নিমাৰ্ণ, ভাবত, বিশ্বব্যাপী চলা চিন্তা-চেতনা, পাশ্চাত্যৰ পৰা অহা প্ৰভাৱ আৰু এই প্ৰভাৱে অসমীয়া কবিতাক জটিলতৰ কৰি তোলাৰ দিশ, মেটাফৰ[Methaphore], সৰল ভাৱ, গভীৰ ভাৱৰ ক্ষেত্ৰত হৰেকৃষ্ণ ডেকা[কনিষ্ঠ কবি] ডেকাৰ কবিতাৰ প্ৰসংগ, নীলমণি ফুকনৰ কবিতাৰ প্ৰসংগ, নৱকান্ত বৰুৱাৰ কবিতাৰ প্ৰসংগ, অজিত বৰুৱাৰ কবিতাৰ প্ৰসংগ, হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ প্ৰসংগ, নীলিম কুমাৰৰ কবিতাৰ প্ৰসংগ, কবিতাত অনুকৰণীয় দিশ, জটিল বিন্যাস, পাতনি লিখা প্ৰসংগত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা লিখোৱাটোত গুৰুত্বপূৰ্ণ দিশ নিহিত, তৰল কবিতাৰ পাটক সীমিত, বাৰবছৰৰ পিছত কবিতা, বতাহৰ পিছত আদি কবিতা হৰেকৃষ্ণ ডেকাৰ খিৰিকীখনত নিলিখিবা আৰু লকডাউনৰ কবিতা, তৰুণ কবিক বাট দেখুৱা, ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসংগ আদি দিশসমূহৰ সুন্দৰ আলোকপাত কৰে৷ তদুপৰি পৰামৰ্শ আৰু সমালোচনাই তৰুণ প্ৰজন্মক আগুৱাই নিয়া, কবিৰ প্ৰাপ্তি আৰু সমৃদ্ধি, অসমীয়া কবিতাক দিক্দৰ্শন আদি দিশ সামৰি লয়৷ হৰেকৃষ্ণ ডেকাই শেহতীয়াকৈ লিখা প্লেটফৰ্ম নম্বৰ ৮০ শীৰ্ষক কবিতাটি ৰাজীৱ বৰাই পাঠ কৰে৷ উত্তৰ আধুনিকতাৰ সিহৰণ থকা কবিতাৰ দিশত হৰেকৃষ্ণ ডেকাৰ নাম এক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি সামৰণি মাৰে৷
কবিতা পাঠ কৰা কবি হৰেকৃষ্ণ ডেকাৰ কবিতা পঠন-পাঠনৰ চমু আভাস
সিদ্ধাৰ্থ শংকৰ কলিতাই ২০১৭ চনত হৰেকৃষ্ণ ডেকাৰ খিৰিকীখনত নিলিখিবা আৰু লকডাউনৰ কবিতা পুথিখন প্ৰকাশ পোৱাটো সুখৰ কথা বুলি উল্লেখ কৰে৷ এই গ্ৰন্থখন পুনৰ প্ৰকাশ কৰিব পাৰি নেকি এই সম্পৰ্কে চিন্তা-চচাৰ্ কৰিব পাৰি নেকি জনাইছে৷ অনুষ্ঠানটোৰ সৈতে শংকৰদেৱ প্ৰকাশনকে আদি কৰি গ্ৰন্থ প্ৰকাশ, প্ৰকাশনৰ সৈতে ব্যক্তি জড়িত হৈ আছে৷ অসমীয়া কাব্যসাহিত্যত হৰেকৃষ্ণ ডেকাৰ কবিতাত যথেষ্ট পৰিমাণে কবিতাৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ দিশ সম্পৰ্কে উল্লেখ কৰে৷ ভালপোৱাৰ দিকচৌ বাট, ভালপোৱাৰ ধেমালি হীৰেণ ভট্টাচাৰ্যৰ দিশ আদি উল্লেখ কৰি তেওঁ লগতে হৰেকৃষ্ণ ডেকাৰ কবিতাখিনিয়ে বিশেষ সময়ক গুৰুত্বপূৰ্ণকৈ ধৰি ৰখাৰ দিশ সম্পৰ্কেও অৱগত কৰে৷ সিদ্ধাৰ্থ শংকৰ কলিতাই হৰেকৃষ্ণ ডেকা ছাৰে কবিতাৰ ভিত্তি সম্পক¹য় দিশখিনি সুন্দৰকৈ সাক্ষাৎলাভ কৰিলে বুজাই দিয়ে বুলি উল্লেখ কৰে৷
সিদ্ধাৰ্থ শংকৰ কলিতাই আইনষ্টাইন আৰু চাৰ্লি চেপলিনৰ কাহিনী এটি চমুকৈ কয়–দুয়ো সদায় সান্ধ্য ভ্ৰমণৰ বাবে ওলাই যায়৷ দুয়োৰে ভ্ৰমণ সফল নহয় কাৰণ ওলায় যোৱাৰ লগে লগে আইনষ†াইনে মাত দিয়ে-হেল্লৌ, চাৰ্লি, দুয়োৰে মাজত কথোপকথন আৰম্ভ হোৱা দিশসমূহৰ সম্পৰ্কেও উল্লেখ কৰে৷ তেওঁ কয় যে আইনষ্টাইন –ইমান সহজ বস্তু কেনেকৈ টান কৰা৷
চাৰ্লিয়ে কয়–ইমান টান বস্তু সহজ কেনেকৈ কৰা৷ এই প্ৰসংগতে সংগতি ৰাখি হৰেকৃষ্ণ ডেকাই ইমান সহজ সহজ কবিতা লিখিব পাৰে, খিৰিকীখনত নিলিখিবা আৰু লকডাউনৰ কবিতা পুথিখনৰ উদাহৰণলৈকে আঙুলিয়াব পাৰোঁ৷
সিদ্ধাৰ্থ শংকৰ কলিতাই আকৌ কয় পাণিনী কি ব’ৰ্ডখনৰ প্ৰসংগ, হৰেকৃষ্ণ ডেকাই নীলমণি ফুকনৰ দৰে নিজৰ প্ৰতীক গ্ৰহণ কৰে × ফুকনীয়া প্ৰসংগ, অৰিন্দম বৰকটকীয়ে অনুষ্ঠানত গুৰুত্বপূৰ্ণকৈ কোৱা হৰেকৃষ্ণ ডেকা কবি গল্পকাৰ নহয়, কবিও গল্পকাৰ তেওঁ সকলোতে সফল, যিটো নৱকান্ত বৰুৱাই কৰিছিল বুলি উল্লেখ কৰি অনুষ্ঠানটোত হৰেকৃষ্ণ ডেকাৰ খিৰিকীখনত নিলিখিবা আৰু লকডাউনৰ কবিতা অন্তৰ্ভূক্ত ঘৰচীয়া হাঁহ কবিতাটি পাঠ কৰে৷
অলকা মহন্তই হৰেকৃষ্ণ ডেকাৰ কবিসত্তাৰ দিশৰ তথ্যখিনিয়ে সমৃদ্ধ কৰিছে৷ সৃজনীশীল হৈ থাকক ছাৰৰ কবিসত্তা৷ কবিগৰাকীয়ে বিশিষ্ট কবি হৰেকৃষ্ণ ডেকালৈ আজি পুৱা ফোন কৰি তেওঁৰ ৰচিত মালৈ শীৰ্ষক কবিতা পাঠৰ কথা উল্লেখ কৰে৷ ছাৰৰ হাঁহিমুখীয়া আৰু অত্যন্ত ভালপোৱাৰ দিশ কবিগৰাকীয়ে কবিতাটি পাঠ কৰাৰ শেষত স্পষ্ট কৰে৷
ধন দাসে অনুষ্ঠানটিত ধন দাসে আকৌ বৰষুণ শীৰ্ষক কবিতাটি পাঠ কৰে আৰু সকলোকে ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰে৷
অনিন্দিতা বাৎসায়য়নে পৃথিৱীৰ টান কথাবোৰ সহজকৈ লিখাটো কেৱল অভ্যাসেই নহয় ই সাহসো৷ কাৰণ নতুন প্ৰজন্মৰ আমিবোৰে এতিয়া কবিতাক ওৰণি কৰি সত্য আধা ঢাকি জ্ব আধা মুকলি কৰি দিওঁ৷ হৰেকৃষ্ণ ডেকাৰ কিমান শীৰ্ষক কবিতাটি পাঠ কৰে৷
জুনু বৰগোঁহায়ে পৰুৱা কবিতা অধ্যয়ন গোটৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিৰ পৰা বহু উপকৃত হোৱা বুলি উল্লেখ কৰে৷ হৰেকৃষ্ণ ডেকাৰ খিৰিকীখনত নিলিখিবা আৰু লকডাউনৰ কবিতা অন্তৰ্গত ‘এখন কিতাপ’ শীৰ্ষক কবিতাটি পাঠ কৰে৷
কবি টম মেদকে হৰেকৃষ্ণ ডেকাই সামাজিক মাধ্যম ফেচবুকত কবিতা লিখাই নহয় নতুন কবিক প্ৰতিনিধিত্ব কৰাৰ দিশ সম্পৰ্কে উল্লেখ কৰে৷ লগতে হৰেকৃষ্ণ ডেকাৰ খিৰিকীখনত নিলিখিবা আৰু লকডাউনৰ কবিতাখিনি পুনৰ প্ৰকাশ দিহা সম্পক¹য় প্ৰসংগত সিদ্ধাৰ্থ শংকৰ কলিতাৰ প্ৰস্তাৱটোক সমৰ্থন জনাই৷
বিশিষ্ট ব্যক্তি কবিতা পাঠৰ কবিসকলৰ লগতে অনুষ্ঠানটিত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতে এনেকুৱা অনুষ্ঠান আয়োজন কৰা হ’ব বুলি কবি ফাৰহান জাৱেদে অনুষ্ঠানটিৰ শলাগ জ্ঞাপন কৰি সামৰণি মাৰে৷
ৰাজেন দাস, বেলগুৰি গাঁও,২৫জুলাই,২০২৩
© C
Comments
Post a Comment